স্মৃতিৰেখা দেৱী
‘পম্পী,
এই বাচনকেইটা বায়েৰে নোচোৱে। তই নি বাহিৰতে ধুই-পখালিহে ভিতৰত থ’বিগৈ।’
ঘৰৰ
সহায়িকা ছোৱালীজনীক আইতাকে কোৱা কথাষাৰ শুনি ৰিকুৰ বৰ খং উঠিল। সি ডাঙৰ
হৈছে।আইতাকৰ এনে কথাবোৰে অষ্টম শ্ৰেণীত পঢ়া ৰিকুক খুব দুখ দিয়ে। মানুহৰ আগত,
বিশেষকৈ লগৰ লৰাৰ আগত সি খুব অস্বস্তিত পৰে, লাজ পায় সি। আজিৰ যুগতো যে আইতাজনীয়ে
কেনে ধাৰণা কিছুমান লৈ আছে!
আইতাকৰ
এনে কথা কিছুমান সি হজম কৰিব নোৱাৰে।এই মুহূৰ্ততো সি কম লাজত পৰিলনে! ইমান দিনৰ
মূৰত সিহঁতৰ ঘৰলৈ অহা তাৰ লগৰ ল’ৰাকেইটাক তাৰ মাকেই ভাত খাই যাবলৈ কৈছিল। মহা
আনন্দৰে খেলা-ধূলা কৰি নানা কথা-বতৰা পাতি আটাইকেইটাই ভাত খাবলৈ বহিছিল।আইতাকে
বাৰে বাৰে তাৰ লগৰীয়াহঁতৰ নাম-উপাধি সুধিছিল। ৰিকুৱে তেতিয়াই ধাৰণা কৰিছিল যে সি
সহিবলৈ টান পোৱা ধৰণৰ কিবা এষাৰ আইতাকে ক’ব।
কাৰণ
আইতাকৰ স্বভাৱটো ইতিমধ্যে সি বুজি উঠিছে। মানুহৰ জাত-পাতক লৈ আইতাকৰ ধাৰণা বা
মতামতক সি কেতিয়াও সমৰ্থন নকৰে। স্কুলৰ শিক্ষকৰপৰা, দেউতাকৰপৰা বা নানান
কিতাপ-পত্ৰ পঢ়ি সি বুজি উঠিছে যে, মানুহৰ জাত-পাত বোলা ধাৰণাবোৰ আচলতে একেবাৰে
অমূলক। এইবোৰ কিছুমান সুবিধাবাদী মানুহে নিজৰ সুবিধাৰ কাৰণে জন্ম দিয়া ধাৰণাহে।
আমবাৰী
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ক্লাছ এইটৰ ছাত্ৰ ৰিকু। পঢ়া-শুনা, খেলা-ধূলা সকলো
বিষয়তে স্কুলখনৰ ভিতৰতে আগ বঢ়া ৰিকুক সকলোৱে ভাল পায়। কিন্তু কেৱল আইতাকৰ কাৰণেই
লগৰ ল’ৰা-ছোৱালীক নিজৰ ঘৰলৈ আনিবলৈ টান পায় ৰিকুৱে। ঘৰত কাম কৰা পম্পী নামৰ
বায়েকজনীকে আইতাকে কিমান বেয়া ব্যৱহাৰ কৰা দেখিছে সি, কথায় কথায় তলখাপৰ মানুহ,
নীহকুলীয়া মানুহ আদি শব্দৰে সদায়ে তেওঁ তাইক ককৰ্থনা কৰি আহিছে।
ৰিকুহঁতৰ
ঘৰত পম্পীৰ কেইবা বছৰো হ’লহি।ৰিকুতকৈ
তাই ছয়-সাত বছৰমানৰ ডাঙৰ হ’ব। সেয়ে
সি তাইক পম্পীবা বুলিয়ে মাতে।কেৱল মতাই নহয়, তাইক সি নিজৰ বায়েক বুলিয়ে জ্ঞান
কৰে।পম্পীহঁতৰ উপাধি কুৰ্মী। ৰিকুৰ মাত-দেউতাকক মা-দেউতা আৰু আইতাকক আইতা বুলিয়ে
জ্ঞান কৰা পম্পীক কিন্তু আইতাকে আজিলৈকে আপোন কৰি ল’ব পৰা নাই।পাকঘৰত
আজিলৈকে পম্পীৰ প্ৰৱেশ ঘটা নাই কেৱল আইতাকৰ বাধা-নিষেধৰ বাবেই। তাই দিয়া পানী
এগিলাছো নাখায় আইতাকে। ৰিকুৱে আইতাকক সদায়ে বুজায়- জাত-পাত বুলি মানুহৰ সমাজত একো
বিচাৰ থাকিব নালাগে। কিন্তু সদায়ে আইতাকে একেটা ভেকাহিকে মাৰে – ‘থ থ। মোক তই একো শিকাব নালাগে।’
আজিও লগৰ
ল’ৰাকেইটা ঘৰলৈ যোৱাৰ পাছত ৰিকুৱে আইতাকক কলে-
: ‘আইতা,
আজিৰ এই একৈছ শতিকাত উচ্চজাত-নিম্নজাত আদি কথাবোৰ নক’বাচোন।তুমি মোৰ লগৰ লৰাকেইটাৰ আগত তেনেকৈ ক’ব লাগিছিল জানো? মই
কিন্তু বৰ লাজ পাইছোঁ।’
: ‘থ থ হেৰ।
অতবছৰে এনেকৈয়ে চলি আহিছোঁ। মোক তই বুজাবলৈ নাহিবি। ওঁঠ চেপিলে গাখীৰ ওলোৱা লৰা হৈ
মোকহে শিকাৱ তই! চাওঁ,
অঁতৰ হ। মোৰ শুবৰ হ’ল।’
: ‘ৰ’বাচোন আইতা, আমাৰ পম্পীবাকে চোৱাঁচোন। মোৰ বা তোমাৰ লগতনো তাইৰ কি
পাথৰ্ক্য আছে? আমি
দেখাত, প্ৰকৃতিত একেই নহওঁ জানো? ... তুমি তাইকো যে...
ৰিকুক
একো ক’বলৈ নিদি আইতাকে কৈ উঠিল-
: ‘তই মোক
কথা শিকাবলৈ নাহিবি। কালিৰ লৰা তই। যুগ সলনি হল বুলিয়েই আমি সাতাম পুৰুষীয়া
নীতি-নিয়মবোৰ সলনি কৰিব নোৱাৰোঁ!’
কথাষাৰ
কৈয়ে তেওঁ ৰিকুৰ ওচৰৰপৰা আঁতিৰ গল। আইতাকক কথাবোৰ কেনেকৈ বুজাব পৰা যায় ৰিকুৱে
ভাবিব ধৰিলে। কথাবোৰ সি দেউতাকৰ লগতো আলোচনা কৰিছিল কিন্তু সি একো সমাধান পোৱা
নাই। কাৰণ ইমান বছৰে দেউতাকেও একেটা যত্নকে কৰি কৰিও সুফল লাভ কৰা নাই। অসুখীয়া
মাকেতো আইতাকৰ সৈতে একো কথাকে নাপাতে। আচলতে ৰিকুৰ মাকে আইতাকৰ স্বভাৱৰ কাৰণে
কেইবা বাৰো অপদস্থ হৈ থৈছে। সেয়ে তেওঁ প্ৰায়ে আইতাকৰ কথাত নোসোমায়।
...
যোৱা
কেইদিনমানৰপৰা ৰিকুৰ মাকৰ গাটো অলপ বেছিকৈয়ে বেয়া। প্ৰায় বিছনাতে আছে। দেউতাক দিনৰ
দিনটো অফিচতে থাকে। ঘৰ পাওঁতে ৰাতিয়ে হয়। স্কুল বন্ধ কাৰণে ৰিকুৱে অৱশ্যে মাকৰ যতন
ল’ব পাৰিছে। মাকক ইটো সিটো কৰি দিবলৈ পালে সি খুব
আনন্দ পায়। অৱশ্যে ঘৰৰ প্ৰায়খিনি কাম পম্পীয়েই চম্ভালি লয়।অৱশ্যে এই কেইদিন ৰিকুৰ মাকৰ
অসুস্থতাৰ কাৰণে পাকঘৰৰ ৰন্ধা-বঢ়াখিনি আইতাকেই কৰিছে।
...
ৰিকুৰ
ফেনকলটো পাই দেউতাক ততাতৈয়াকৈ ঘৰ পালেহি। সি বাৰান্দাতে ৰৈ আছিল।
: ‘দেউতা,
আইতাক ড্ৰয়িং ৰূমৰ বিছনাখনতে শুৱাই থৈছোঁ। পাকঘৰৰ মজিয়াত পানী পৰি আছিল, তাতে পিছল
খালে। ভাগ্য ভাল যে পম্পীবা পাকঘৰৰ দুৱাৰ মুখতে আছিল। তাই লগে লগে ভিতৰ সোমাই গৈ
পিছফালৰপৰা ধৰিলেগৈ কাৰণেহে গেছৰ শ্লেবখনত আইতাৰ মূৰটো নালাগিলগৈ।’
ৰিকুৰ
দেউতাক আইতাকৰ ওচৰ চাপি গ’ল। তেওঁ সেহাই
সেহাই ক’লে- ‘বৰ
বিষাইছে অ’...কঁকালটোৰ
লগতে সোঁহাতখনত বৰ বেয়াকৈ দুখ পালোঁ।’
: ‘ইছ্
আইতা, ইমান ডাঙৰ মানুহে কান্দে নেকি। মই ডাক্টৰ খুৰালৈ ফোন কৰিলোঁৱেই। তুমি চিন্তা
নকৰিবা।’ ৰিকুৱে
ডাঙৰ মানুহৰ নিচিনাকৈ আইতাকক কথা কোৱা শুনি দেউতাকে হাঁহিলে।
অলপ
পাছতে ডাক্তৰ আহিল। আইতাকক পৰীক্ষা কৰি ডাক্টৰজনে এটা বেজী দি ক’লে-‘কমেও
তিনিমাহ বেডৰে’ষ্ট ল’ব লাগিব।’
ডাক্টৰৰ
কথা শুনি ৰিকুৰ আইতাকৰ মুখখন তেনেই ক’লা পৰিল।
বোৱাৰীয়েক বিছনাত পৰি আছে। এনে অৱস্থাত ঘৰখন কেনেকৈ চলিব, খোৱা-বোৱাৰ যতন কোনে ল’ব আদি কথা নিজকে কৈ কৈ তেওঁ অস্থিৰ হৈ পৰিল। লাহে লাহে তেওঁ টোপনি গ’ল।
ৰিকুৰ
মাততহে সাৰ পালে আইতাকে।
: ‘আইতা,
উঠাঁ উঠাঁ। মেডিচিন খাবৰ হৈছে। কিবা এটা খাই লোৱাঁ।’
: ‘মই বাৰু
বহুত সময় শুলোঁ নেকি, ৰিকু?
ৰন্ধা-বঢ়াৰ কি হৈছে?’ – এই বুলি
তেওঁ বিছনাৰপৰা নামিবলৈ যত্ন কৰি কঁকালটো লৰচৰ কৰিবকে নোৱাৰি চিঞৰি উঠিল।
: ‘তুমি একো
চিন্তা কৰিব নালাগে আইতা। সকলো হৈ আছে। তুমি এতিয়া মুখখন মেলাচোন। এই জলপানখিনি
খাই লোৱাঁ। তুমি এতিয়া দুটা দৰব খাব লাগিব।’
ৰিকুৱে
আইতাকৰ মুখত জলপান এচামোচ সুমুৱাই দিলে।আইতাকে জলপানখিনি মুখত লৈ গিলিবনে নিগিলিব
চিন্তা কৰি কোনোমতে গিলিলে আৰু সুধিলে-
: ‘ৰহচোন,
কোনে বনালে এয়া, তই?’
: ‘ওহোঁ,
পম্পীবায়ে বনাইছে।’ ভয়ে ভয়ে
কথাষাৰ কলে ৰিকুৱে। মনে মনে সি আইতাকে এটা বিস্ফোৰণ ঘটাব বুলি নিজকে সাজু কৰিলে।
ভয়ে ভয়ে আইতাকৰ মুখলৈ চালে সি। নাই... নাইচোন, খং-ৰাগৰ পৰিৱৰ্তে আইতাকে চকুহাল
মুদি কিবা চিন্তা কৰা যেন পালে সি।
: ‘এটা কাম
কৰ, পম্পীক মাতচোন।’
এইবাৰ
ৰিকুৰ অকণমান ভয় লাগিল – পম্পীবাক মাতি আনি এইবাৰ আইতাই কি কথা শুনাব কোনে জানে! তথাপি সি
পম্পীক চিঞৰিলে-
: ‘পম্পীবা,
আইতাই মাতিছে। এইফালে আহাঁ।’
পম্পী
দুৱাৰ মুখতে ৰৈয়ে আছিল। তাই লগে লগে আইতাকৰ বিছনাৰ কাষ পালেহি। অপৰাধীৰ দৰে তাই
তলমুৱা হৈ থিয় দি ৰ’ল।
: ‘কওক,
আইতা।’ ভয়ে ভয়ে পম্পীয়ে মাত দিলে। আইতাকৰ খোৱাবস্তু
স্পৰ্শ কৰাৰ মৰসাহ কৰি যি অপৰাধ কৰিছে তাৰ শাস্তি ভোগ কৰিবলৈ সাজু হ’ল তাই।
: ‘পম্পী, ওচৰলৈ আহ।’ আইতাকৰ কথাৰ সুৰটো শুনি পম্পীৰ লগতে ৰিকুও আচৰিত হ’ল। আইতাকে কৈ গ’ল- ‘দাইল-ভাজিত বৰকৈ মছলা নিদিবি। দেউতাৰেও বেয়া পায়, ময়ো ভাল নাপাওঁ। আৰু ভাতৰ কুকাৰে এটা হুইছেল মাৰিলেই নমাই থ’বি। বুজিছ? যা এতিয়া ৰন্ধা-বঢ়াত লাগগৈ।’
আইতাকৰ
কথা শুনি ৰিকু আৰু পম্পী দুয়ো দুয়োলৈ চালে। পম্পীৰ চকুহাল চলচলীয়া হৈ পৰিল।
লৰালৰিকৈ তাই কোঠাটোৰপৰা ওলাই গ’ল।দুৱাৰমুখতে
ৰিকুৰ দেউতাক ৰৈ আছিল। তেওঁ পম্পীলৈ চাই হাঁহি এটা মাৰিলে। ৰিকুৱে মৰমতে আইতাকক
সাবটি ধৰিলে।
: ‘এৰা অ’। আজি তাইহে মোক বচালে। তাই নোহোৱা হ’লে কি যে
হ’লহেঁতেন ভগৱানেহে জানে।’
: ‘এতিয়া আৰু চিন্তা নাই, আইতা। কাইলৈ তোমাৰ টেষ্ট কেইটামান কৰামগৈ। তাৰ পাছত তুমি ৰেষ্ট ল’বা। লাহে লাহে ভাল পাই যাবা।’ ৰিকুৱে ক’লে আৰু ভাবিলে-
কিছুমান
ঘটনাই বেয়াৰ লগতে ভাল কিবাকিবিও দি যায়। ইমান কঠোৰভাৱে জাত-পাতৰ কথা কৈ থকা আইতাজনীৰ
মনটোক আজিৰ ঘটনাটোৱে তেনেই সলনি কৰি পেলালে।