অন্যযুগ/


অচিন জগতত বাটলু

 

স্মৃতিৰেখা দেৱী


ছবিতে দেখা পাই আৰু কথা পাতি মহাৰাজকে ধৰি আন আন সেউজপুৰীয়াকেইজনৰ এনে লাগিল যেন তেওঁলোকে সঁচাকৈয়েই বাটলুক লগ পালে৷ তেওঁলোকে বাটলুৰ সকলো খবৰেই পালে, কেৱল চুই চাবহে নোৱাৰিলে৷

সেউজপুৰীয়াকেইজনে জোনবাইৰ নিচিনা যন্ত্ৰটোৰ শলাগ ল’লে৷ বাঘসেনা আৰু ঘোং কেইজনেতো কেইবাদিনলৈ অকল সেই উৰণীয়া যন্ত্ৰটো, জোনবাইৰ নিচিনা ছবি ওলোৱা যন্ত্ৰটো আৰু অচিন পৃথিৱীৰ সেই মৰমিয়াল প্ৰাণীকেইজনৰ কথাকে কৈ থাকিল৷ সেউজপুৰৰ ৰাইজেও প্ৰথমে আচৰিত হৈ শুনি থাকি পাছত সেই একেখিনি কথাকে বাৰে বাৰে পাতি থাকিবলৈ ধৰিলে৷

‘হওক তেও, বাটলু মহাশয় ভাল ঠাই এখনতে আছেগৈ৷ তেখেতে তাত নতুন নতুন কথা শিকি আহি পাছত নিশ্চয় আমাকো শিকাবহি৷’

আটায়ে প্ৰায় একেদৰেই ভাবি ভাবি আস্বস্ত হ’ল৷

ইমানৰ পাছতো মহাৰাজ কেশৰী পিছে চিন্তামুক্ত হ’ব নোৱাৰিলে৷ একেটা প্ৰশ্নই তেওঁৰ মগজুত পাকঘূৰণি খাবলৈ ধৰিলে...৷

‘মহাৰাজ, চিন্তা এৰক৷ বাটলু ডাঙৰীয়া সেই অচিন জগতত অতি আনন্দ মনেৰে আছে৷’ –  ঘৰুৱা মেলত মহামন্ত্ৰী বৃকোদৰে কৈ উঠিল৷

‘আপুনি ঠিকেই কৈছে মহামন্ত্ৰী ডাঙৰীয়া৷ কিন্তু এটা কথা যে মই একেবাৰেই বুজি নাপালোঁ৷’

‘কি কথানো মহাৰাজ? মোৰ অনুমান যদি সত্য তেন্তে আপুনি নিশ্চয় বাটলু ডাঙৰীয়াক তেওঁলোকে সেউজপুৰলৈ কিয় ঘূৰাই অনা নাই সেইটোকে ভাবি আছে৷’ – কথাষাৰ কৈ বৃকোদৰে মহাৰাজৰ মুখলৈ চালে৷

‘হয়, হয়৷ আপোনাৰ অনুমান সত্য৷ মই তেওঁলোকক কথাষাৰ সুধিছিলোঁও৷ কিন্তু একো স্পষ্ট উত্তৰ নিদিলে দেখোন৷ অৱশ্যে চিংকা বোলাজনে কিবা এষাৰ ক’ব খুজিছিল কিন্তু হিং বোলাজনে তেওঁক মুখ মেলিবলৈকে নিদি ততাতৈয়াকৈ ক’লে, ‘আমাৰ বাটলু মহাশয়ৰ সৈতে অলপ কাম আছে৷ সেইখিনি কৰা হ’লেই তেখেত আপোনালোকৰ মাজলৈ উভতি আহিব’৷ সেই খুদমান বাটলুটোৱেনো তেওঁলোকৰ সেই আগ বঢ়া পৃথিৱীখনত কি কাম কৰি দিব!’

কথাখিনি কৈ মহাৰাজে এটা দীঘলীয়া হুমুনিয়াহ কাঢ়িলে৷

‘আপুনি মিছাতে চিন্তিত হৈছে মহাৰাজ৷ মই আপোনালোকৰপৰা সেই অচিন জগতৰ প্ৰাণীকেইজনৰ বিষয়ে যিখিনি শুনিছোঁ তাৰপৰাই ধাৰণা কৰিছোঁ যে বাটলু ডাঙৰীয়া তাত মহাসুখত আছে৷ তেখেত শাৰীৰিক তথা মানসিকভাৱে যে সম্পূৰ্ণ সুস্থ সেয়া আপোনালোকে তেখেতৰ লগত কথা পাতি নিজেই গম পাই আহিছে দেখোন৷ মই ভাবিছোঁ, তেখেতে তাত নিশ্চয় শুই-বহি সময় কটোৱা নাই৷ সেই অচিন পৃথিৱীখনত তেখেতে নিশ্চয় বহুতো নতুন নতুন কথা শিকিছে৷ কাৰণ সেইখন পৃথিৱীৰ জীৱসকল আমাৰ ইয়াৰ মানুহতকৈও শ্ৰেষ্ঠ বুলি তেখেতেই আপোনালোকক কৈছেই৷ গতিকে আপুনি এতিয়া আৰু তেখেতৰ বিষয়ে ভাবি মন বেয়া কৰি থকা উচিত নহ’ব মহাৰাজ৷ এতিয়া আপুনি কিছু সময় জিৰণি লওক৷ কাইলৈ বৰতলত এখন গুৰুত্বপূৰ্ণ সভা আছে৷ ময়ো এতিয়া বিদায়হে লৈছোঁ মহাৰাজ৷’

শূঁৰডাল ওপৰলৈ দাঙি মহাৰাজক সম্ভাষণ জনাই মহামন্ত্ৰী আঁতৰি গ’ল৷ কেশৰীয়েও চকুহাল মুদি শুবলৈ যত্ন কৰিলে৷

***

পিতৃতুল্য মহাৰাজ কেশৰীকে ধৰি আটাইকেইজন সেউজপুৰীয়াক লগ পোৱাৰেপৰা সেইখন জগতত বাটলুৰ একেবাৰে মন নবঢ়া হৈছে৷ ঘৈণীয়েকৰ সৈতে সন্তানকেইটালৈ বৰকৈ মনত পৰিবলৈ ধৰিছে বাটলুৰ৷ কিন্তু মনত পৰিলেনো কি হ’ব! যাওঁ বুলিলেইতো ইয়াৰপৰা সি গুচি যাব নোৱাৰে৷

এই পৃথিৱীখনৰ মৰমিয়াল প্ৰাণীসকলক সি গছপুলি ৰোপণ আৰু সংৰক্ষণ সম্পৰ্কত কিছুমান কথা ক’ম বুলি কৈ থৈছে৷ বিষয়টোত সি তেওঁলোকক হাতে-কামে সহায় কৰাৰ প্ৰতিশ্ৰুতিও দি থৈছে৷ এনে অৱস্থাত সি ঘৰলৈ যাওঁগৈ বুলি লৰালৰিখন কৰিব নোৱাৰে৷

অৱশ্যে সি তেওঁলোকক যিমান দূৰলৈ বুলি পাইছে তাৰপৰা সি কিছু অনুমান কৰিছে৷ সি যদি সেউজপুৰলৈ যাবলৈ লৰালৰি কৰে তেন্তে তেওঁলোকে কিজানি লগে লগেই তাক সেউজপুৰত থৈ অহাৰ ব্যৱস্থা কৰি দিব৷ তেওঁলোকে তাক জোৰ কৰি এইখন জগতত ৰাখি থ’ব বুলি সি সপোনতো ভাবিব নোৱাৰে৷ এনে ভদ্ৰলোকসকলক সি বাৰু কোনটো সতেৰে যাওঁগৈ বুলি কয়!

ভাবি থাকিল বাটলুৱে৷

এইখন জগতৰ প্ৰাণীসকলৰপৰা বহু কথাই শিকিবলগীয়া আছে বুলি সি যোৱা দিনকেইটাতে প্ৰমাণ পাইছে৷ এওঁলোকে নিজৰ মাজত কথা-বতৰা পাতোঁতে ব্যৱহাৰ কৰা ভাষাটোৰ উপৰি আন আন অনেক ভাষা মুহূৰ্তৰ ভিতৰতে শিকি ল’ব পাৰে৷ ইপ্পিয়ে সিদিনা কথা প্ৰসঙ্গত তাক কৈছিল, ‘তোমালোকৰ পৃথিৱীত বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তা বুলি এক ধৰণৰ আভাসী আন্দোলন আৰম্ভ হৈছে৷ আমাৰ ইয়াত সেইটো প্ৰায় চাৰিশ বছৰ পুৰণি৷ অৱশ্যে তাৰ পাছত আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশৰ ক্ষেত্ৰত আমাৰ গৱেষণা বন্ধ কৰি ৰাখিছোঁ৷ কাৰণ যোৱা প্ৰায় চাৰিটা শতিকা আমি আমাৰ পাৰিপাশ্বিৰ্কতাৰ পুনৰুত্থানৰ বাবে মৰণ পণে যত্ন কৰিবলগীয়া হৈছে৷’

পৃথিৱীত মানুহে এতিয়া কৰা কাম এওঁলোকে চাৰিশ বছৰৰো আগতেই কৰিছিল! আচৰিত!

এই যে মুহূৰ্তৰ ভিতৰতে আনৰ মুখৰ ভাষা এটা বুজি পোৱাৰ কৌশলটো, ই বাৰু কম মজাৰ কথানে? ভাবিলে বাটলুৱে৷ সঁচাকৈয়ে এইখন জগতৰ বাসিন্দাসকলৰ চিন্তা আৰু তেওঁলোকে বিকশিত কৰা তথ্য-প্ৰযুক্তি অতুলনীয়৷ ইয়াত গাড়ী চলিবলৈ ৰাস্তা নালাগে৷ ইয়াত কোনোখন গাড়ীতে ইন্ধন ভৰোৱাও সি দেখা নাই৷ ইমান বেছি গৰম ইয়াত, তথাপি সকলোৱে সেই গৰম সহ্য কৰিব পাৰে৷ সি লাহে লাহে স্থিৰ কৰি পেলাইছে, সি এইখন পৃথিৱীৰ ভালৰো ভাল কথাবোৰ শিকি ল’বই লাগিব৷ সেইখিনি শিকি গৈ সেই জ্ঞানেৰে সেউজপুৰক নতুনকৈ গঢ় দিব নোৱাৰিলে তাৰ এই পৃথক জগত ভ্ৰমণ তেনেই অৰ্থহীন হ’ব৷

‘বাটলু মহাশয়, কিনো চিন্তা কৰি আছে? মই যে আপোনাৰদুৱাৰ মুখতে ইমান সময় ধৰি থিয় হৈ আছোঁ আপুনি গমকে পোৱা নাই৷’– হঠাতে হিঙৰ মাত শুনি বাটলু উচপ খাই উঠিল৷ নিজকে কোনোমতে স্বাভাৱিক কৰিবলৈ যত্ন কৰি সি ব্যস্তভাৱে কৈ উঠিল–

‘আহক আহক, হিং ডাঙৰীয়া৷ মই এনেয়েহে কিবাকিবি ভাবি আছিলোঁ৷ মিছা নকওঁ, আপুনি অহা মই গমকে পোৱা নাছিলাঁ৷’

‘নিশ্চয়, নিশ্চয়৷ নিজৰ ঠাইখন, নিজৰ প্ৰাণীসকলৰ কথা ভাবি নিশ্চয় আপুনি কিছু ভাবুক হৈ পৰিছে৷ ই স্বাভাৱিকো৷ আমি লক্ষ্য কৰিছোঁ, নিজৰ ঠাইখন আৰু তাৰ বাসিন্দাসকলৰ কথা ভাবিলেই আপোনাৰ মুখখনত কিবা এটা আৱেগ ফুটি উঠে৷ সেই আৱেগেই এইমাত্ৰ আপোনাৰ মুখত দেখা পাইছিলোঁ৷ আৰু বিশ্বাস কৰক মহাশয়, আপোনাক এইটো ৰূপত চাই মোৰ খুব ভাল লাগিছিল৷’

‘কিনো কয় আপুনি!’ বাটলুৱে সহজ হ’বলৈ যত্ন কৰিলে৷

‘সঁচাকৈ মহাশয়, আপোনালোকৰ পৃথিৱীখন খুব ধুনীয়া৷ সেউজপুৰখন যে পৃথিৱীখনৰ ভিতৰতে ধুনীয়া ঠাই৷ গছে-বনে, ফুলে-ফলে একেবাৰে জাতিষ্কাৰ আপোনালোকৰ ৰাজ্যখনৰ  আৱাসীসকলো খুব উদাৰ আৰু মৰমিয়াল৷ মহাৰাজ কেশৰীক লগপোৱাৰ দিনটো ধৰিলে মই তালৈ মুঠতে চাৰিবাৰ গৈছোঁ৷ মোৰ এনে লাগে, যেন সেউজপুৰতে চিৰদিনৰ বাবে থাকি যাম! কিন্তু আমাৰ গ্ৰিনা, মানে এই যে মৰমৰ ঘৰখন, এইখনৰ মোহে বাৰে বাৰে আমাক ইয়ালৈ ওভতাই আনে৷’

‘গ্ৰিনা, মানে?’

‘মানে আমাৰ এই জগতখনৰ নাম৷ এতিয়া অৱশ্যে গ্ৰিনাত গ্ৰিনৰ নাম-গোন্ধেই নোহোৱা হ’ল৷ কি যে দিন আছিল!’ – এটা হুমুনিয়াহ কাঢ়ি ৰৈ গ’ল হিং৷

বাটলুৱে হিঙৰ মুখমণ্ডলত ফুটি উঠা দুখ আৰু হতাশাৰ ভাব লক্ষ্য কৰি ক’লে–

‘দুখ নকৰিব ডাঙৰীয়া৷ ভাল আৰু বেয়া দিন সকলোৰে জীৱনত থাকেই৷ সদায়ে ভাল দিন বা সদায়ে বেয়া দিন নাথাকে৷ এই কেইদিনতে মই বুজি পাইছোঁ যে আপোনালোকৰ এই গ্ৰিনাত খুব ডাঙৰ অথন্তৰ এটা ঘটি গৈছে৷ সেইটো নিশ্চয় কিবা ডাঙৰ দুৰ্ঘটনা আছিল৷ কিন্তু কি হৈছিল বেয়া নাপায় যদি মোক বুজাই কওকচোন৷’

‘ওঁ!’ – হিঙে আকৌ এটা হুমুনিয়াহ কাঢ়িলে আৰু ক’বলৈ আৰম্ভ কৰিলে–

‘শুনক৷ কেইবাশ বছৰৰো আগৰ কথা৷ মই তেতিয়া জন্মই হোৱা নাছিলোঁ৷ মোৰ দেউতা তেতিয়া আছিল পানীকেঁচুৱা৷’

‘ৰ’বচোন ৰ’ব৷ আপোনাৰ বয়স?’

‘মোৰ এতিয়া এশ নব্বৈ বছৰ হওঁ হওঁ৷’

‘ইম্মান বয়স? আপোনালোকৰ জীৱন কিমান বছৰীয়া? মানে গড় হিচাপত?’

‘প্ৰায় তিনিশ বছৰ৷ অৱশ্যে আপোনালোকৰ পৃথিৱীৰ হিচাপতহে কৈছোঁ৷ আমাৰ হিচাপ মতে প্ৰায় দেৰশ বছৰ৷’

(আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ