অন্যযুগ/


বতৰৰ বতৰা

 নৱনীতা ভট্টাচাৰ্য্য

খণ্ড-৩

 

আজি কিছুদিন ধৰি নেৰানেপেৰা বৰষুণ দি আছে৷ কোনোফালে ওলাই যাব নোৱাৰা অৱস্থা৷ অহৰহ পানী পৰি থকা বাবে ঠাইবোৰ পিছলো হৈ গৈছে৷ কিমানদিন যে হ’ল সূৰ্যৰ মুখ দেখাই নাই৷ কেতিয়াবা অকণ বৰষুণ কমিলেও কিছু সময়ৰ পাছতে পুনৰ হুৰহুৰকৈ আকৌ বৰষুণ আহে৷  ঘৰৰ মজিয়াবোৰো সেমেকি পৰা যেন লাগিছে৷ এনেকুৱা বতৰত ঘৰত সোমাই থকাৰ বাহিৰে আকৌ কৰিবলৈ একোৱেই নাথাকে৷ ৰিণিৰো ঘৰত সোমাই থাকি বৰ আমনি লাগিছে৷ কিমান আৰু বিছনাতে বহি বহি খেলিব! তাতে আজি দেওবাৰ৷ পেটে পেটে তাইৰ বৰ খং উঠিল৷ আকাশলৈ চাই সূৰ্যটোক ওলাই আহিবলৈ কিমান যে অনুৰোধ কৰিলে৷ নাই দুপৰীয়া হ’বৰে হ’ল, কিন্তু বতৰ মুকলি নহ’ল৷ 

কথাবোৰ ভাবি ভাবি সেমেকা মনটোৰে তাই মনে মনে বহি থাকিল৷ ৰিণিক তেনেকৈ মনমাৰি বহি থকা দেখি মাকে ক’লে, “আজি আমাৰ চিটপখিলীজনী উৰি ফুৰা নাই যে!”

মাকক দেখি ৰিণিৰ মনটো ভাল লাগি গ’ল৷ তাই দৌৰি আহি মাকক সাবটি ধৰি ক’লে, “মা, বৰষুণে পখিলীজনীৰ পাখিদুখন বান্ধি ৰাখিছে যে, এতিয়া তাই কেনেকৈ উৰিব!”

ৰিণিৰ সুন্দৰ কিন্তু অভিযোগসূচক উত্তৰ শুনি মাকে ক’লে, “কেতিয়াবা ৰ’দ দিলে কেতিয়াবা বৰষুণতো দিবই! সেইবাবেইতো এইটো ঋতুৰ নাম বৰ্ষা৷ সেইবুলি তুমি মন মাৰি বহি থাকিবানে? খেলিব নোৱাৰিলেও সাধুকথা শুনিতো আনন্দ পাব পাৰোঁ৷ ”

মাকৰ প্রস্তাৱ শুনি ৰিণিৰ মনটো আনন্দৰে ভৰি পৰিল৷ সাধু শুনাতকৈ আৰু আনন্দৰ কাম কি আছে? সেইবাবে তাই মাকৰ ওচৰতে বহি সুধিলে, “মা, আজি কোনটো সাধু ক’বা৷ ”

“আজি বৰষুণ কেনেকৈ হয়, ই আমাৰ বাবে প্ৰয়োজনীয় হয় নে নহয় তাকে কওঁ শুনা।” ৰিণিয়ে মাকৰ কথাটো শুনি বৰ ভাল পালে৷ ৰিণিৰ সঁহাৰি পাই মাকে ক’বলৈ আৰম্ভ কৰিলে-

“দিনৰ ভাগত সূৰ্যৰ তাপত পৃথিৱীৰ নদ-নদী, সাগৰ, হ্ৰদ আদিৰ পানী গৰম হৈ বাষ্প হয়৷ এই বাষ্পক জলীয় ভাপ বোলা হয়৷ এই ভাপবোৰ বায়ুৰ লগত ওপৰলৈ উৰি যায়৷ বায়ুমণ্ডলৰ ওপৰভাগ শীতল হোৱা বাবে এই জলীয় বাষ্পবোৰ ওপৰলৈ উৰি যোৱাৰ লগে লগে চেঁচা হ’বলৈ ধৰে৷ চেঁচা হোৱাৰ লগে লগে ই পুনৰ পানীৰ ৰূপ লয়৷ পানীৰ এই পাতল কণিকাবোৰ আকাশত ভাহি ফুৰে৷ এই কণিকাবোৰৰ সমষ্টিয়ে হ’ল মেঘ বা ডাৱৰ৷ ডাৱৰৰ এই কণিকাবোৰত আকৌ তলৰপৰা উৰি যোৱা পানীৰ বাষ্প লগ লাগিলে ইয়াৰ আকাৰ বাঢ়ি যায়৷ ফলত কণিকাবোৰ ডাঙৰ হৈ পানীৰ টোপাল হৈ পৰে৷ পানীৰ টোপালবোৰ গধুৰ হৈ গ’লে আকাশত থাকিব নোৱাৰা হৈ পৰে৷ তেতিয়াই সেইবোৰ তললৈ সৰি পৰে৷ ইয়াকে আমি বৰষুণ বুলি কওঁ৷ এই বৰষুণৰ পানী আকৌ মাটিৰ ভিতৰলৈ সোমাই গৈ জলপ্ৰৱাহৰূপে সাগৰ-মহাসাগৰত পৰেগৈ৷ এই পানী আকৌ সূৰ্যৰ তাপত গৰম হৈ আকাশলৈ উৰি যায়৷ এনেদৰে নিৰৱচ্ছিন্নভাৱে এই প্ৰক্ৰিয়া চলি থাকে৷ জলচক্ৰৰ এই পক্ৰিয়াটো চলি থকা বাবেই পৃথিৱীত জীৱ-জন্তু জীয়াই আছে৷ কিয়নো জলচক্ৰৰ বাবেই জীৱ-জন্তু, গছ-গছনি আদিয়ে প্রয়োজনীয় উপাদানসমূহ সমপৰিমাণত পাই আছে৷ ”

মাকৰ বিৱৰণ শুনি ৰিণিৰ মুখত হাঁহি বিৰিঙি উঠিল৷ তাই মাকক উদ্দেশ্যি ক’লে, “বৰষুণ সৃষ্টিৰ প্ৰক্ৰিয়াটো কিমান সুন্দৰ নহয়নে মা!”

ৰিণিৰ কথাত হয়ভৰ দি মাকে, ক’লে, “প্রকৃতিৰ প্ৰতিটো পৰিঘটনাই সুন্দৰ৷ এতিয়া তুমি বৰষুণ কাক কয় বুজি পাইছা নিশ্চয়৷ ডাৱৰৰ মাজৰ পানীৰ ক্ষুদ্ৰ টোপালবোৰ আহি ভূপৃষ্ঠত পৰাকে অধোক্ষেপণ বা বৰষুণ বুলি কোৱা হয়৷ বৰষুণ আকৌ বিভিন্ন প্ৰকাৰৰ আছে৷ কিছুমান বৰষুণ অকল পানীৰে গঠিত হয়৷ এই বৰষুণসমূহ হৈছে কিনকিনিয়া বৰষুণ, সাধাৰণ বৰষুণ, দোপালপিটা বৰষুণ ইত্যাদি৷ কিনকিনিয়া বৰষুণত প্ৰতি একক আয়তনত পানীৰ টোপালৰ সংখ্যা বহুত থাকে৷ নিয়মিত বৰষুণত টোপালৰ সংখ্যা কম থাকে৷ ডবাপিটা বৰষুণত তাতোকৈও কম থাকে৷  কেতিয়াবা বৰষুণৰ লগত বৰফত টুকুৰাও পৰে৷ ইয়াক শিলাবৃষ্টি বোলা হয়

মাকৰ কথা শুনি ৰিণিৰ মনটো কৌতূহলেৰে ভৰি পৰিল৷ বৰষুণ দিয়াটো যে এটা ইমান আকৰ্ষণীয় প্ৰক্ৰিয়া হ’ব তাই ভবাই নাছিল৷ বৰষুণৰ বিষয়ে তাইৰ আৰু অলপ জানিবলৈ মন গ’ল৷ সেইবাবে মাকক বৰষুণৰ বিষয়ে আৰু অলপ ক’বলৈ অনুৰোধ কৰিলে৷ তাইৰ অনুৰোধ ৰক্ষা কৰি মাকে ক’লে,

 মাধ্যাকৰ্ষণ শক্তিৰ বলত ডাৱৰত ভাহি ফুৰা পানীৰ ক্ষুদ্ৰ টোপালবোৰ পৃথিৱীলৈ নামি আহে৷ যেতিয়ালৈ ইহঁতৰ নিম্নগামী গতিবেগ বতাহৰ উৰ্ধমুখী গতিবেগতকৈ কম হৈ থাকে তেতিয়ালৈকে ইহঁত আকাশত ওপঙি থাকে৷ একীভৱন প্ৰক্ৰিয়াৰ ফলত ডাৱৰৰ মাজত সৰু সৰু পানীৰ টোপালৰ সৃষ্টি হয়৷ ইয়াৰ আকাৰ ডাঙৰ হ’লে তললৈ নামি আহে৷ শুকান বতৰত প্ৰথম অৱস্থাত বৰষুণৰ টোপালবোৰ আমাৰ ওচৰ পোৱাৰ আগতেই বাষ্প হৈ উৰি যাবও পাৰে, ফলত পানীৰ কণিকাবোৰ পৃথিৱীলৈ নামি আহিলেও পৃথিৱীত বৰষুণ নহয়৷ পানীৰ টোপালসমূহ তললৈ নামি আহিবলৈ দুটা বিশেষ প্ৰক্ৰিয়াৰ প্ৰয়োজন হয়৷ যেতিয়া ডাৱৰৰ উষ্ণতা শূন্য ডিগ্ৰী ছেলছিয়াছতকৈ কম হয়, তেতিয়া ডাৱৰৰ অতি শীতল অংশত বৰফৰ দানাৰ সৃষ্টি হয়৷ এই বৰফবোৰে পানীৰ কণিকাবোৰৰ পৰা ক্ষিপ্ৰগতিত জলীয় বাষ্প আহৰণ কৰিবলৈ ধৰে৷ ফলত ইয়াৰ আকাৰ বাঢ়ি যায়৷ অতি শীতল হৈ পৰা টোপালৰ ওপৰ ভাগত বৰফৰ খোলা একোটাৰ সৃষ্টি হয়৷ এই খোলাবোৰ এটা সময়ত ভাগি সিচঁৰতি হৈ পৰে৷ বৰফৰ দানাবোৰ তললৈ নামি আহোঁতে গলিবলৈ ধৰে আৰু পানীৰ টোপাল হয়৷ এই পানীৰ টোপালবোৰ ইটো-সিটোৰ লগত লগলাগি ডাঙৰ হৈ পৰে অৰু অৱশেষত পৃথিৱীলৈ নামি আহে৷ উষ্ণতাৰ মাত্ৰা যদি কম থাকে তেতিয়া তুষাৰপাত হয়৷ ইয়াকে শীতল বৰষুণ প্ৰক্ৰিয়া বোলা হয়৷ কেতিয়াবা আকৌ অধিক উচ্চতাত থকা ডাৱৰ অতি শীতল অৱস্থা পাবগৈ নোৱাৰে৷ শূন্য ডিগ্ৰী চেলছিয়াচতকৈ অধিক উষ্ণতাত থাকিলেও বৰষুণ হ’ব পাৰে৷ ইয়াকে উষ্ণ বৰষুণ বোলে৷

তুমি বিজুলী আৰু গাজনিৰ সৈতে বৰষুণ অহা দেখিছা নহয়৷ যেতিয়া ডাৱৰত পৰ্যাপ্ত পৰিমাণৰ জলীয় বাষ্প জমা হয় আৰু বায়ুমণ্ডল অস্থিৰ হৈ পৰে তেতিয়া গাজনি-ঢেৰেকণিৰে সৈতে ধুমুহা আহে৷ গাজনি ধুমুহা অতিশয় ধ্বংসকাৰী হয়৷ কেতিয়াবা বজ্ৰপাত পৰি মানুহৰ মৃত্যুও হয়৷ যেতিয়া ডাৱৰৰ ওপৰভাগৰ শীতল অংশত উৰ্ধ্বগামী জলীয় বাষ্পৰ আগমন হয়

তেতিয়া অতি শীতল পানীৰ সৰু সৰু টোপালবোৰ বৰফত পৰিণত হয়৷ উৰ্ধ্বগামী বায়ুপ্রৱাহৰ শক্তি কমি আহিলে এই বৰফশিলা ওপৰত ওপঙাই ৰাখিব নোৱৰা হয়৷ তেতিয়া ই ধুমুহাৰ লগত প্ৰচণ্ড গতিৰে তললৈ নামি আহে৷ ইয়াকে শিলাবৃষ্টি বোলে৷ শিলাবৃষ্টিয়ে খেতি-বাতি নষ্ট কৰি মানুহৰ অনিষ্ট সাধন কৰে৷

 বায়ুমণ্ডলৰ আটাইতকৈ ধংসকাৰী পৰিঘটনা হৈছে টৰ্ণেড’৷  টৰ্ণেড’ৰ সময়ত গাজনি এটা চুপিৰ ৰূপত তললৈ নামি আহে৷ ইয়াৰ গতিবেগ বহুত বেছি৷ সেই সময়ত হাতীৰ শূঁৰৰ দৰে লগা চুপিৰ আকৃতিৰ ঘূৰ্ণীয় বতাহৰ আৱৰ্ত বা চক্র একোটা পৃথিৱীলৈ নামি আহে৷ কেতিয়াবা একেলগে কেবাটাও একে ধৰণৰ চক্ৰৰ সৃষ্টি হয়৷ ই তীব্ৰ গতিৰে আগ বাঢ়োঁতে ইয়াৰ চুপিটোৰ আগটো কেবাবাৰো উঠা-নমা কৰে৷ ফলত কিছুমান ঠাইত বিস্তৰ ক্ষতি সাধন হয় আৰু কিছুমান ঠাইত ক্ষয়-ক্ষতি নোহোৱাকৈ থাকে৷ আমাৰ বহাগ মাহত অহা বৰদৈচিলা টৰ্ণেড’ৰ দৰে প্ৰৱল হয়৷ এটা কথা মনত ৰাখিবা টৰ্ণেড’ ঘূৰ্ণী বতাহৰ দৰে একে নহয়৷ কিয়নো ঘূৰ্ণী বতাহ বহুত দিন ধৰি চলি থাকে আৰু ই বিস্তৰ এলেকাত প্রভাৱ পেলায়৷ কিন্তু টৰ্ণেড’ হৈছে ক্ষণস্থায়ী আৰু ই সৰু এলেকাত ক্ষয়-ক্ষতি কৰে৷

মাকৰ কথা শুনি গোমা বতৰতো ৰিণিৰ মনটো উজলি উঠিল৷ তাকে দেখি মাকৰ মনটোও ভাল লাগি গ’ল৷

 

ঠিকনা :

নৱনীতা ভট্টাচাৰ্য্য,

বি, এন শইকীয়া পথ,

বেলতলা তিনিআলি৷

গুৱাহাটী-২৮

ভ্ৰাম্যভাষ : ৯৮৬৪২৩৩৩৫০

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ