অন্যযুগ/


বতৰৰ বতৰা

 নৱনীতা ভট্টাচাৰ্য্য

(২)

 

কেইদিনমানৰ পৰা ৰিণিক এটা চিন্তাই বৰকৈ আমনি কৰি আছে৷ চিন্তাটো হ’ল আমাৰ পৰিৱেশ৷ সিদিনাখন স্কুলতো পৰিৱেশ সজাগতাৰ ওপৰত সভা এখন অনুষ্ঠিত কৰিছে৷ তাতে নিৰ্দিষ্ট বক্তাজনে যিখিনি কথা ক’লে, সেইখিনিয়ে তাইক বৰ চিন্তাত পেলালে৷ বিশেষকৈ বক্তাজনে শেষত কোৱা কথা খিনিয়ে৷ তেওঁ বক্তৃতাৰ সামৰণিত ক’লে যে, “বতৰৰ পৰিৱৰ্তনে আমাৰ জীৱনলৈ দুৰ্যোগ মাতি আনিছে৷ অনাগত সময়ত আমি ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব লাগিব৷ আমি সকলোৱে বতৰৰ প্ৰতি সচেতন হোৱা উচিত৷ এই ক্ষেত্ৰত কণ কণ শিশুসকলৰো বহুতো কৰণীয় আছে৷” এই কথাকেইষাৰে তাইৰ মনত দকৈ সাঁচ বহুৱালে৷ এনেও তাই বৰ দায়িত্বশীল ছোৱালী৷ সৰু-বৰ যি কামকে নহওক কিয় তাই বৰ মনোযোগেৰে কৰে৷ সেইবাবে তাই সিদিনাখন স্কুলৰ পৰা আহিয়ে মাকক ক’লে, “মা, আমি সকলোৱে বতৰৰ ওপৰত নিৰ্ভৰশীল নেকি? বতৰৰ পৰিৱৰ্তনে আমাৰ জীৱনলৈ ভাবুকি মাতি আনিছে নেকি?”

কথা নাই বতৰা নাই ৰিণিয়ে ইমান গভীৰ প্ৰশ্ন কৰা দেখি, তাই বতৰ বা পৰিৱেশ সম্পৰ্কে যে কিবা কথা শুনিছে মাকে অনুমান কৰিব পাৰিলে৷ সেইবাবে তাইৰ মনত খোকোজা মাৰিবলৈ ক’লে, “তুমি কথাবোৰ অলপ দকৈ চিন্তা কৰিলেই ধৰিব পাৰিবা যে আমাৰ জীৱন যাত্ৰা বতৰেই নিয়ন্ত্ৰণ কৰে৷ আমি কি পিন্ধিম, কি খাম ইত্যাদি সকলো বতৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই নিৰ্বাচন কৰো৷ অকল সেয়াই নহয় আমি বাস কৰা ঘৰটো নিৰ্মাণ কৰোঁতেও বতৰৰ কথা চিন্তা কৰোঁ৷ আমাৰ দৈনন্দিন কাৰ্য-কলাপ, আমোদ-প্ৰমোদ, জলসম্পদ, ভূমি, উদ্যোগ ইত্যাদি সকলোবোৰ বতৰৰ ওপৰতেই নিৰ্ভৰশীল৷ এতিয়া তুমিয়ে কোৱাচোন আমি বতৰক লৈ চিন্তা কৰাটো উচিত হয়নে নহয়? আমি ক’ৰবালৈ যাবলৈ ওলালেই প্রথমতে আকাশলৈ চাই বতৰৰ বিষয়ে অনুমান কৰিব বিচাৰোঁ৷ অৱশ্যে আজিকলি ইণ্টাৰনেটত চাই আমি সহজতে বতৰৰ বিষয়ে জানিব পাৰোঁ৷ আগতে মানুহে আকাশৰ ৰং, পশু-পক্ষীৰ আচৰণ আদিৰ ওপৰত ভিত্তি কৰি বতৰৰ বিষয়ে অনুমান কৰিছিল৷”

 

মাকৰ কথা শুনি ৰিণিৰ মনটো বেছিকৈহে খেলিমেলি লগি গ’ল৷ ইমানদিনে তাই এইবোৰ কথা ভবাই নাছিল৷ চাবলৈ গ’লে মাকে কোৱা সকলো কথা ষোল্লঅনাই সঁচা৷ আমি বতৰক বাদ দি দেখোন একো কামকে কৰিব নোৱাৰোঁ৷ ইমান প্রয়োজনীয় কথাবোৰ, কিন্তু তাই দেখোন একোৱে নাজানে! কথাষাৰ মনলৈ অহাৰ লগে লগে তাইৰ মনটো সেমেকি উঠিল৷ আৰু মাকৰ পৰা বতৰৰ বিষয়ে জানিবলৈ চেষ্টা কৰিলে৷ সেইবাবে তাই প্ৰথমতে সুধিলে, “মা! বতৰ বুলি ক’লে প্রকৃততে কি বুজায়?”

 

“এটা নিৰ্দ্দিষ্ট সময়ৰ বায়ুমণ্ডলৰ প্ৰাকৃতিক অৱস্থাকে বতৰ বুলি কোৱা হয়৷ সাধাৰণতে বায়ুমণ্ডলৰ বিভিন্ন কাৰক যেনে – বতাহ, চাপ, উষ্ণতা, আৰ্দ্ৰতা, ইত্যাদিৰ দ্বাৰা আমি বতৰৰ কথা বৰ্ণনা কৰোঁ৷ বতৰ বিজ্ঞানীসকলে বায়ুমণ্ডলৰ বিষয়ে অধ্যয়ন কৰি বতৰৰ আগজাননী দিয়ে৷ আকৌ কোনো এখন ঠাইত দীৰ্ঘ সময় ধৰি বিৰাজ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাকে জলবায়ু বোলা হয়৷ অৰ্থাৎ বতৰৰ উপাদান যেনে – উত্তাপ, চাপ, আৰ্দ্ৰতা আদিৰ গড় মান দীৰ্ঘ সময় নিৰীক্ষণ কৰি কোনো স্থানৰ জলবায়ু সম্পৰ্কে জনা যায়৷ জলবায়ুৰ বিষয়ে অধ্যয়নক জলবায়ু বিজ্ঞান বোলা হয়৷ কিছুমান ভৌতিক আৰু অভৌতিক প্ৰক্ৰিয়াৰ ফলত জলবায়ুৰ পৰিৱৰ্তন হয়৷ পৌৰাণিক কালত অগ্নি দেৱতাই জুই, বৰুণে বৰষুণ আৰু সাগৰ, ইন্দ্ৰই বজ্ৰ নিয়ন্ত্ৰণ কৰিছিল বুলি ভাবিছিল৷ দৰাচলতে সূৰ্যহে হৈছে আমাৰ সকলো শক্তিৰ উৎস৷ সৌৰশক্তিৰ প্রভাৱতে বায়ুমণ্ডলত বিভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়া সমূহ সংঘটিত হয়৷”

 

“তাৰমানে আমি কেৱল সূৰ্য দেৱতাক পূজা কৰিলেই হ’ল নেকি?”

 

ৰিণিৰ অবুজ মনটোত বতৰ সম্পৰ্কে শুদ্ধ ধাৰণা সৃষ্টি কৰিবলৈ মাকে বহুতো কথাই খৰচি মাৰি ক’বলগীয়া হ’ল৷

প্ৰথমতে তেওঁ সূৰ্যৰ বিষয়ে ক’বলৈ আৰম্ভ কৰিলে –

 

“আমি বাসকৰা পৃথিৱীখন হৈছে সূৰ্যক প্ৰদক্ষিণ কৰি ঘুৰি থকা সৌৰজগতৰ এটা গ্ৰহ আৰু সূৰ্যটো হৈছে তাৰকাপুঞ্জত থকা সহস্ৰ তৰাৰ মাজত এটা সৰু নক্ষত্ৰ মাত্ৰ৷ মহাকাশৰ যিবোৰ বস্তুৰ নিজা শক্তি থাকে সেইবোৰকে নক্ষত্ৰ বোলে৷ সূৰ্যটোও তেনে এটা নক্ষত্ৰ বা তৰা৷ বিশ্বব্ৰহ্মাণ্ডখনত বহুতো তাৰকাৰাজ্য আছে৷ আমাৰ তাৰকাৰাজ্যখনৰ নাম হ’ল হাতীপটি (Milkyway)৷ তুমি ৰাতিৰ ফৰকাল আকাশলৈ চালে উত্তৰা দক্ষিণাকৈ এটা বহল আলিবাটৰ দৰে পোহৰ পটি দেখা পাবা, যেন আকাশৰ মাজেৰে বৈ যোৱা পোহৰৰ এখন বৃহৎ নদীহে৷ ইয়ে হৈছে হাতীপটি৷ ইয়াক আকাশীগংগা বুলিও কোৱা হয়৷ আমাৰ সৌৰজগতখন হৈছে এই হাতীপটিৰ এটা ক্ষুদ্ৰ অংশ৷ সূৰ্যই হৈছে আমাৰ সকলো শক্তিৰ উৎস৷ সূৰ্যটো পৃথিৱীতকৈ ১,৩০,০০০ গুণে ডাঙৰ৷ ইয়াৰ বলতেই সকলো জীৱজগত জীয়াই আছে৷ ইয়েই বতৰ পৰিৱৰ্তনৰ মূল কাৰক৷”

 

মাকৰ কথা শুনি ৰিণিয়ে পুনৰ সুধিলে, “সূৰ্যই আমাক শক্তি দিয়ে বুলি বুজিলোঁ৷ কিন্তু বতৰৰ লগত সূৰ্যৰ কি সম্পৰ্ক৷ ঋতু পৰিৱৰ্তনৰ লগে লগে বতৰৰ পৰিৱৰ্তন নহয় জানো?”

 

“তুমি ঠিকেই কৈছা৷ কিন্তু এই ঋতুবোৰৰ আৰম্ভনি ক’ত তাকো আমি জানিব লাগিব নহয়৷ আমাৰ বায়ুমণ্ডলত চলি থকা সকলোবোৰ প্রক্ৰিয়াৰ বাবে সৌৰবিকিৰণে শক্তিৰ যোগাৰ ধৰে৷ ইয়াক আতপন (Insolation)) বোলে৷ আমি বাস কৰা পৃথিৱীখন হৈছে সৌৰজগতৰ এটা গ্ৰহ৷ ই দুটা গতিত সূৰ্যৰ চাৰিওফালে ঘুৰি থাকে৷ পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূৱলৈ সম্পূৰ্ণ এপাক ঘূৰে৷ ইয়াক আৱৰ্তন বা আহ্নিক গতি বোলে৷ ইয়াৰ ফলত দিন-ৰাতি হয়৷ সেইবাবে সূৰ্যটো সদায় পূৱদিশত উদয় হৈ পশ্চিমলৈ গতি কৰা যেন লাগে৷ পৃথিৱীয়ে আকৌ উপবৃত্তকাৰ পথ এটাৰে সূৰ্যৰ চাৰিওফালে ঘূৰে৷ ইয়াক বাৰ্ষিক গতি বোলে৷ পৃথিৱীৰ যিটো কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰে সেইটো উপবৃত্তকাৰ হোৱা বাবে কেতিয়াবা সূৰ্য আৰু পৃথিৱীৰ দূৰত্ব সবাতোকৈ কম হয় আৰু কেতিয়াবা বেছি হয়৷ তদুপৰি ই কক্ষপথত আগবাঢ়োঁতে এটা নিৰ্দিষ্ট দিশত হেলনীয়া হৈ আগবাঢ়ে৷ ফলত একোটা নিৰ্দিষ্ট সময়ত কোনো এটা গোলাৰ্ধ সূৰ্যৰ মুখামুখি হয়৷ তেতিয়া তাত সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ পৰে বাবে বায়ুমণ্ডলৰ উত্তাপ বাঢ়ি যায়৷ তেতিয়া তাত গ্ৰীষ্মকাল হয়৷ আকৌ আনটো গোলাৰ্ধত সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ পৰে বাবে উত্তাপ হ্ৰাস হয়৷ তেতিয়া তাত শীতকাল হয়৷ আৱৰ্তন, পৰিভ্ৰমণ, মেৰুদণ্ডৰ নাতি আৰু সমান্তৰাল অৱস্থান ইত্যাদিৰ ফলত সূৰ্যৰ ৰশ্মিৰ তাৰতম্যৰ ঘটে, ফলত ঋতুৰ পৰিৱৰ্তন হয় আৰু প্ৰতিটো ঋতুতে বতৰ বেলেগ বেলেগ হয়৷

আমাৰ দেশত পৰম্পৰাগতভাৱে ছয়টা ঋতু মানি চলা হয়৷ মে’-জুন মাহত গ্ৰীষ্ম ঋতু বা গৰম কালটোক বুজোৱা হয়৷ এই সময়চোৱাত সূৰ্যৰ ৰশ্মি প্ৰখৰ হয়৷ সূৰ্যৰ প্ৰখৰ ৰ’দে পৃথিৱীৰ পৰা পানী শুহি লয় আৰু জুলাই-আগষ্ট মাহত সেই পানী বৰষুণৰৰূপত পুনৰ পৃথিৱীলৈ ঘুৰি আহে৷ এই সময়চোৱাক বৰ্ষা ঋতু বুলি কোৱা হয়৷ পানীৰ অভাৱত শুকান হৈ পৰা মাটিত বৰষুণৰ টোপালে নতুন প্ৰাণৰ সঞ্চাৰ দিয়ে৷ গছ-লতিকাই পুনৰ পোখা মেলে, পৃথিৱীখন ঠন ধৰি উঠে৷ ছেপ্টেম্বৰ-অক্টোবৰ মাহত আকাশ ফৰকাল হৈ পৰে৷ এইটো হৈছে শৰৎ ঋতু৷ নৱেম্বৰ-ডিচেম্বৰ মাহৰ হেমন্ত ঋতুত নিশা শীতল হয়৷ লাহে লাহে শীতৰ প্ৰকোপ বাঢ়ি আহে৷ জানুৱাৰি-ফেব্ৰুৱাৰি মাহত হিম প্ৰবাহ বাঢ়ি আহে, এইটো হৈছে শীত ঋতু৷ শীত ঋতুৰ অন্তত মাৰ্চ-এপ্ৰিল মাহত উজ্জ্বল বসন্ত ঋতুৰ আগমন হয়৷ গছ-লতিকাই পুনৰ ঠন ধৰি উঠে৷ এনেদৰে সূৰ্যৰ উত্তাপৰ তাৰতম্যৰ ফলত আমি বিভিন্ন মাহত বেলেগ বেলেগ ধৰণৰ বতৰ পাওঁ৷ এতিয়া তুমি নিশ্চয় ধৰিব পাৰিছা যে সূৰ্যৰ প্রভাৱৰ ফলতে বতৰৰ কিমান তাৰতম্য হয়৷” কথাষাৰ কৈ তেওঁ ঘড়ীটোলৈ চাই ক’লে, “কথাৰ মহলা মাৰি থাকোঁতে সময়ো যে আগবাঢ়িছে আমি মনকে দিয়া নাই৷ বতৰৰ তাৰতম্য ঘটিলেও আমি নিয়মৰ তাৰতম্য ঘটাব নোৱাৰোঁ নহয়, ব’লা ভাত খাবলৈ দেৰিয়ে হ’ল৷”

 

মাকৰ কথা শুনি ৰিণিয়ে হাতভৰি ধুই ভাতৰ পাতত বহিল৷

 ***


নৱনীতা ভট্টাচাৰ্য্য৷

বি,এন শইকীয়া পথ৷

বেলতলা তিনিআলি

গুৱাহাটী-২৮

 

৯৮৬৪২৩৩৩৫০

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ