অন্যযুগ/


‘ক’-ৰ পৰা ‘ত’-লৈ আখৰৰ ধেমালি

ভাৰতী চক্ৰৱৰ্তী

 

ক -ই ক’লে কুঁজিবালিলৈ

কণখুড়ী  গ’ল আজি

খ -য়ে খালে খালৈভাঙি

খলিহনা মাছ ভাজি

 

গ -উঠিল গিৰিপ কৰি

গড় চাবলৈ যাম

ঘ -ই বোলে ঘৰৰ ল’ৰা

ঘৰতে কৰিবি কাম

 

ঙ -ই ক’লে পুঙা দোকানত

চুঙা দৈ পাম

চ -য়ে আনি দিয়া চৰচৰি মাছ

চপচপিয়াকে খাম

 

ছ -ই আহি ছল-চাতুৰিৰে

ছাগলীক দিলে পাত

জ -য়ে ৰান্ধিলে জৰ্‌জৰিয়াকৈ

জহা চাউলৰ ভাত

 

ঝ -উঠিল ঝক্ ঝক্ ৰেলত

ছিপাঝাৰলৈ বুলি

ঞ- য়ে আনিলে কেঞা  বগৰী

চিঞৰি চিঞৰি তুলি

 

ট -য়ে আজি টেঁটুলৈকে

তোৰামাছ খালে

ঠ-য়ে  ঠগি ঠগিৰামক

ঠাকুৰথানত থ’লে

 

ড -য়ে ক’লে ডৰিকণা মাছ

ডঙিবিলত পাবা

ঢ-য়ে বোলে ঢকুৱাখনাত

ঢেৰ বৰালি চাবা

 

ন -য়ে ক’লে নামতি মই

নামৰ প্ৰসাদ খাম

ত -য়ে বোলে তাৱৈৰ ঘৰলৈ

তৰা-নৰা ছিঙি  যাম

 

‘ক’-ৰ পৰা ‘ত’-লৈ

অতদূৰ বাট গ’লোঁ

তধা-মধা খাই আজি

ইয়াতে বিদায় ল’লোঁ।

--------

ভ্ৰাম্যভাষ :৯৯৫৪৬২৩৯৬৬

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ