স্মৃতিৰেখা দেৱী
সেউজীয়া সেউজপুৰখন হঠাতে বহুৰঙী হৈ উঠিল৷ খুব কম সময়তে ৰং-বিৰঙৰ ডাঙৰ ডাঙৰ কলপাততকৈও বহুত ডাঙৰ বস্তু কিছুমান, তামোল গছৰ ঢকুৱাৰ দৰে তাতকৈও ডাঙৰ ডাঙৰ বস্তু কিছুমানৰ সহায়ত অচিন গ্ৰহৰ অতিথিকেইজনে মানুহ থকা ঘৰৰ নিচিনা ঘৰ কিছুমান সাজি উলিয়ালে৷ সেই ঘৰবোৰৰ ভিতৰলৈ সেউজপুৰবাসীয়ে কাহানিও নেদেখা-নুশুনা ধৰণৰ বস্তু কিছুমান আনি সুমুউৱা হ’ল৷
সেউজপুৰৰ প্ৰায়সকল বাসিন্দাই অচিন গ্ৰহৰপৰা অহা অতিথিসকলৰ কাম-কাজবোৰ চাই থাকিল৷ কোনো কোনোৱে ইটো-সিটো সুধিলেও তেওঁলোকক৷ তেওঁলোকেও
বেছ মৰমেৰেই উত্তৰ দিলে৷ সেউজপুৰবাসী আচৰিত হ’ল তেতিয়া, যেতিয়া তেওঁলোকে অচিন অতিথিসকলৰ মুখত সেউজপুৰৰ
ভাষাটোকে শুনিবলৈ পালে৷
ঘোটোং আৰু পোটোকা নামৰ চোৰাংচোৱা গাহৰি দুজনে
অচিন অতিথিসকলৰ কাম-কাজবোৰ লক্ষ্য কৰি কৰি নিজৰ মাজতে কোৱাকুই কৰি আছিল৷
‘দেখিছানে, ইমান অমায়িক এই অচিন
অতিথিসকল! কিন্তু তেওঁলোককনো অচিন বুলিবা কেনেকৈ? তেওঁলোকে দেখোন আমাৰ ভাষাতে কথা কৈছে!’– ঘোটোঙে
ক’লে৷
‘হয়৷ তাৰমানে
তেওঁলোকে বহুত দিনৰ আগৰপৰাই আমাৰ কথা-বতৰা, আচাৰ-আচৰণ এইবোৰ শিকি থৈছে৷ ই কিন্তু সন্দেহজনক
দেই বান্ধৈ! মই কৈ দিলোঁ৷’ –পোটোকাই উত্তৰ
দিলে৷
ঘোটোঙে ক’লে, ‘মই কিন্তু তেনেকৈ নাভাবোঁ বান্ধৈ৷ বিশেষকৈ
বাটলু মহাশয়ে তেওঁলোকৰ জগতখনলৈ গৈ, তাতে থাকি তেওঁলোকক ভালকৈ বুজি-বাজি আমাক কোৱা নাছিল জানো?’
‘সেইটো অৱশ্যে হয়৷
কিন্তু তেখেতক যদি সেই অচিন গ্ৰহৰ কোনোবাই ভয়-ভাবুকি দি তেনেকৈ ক’বলৈ বাধ্য কৰিছে?’
‘তোমাৰ সন্দেহ
নিশ্চিতভাৱে এজন চোৰাংচোৱাৰ সন্দেহ৷ কিন্তু তোমাৰ সন্দেহ যাতে মিছা হয়, তাকে কামনা
কৰোঁ৷’ – ঘোটোঙে ক’লে৷
‘ময়ো আশা কৰোঁ
বান্ধৈ, মোৰ সন্দেহ যেন
অমূলক হয়৷’
দুয়োজনে কথা পাতি পাতি আঁতৰি গ’লগৈ৷
সেউজপুৰীয়াসকলে লক্ষ্য কৰিছে যে অচিন অতিথিসকলৰ
কোনোজনেই এক মুহূৰ্তৰ কাৰণেও এনেয়ে ৰৈ নাথাকে৷ সকলো সময়তে তেওঁলোকে লগত অনা
যন্ত্ৰ-পাতিবোৰৰ সৈতে কিবাকিবি এটা নহয় এটা কাম কৰিয়েই থাকে৷
সেউজপুৰৰ শিশু আৰু চেমনীয়াবোৰ আকৌ উলাহৰ মাদুলি
হৈ উঠিল৷ সিহঁতক অচিন অতিথিসকলে কিবাকিবি দেখুৱাবলৈ মাজে মাজে তেওঁলোকৰ ঘৰবোৰলৈ
মাতি নিবলৈ ধৰিলে৷ গণু, মিলিকি, মলু, পিলু, জিকি, মিকি, পিতু আদি যিবোৰ শিশু আৰু কিশোৰ সেই ঠাইত থাকে
সিহঁতে অচিন অতিথিসকলৰপৰা ভালেমান নতুন নতুন চমৎকাৰী কথা জানিবলৈ সক্ষম হ’ল৷
সিহঁতে অচিন অতিথিসকলে দিয়া কাহানিও খাই নোপোৱা ধৰণৰ কিছুমান খোৱাবস্তু খাবলৈও পালে৷
মুঠতে অচিন অতিথিসকলৰ উপস্থিতিয়ে সেউজপুৰখনক
আগতকৈ যেন অধিক আনন্দময় কৰি তুলিছে৷
কথাবোৰ ভাবি ভাবি মহাৰাজ কেশৰীয়ে বহাৰপৰা উঠি
এঙামুৰি এটা দি এনেয়ে অকণমান খোজ কাঢ়িবলৈ বুলি আগ বাঢ়িল৷
‘প্ৰণাম,মহাৰাজ৷ কোনোবা
ফালে ওলাইছে নেকি? মই আক’ আপোনাৰ দৰ্শন লওঁ বুলিয়ে আহিছিলোঁ৷’–
তিনিআলিটোতে হঠাৎ মুখামুখি হোৱা মহামন্ত্ৰী বৃকোদৰৰ কথা শুনি মহাৰাজ থমকি ৰ’ল আৰু
ক’লে–
‘কিবা বিশেষ সকাম
আছিল নেকি, মহামন্ত্ৰী মহোদয়?’
‘নাই নাই মহাৰাজ৷
তেনে একো বিশেষ কথা নাই৷ ব’লক, আপোনাৰ লগতে কিছু খোজকে কাঢ়োঁ৷’ – সম্ভ্ৰমে
কৈ উঠিল বৃকোদৰে৷
‘ব’লক তেনেহ’লে৷’
এইবুলি মহাৰাজ এখোজ-দুখোজকৈ আগ বাঢ়িল৷ পিছে পিছে মহামন্ত্ৰী বৃকোদৰ৷ কওঁ-নকওঁকৈ এইবাৰ বৃকোদৰে ক’বলৈ আৰম্ভ কৰিলে–
‘কথা এটা মন
কৰিছেনে মহাৰাজ? এই অচিন গ্ৰহৰ অতিথিসকলৰ আগমনে আমাৰ ৰাজ্যখনৰ ৰূপেই সলনি কৰি পেলাইছে৷ আমাৰ
অতিকে উৎপতীয়া সৰুমখা যে, যিমখাক বগলী পণ্ডিত আৰু আমাৰ গণেশেও পাঠশালালৈ
মাতি মাতিও আনিব নোৱাৰে, মুঠতে চম্ভালিবই নোৱাৰে, সিহঁতেও এই
কেইদিন অচিন অতিথিসকলে লগত অনা যন্ত্ৰ-পাতিবোৰ চাই চাই বহুতো নতুন নতুন কথা শিকিবলৈ
সক্ষম হৈছে৷ সিহঁতেও হেনো আজিকালি জগতৰ বিষয়ে, গছ-গছনিৰ বিষয়ে, মাটি আৰু পানীৰ বিষয়ে বিভিন্ন নতুন কথা
চিন্তা কৰিবলৈ আৰম্ভ কৰিছে৷ মোৰ ঘোটোং আৰু পোটোকাই জনোৱা খবৰৰ আধাৰতহে আপোনাক অৱগত
কৰিছোঁ৷ মন কৰিছেনে, আমাৰ উঠি অহা চামটোৰ মনত নতুনৰ প্ৰতি থকা আকৰ্ষণ? এইটো মহাৰাজ, এইটো বাৰু আমাৰ
কাৰণে বৰ ভাল কথা হোৱা নাইনে?’
‘শিক্ষা ইয়াকে কয়, মহামন্ত্ৰী মহোদয়৷ শিক্ষা হৈছে জগতখনৰ বিষয়ে নতুন ধৰণেৰে নতুনকৈ চিন্তা কৰিবলৈ
শিকোৱাটো৷ আমাৰ বগলী পণ্ডিতে শিকোৱা আওপুৰণি কথাবোৰৰ প্ৰতি বাৰু আজিৰ দিনৰ শিশুহঁত কিয়
আকৰ্ষিত হ’ব? আমাৰ শিশুবোৰ নতুন জ্ঞান আৰু প্ৰযুক্তিৰ প্ৰতিহে আগ্ৰহী৷ ইহঁতে যে কিবা নতুন
বিষয় শিকিছে, বিশেষকৈ নিজাকৈ চিন্তা কৰিবলৈ শিকিছে, এইটো কথাই সঁচাকৈয়ে মোক আনন্দ দিছে৷ বাৰু এতিয়া
ব’লকচোন,অতিথিসকলে গছপুলি
ৰোৱা ঠাইখনলৈ যাওঁ৷’
মহাৰাজ কেশৰী বেছ খৰধৰকৈ আগ বাঢ়িল৷ বৃকোদৰেও খোজৰ গতি বঢ়াই দিলে৷
...
সেউজপুৰ ৰাজ্যৰ এটা বৃহৎ অংশ গ্ৰীনাৰপৰা অহা
অতিথিসকলে পৰীক্ষামূলকভাৱে গছপুলি ৰোপণৰ বাবে বাছি লৈছে৷ মহাৰাজ কেশৰীয়েও আনন্দ
মনেৰে তেওঁলোকক সেই ঠাইত গছপুলি ৰুবলৈ অনুমতি প্ৰদান কৰিছে৷
অতিথিসকলে অঞ্চলটো তিনি ভাগত ভাগ কৰি লৈছে৷
প্ৰথম ভাগত তেওঁলোকে গ্ৰীনাৰপৰা অনা মাটিত পুলি ৰুইছে৷ দ্বিতীয় ভাগত সেউজপুৰ আৰু
গ্ৰীনা– দুয়ো ঠাইৰে মাটি সমান অনুপাতত মিহলাই লৈছে আৰু তৃতীয়টো ভাগত অকল সেউজপুৰৰ বিশুদ্ধ মাটিত
গ্ৰীনাত অৱশিষ্ট হিচাপে ৰৈ যোৱা গছৰ সঁচ ৰুইছে৷ জৈৱিক আৰু ৰাসায়নিক কিবাকিবি বস্তুও
হেনো মাটিত মিহলোৱা হৈছে, যিবোৰ কথা কোনো সেউজপুৰীয়াই একো বুজিকে পোৱা নাই৷
এটা বিষয় অৱশ্য়ে আটায়ে বুজি পাইছে, অচিন জগতখনৰৰা
অনা মাটিবোৰ প্ৰায় ক’লা আৰু বৰ শুকান৷ তেনেকুৱা মাটিত ৰোৱা গছপুলিবোৰ যেন অলপ
নিশকতীয়া হৈছে!
কৃত্ৰিমভাৱে ৰ’দৰ তাপ আৰু পোহৰ নিয়ন্ত্ৰণ কৰাৰ আৰু সময়ে সময়ে
পুলিবোৰত নিৰ্দিষ্ট পৰিমাণে পানী দিয়াৰ ব্যৱস্থাও কৰিছে অতিথিসকলে৷
অতিথিসকলৰ দুজনমানে অনবৰতে পুলিবোৰত কিবাকিবি যন্ত্ৰ-পাতি
লগাই লগাই কিবাকিবি পৰীক্ষা কৰিয়েই আছে৷ সদায়ে৷
আকৌ দুজনমানে পিঠিত ডাঙৰ ডাঙৰ কিবা পিন্ধি লৈ
পুলিবোৰত পানীৰ সৈতে কিবা ঔষধ মিহলাই সেইবোৰ ছটিয়াই আছে৷ তিনিওটা অংশত বেলেগ বেলেগ
হিচাপত হেনো৷
‘গছৰ পুলিতো ঔষধ দিব
লাগে! ই কেনে কথা?’ – মহাৰাজ কেশৰীয়ে সুধিলে৷
‘ময়ো বুজি পোৱা
নাই, মহাৰাজ৷ অৱশ্যে
অনুমান কৰিব পাৰিছোঁ৷ কাৰণ অতিথিসকলে জনোৱা মতে তেখেতলোকৰ জগতখনো এসময়ত আমাৰ নিচিনা সেউজীয়াই আছিল৷ কিবা
অজ্ঞাত কাৰণত সকলো গছ-বন হেনো জ্বলি গ’ল, আনকি মাটিও৷ এতিয়া আকৌ সেউজীয়া হোৱাৰ আকাংক্ষাৰে
তেখেতলোকে অশেষ যত্ন কৰি চাইছে নিজৰ জগতখন আকৌ আগৰ নিচিনা কৰিব পাৰি নেকি? ভাবি চাওকচোন
মহাৰাজ, আমাৰ সেউজপুৰত
অকণো সেউজীয়া নাই...!’
‘নাই!’
গৰজি উঠিল মহাৰাজ কেশৰী– ‘সেউজীয়া হ’বই লাগিব। আমাৰ অতিথিসকলৰ জগতখনো সেউজীয়া হ’ব লাগিব৷ তাৰ কাৰণে সেউজপুৰে যদি অকণমানো অৰিহণা যোগাব পাৰে, যোগাব৷’
বৃকোদৰে মহাৰাজৰ চকুৰ কোণত দুটোপাল চকুপানী
দেখা পালে৷
ইতিমধ্যে কাম কৰি থকাৰ মাজতে অচিন জগতৰ
অতিথিসকলে মন কৰিলে যে তেওঁলোকৰ ঠাইত সেউজপুৰৰ মহাৰাজ আহি উপস্থিত হৈছেহি৷
নিজৰ কামত আউল নলগোৱাকৈ তেওঁলোকে আটায়ে ভাগে
ভাগে আহি মহাৰাজক অভিবাদন জনাই গ’ল –
‘প্ৰণাম মহাৰাজ৷
আশা কৰোঁ, আমি সৃষ্টি কৰা
অসুবিধাৰ বাবে আপুনি আমাক সেউজপুৰৰ সকলো ৰাইজৰে হৈ
ক্ষমা কৰিব৷’
‘প্ৰণাম মহাৰাজ৷
আশা কৰোঁ, আমি সৃষ্টি কৰা
অসুবিধাৰ বাবে আপুনি আমাক সেউজপুৰৰ সকলো বাসিন্দাৰ হৈ
ক্ষমা কৰিব৷’
‘প্ৰণাম মহাৰাজ৷ আমি আন্তৰিকতাৰে আশা কৰোঁ, আমি সৃষ্টি কৰা
অসুবিধাৰ বাবে আপুনি আমাক সেউজপুৰ ৰাইজৰ হৈ
ক্ষমা কৰি দিব৷’
একেবাৰে শেষত অহা অতিথি দুজনক মহাৰাজ কেশৰীয়ে
ক’লে–
‘অনগ্ৰহ কৰি
আপোনালোকৰ নেতাজনে মোৰ সৈতে এষাৰ কথা পাতিবহিনে? মোৰ কোনো লৰালৰি নাই৷ তেখেতৰ সুবিধা মতে আহিলেই
হ’ব৷’
...
‘আপুনি তেনেকৈ কিয় কৈছে মহাৰাজ? আপুনি আমাৰ সৰ্বেসৰ্বা৷ আপুনি আনৰ ওচৰত কিয় সৰু
হ’ব?’– বৃকোদৰে সুধিলে৷
মহাৰাজে উত্তৰ দিলে–
‘মহামন্ত্ৰী
মহোদয়৷ জগতখন অনেক আগ বাঢ়িছে, জানেনে? আজিৰ পৃথিৱীত আমি কোনোবা এজনে প্ৰজাসকলৰ ওপৰত
ৰজা বোলাই থাকিলে এতিয়া নচলে আৰু৷’
‘কিন্তু মহাৰাজ, আমিহে আপোনাক
আমাৰ ৰজা বুলি ভাবোঁ। আপুনিতো কাহানিও নিজকে আমাৰ ৰজা বুলি দাবী কৰা নাই৷’
ৰজা আৰু মন্ত্ৰীয়ে কথা পাতি থাকোঁতেই অচিন জগতৰ
অতিথিসকলৰ এজন সশব্যস্ত হৈ মহাৰাজ কেশৰীৰ সম্মুখলৈ আহি হাত যোৰ কৰি ক’লেহি–
‘প্ৰণাম, মহাৰাজ৷
আপোনালোকৰ ইয়াৰ বায়ু, পানী, মাটি, তাপ আদি সকলোখিনি জীৱৰ কাৰণে, মানে প্ৰাণী আৰু
উদ্ভিদৰ কাৰণে অতিকে স্বাস্থ্যকৰ৷ ইমান সুন্দৰ এখন জগতত বাস কৰিবলৈ পোৱা আপোনালোক
আটায়ে সঁচাকৈ অতি সৌভাগ্যৱান৷ আমাৰ জগতখন, গ্ৰীনাৰ দৰে আপোনালোকৰ জগতলৈ কাহানিও একো
অথন্তৰ নাহক৷ ধুনীয়া সেউজপুৰখন সদায়ে ধুনীয়া হৈ থাকক৷’
(আগলৈ)