ৰচনা পাঠক
অনাবিল বৰবৰা ল’ৰাটিৰ নাম,
কম্পিউটাৰ গে’ম খেলে, নাই আন কাম৷
পঢ়াৰ কথা ক’লে তাৰ পেটটো বিষায়,
আৰু লৰালৰি কৰি কেনিবা লুকায়৷
তেনে সময়তে উঠে মাকৰ খং,
‘কিয় হ’বি ল’ৰা তই ইমান অভং?’
বুলি কৈ মাকে লয় হাতত এচাৰি,
তাকে দেখি ল’ৰাটিয়ে পলায় লৱৰি৷
পলাব নোৱাৰি বুলি যেয়ে পায় বুজ,
সন্ধি কৰিব খাজে, এৰি থৈ যুঁজ৷
ল’ৰাটোৱে তেতিয়াই,
মাকৰ গাত জঁপিয়াই –
আদৰেৰে কয় : অ’ মা মা,
তুমি মোক নামাৰিবানা!
কাণত ধৰিছোঁ, এয়া চোৱাঁ,
মাৰ-পিট নকৰিবা, এৰাঁ৷
যত্ন কৰিম মই ভাল হ’বলৈ,
মানুহৰ সভ্যতাৰ গম ল’বলৈ৷
তোমাৰ সপোন মই পূৰণ কৰিম,
ভাল মানুহ হ’বলৈ যত্ন কৰিম৷
পাইছানে নাই মোৰ কথাবোৰ বুজি?
আৰু কিল নাখাওঁ কাহানিও খুজি৷
এতিয়া ব’লাচোন পাকঘৰলৈ,
ব’লানা, ব’লানা মা খৰধৰকৈ;
বৰ মন গৈছে আজি খাবলৈ চুজি৷
মৰমেৰে পুতেকক খাই চুমা এটি,
মাকেও আদৰি লয় বুকুত সাবটি৷