স্মৃতিৰেখা দেৱী
কোনোমতে নিজকে
সম্বৰণ কৰি ইপ্পিয়ে কি কয় শুনিবলৈ বাট চাই ৰ’ল বাটলু৷ প্ৰাণৰ সেউজপুৰখন–
সেউজপুৰীয়াসকল মোৰ কাৰণে কি এওঁলোকেও বুজি পাইছে! ভাবিলে বাটলুৱে৷ ইপ্পিয়ে ইচ্চা
কৰিয়েই কথা কোৱাত পলম কৰি বাটলুৰ উচপিচনিখিনি মৰম লগাকৈ চাই ৰ’ল৷ কিছু পৰৰ মূৰত
অৱশ্যে ইপ্পিয়ে ক’লে–
‘বাটলু, সেউজপুৰবাসীয়ে আপোনাৰ খবৰ পাইছে৷ আমি যে আপোনাক লৈ প্ৰস্তুত কৰিছিলোঁ ভিডিঅ’টো, সেইটোও তেওঁলোকে দেখিছে৷ সেইজপুৰ ৰাজ্যৰ যিটো অঞ্চলৰপৰা আমি ভুলতে আপোনাক লৈ
আহিছিলোঁ সেই ঠাইৰে বৃদ্ধ বাদুলি এজনৰ সৈতে আমাৰ কথা-বতৰা হৈছে৷ আৰু আপুনি যে
কুশলে আছে সেই খবৰ পাই সেউজপুৰীয়াসকল আনন্দিত হৈছে৷ কাইলৈ আকৌ সেই ঠাইলৈ আমাৰ ৰিগা
এখন যাব তাত গোটাই থোৱা গছপুলি আনিবলৈ৷ যদি সম্ভৱহয় তেন্তে আমি কাইলৈ আমাৰ ৰিগাত
থকা প্ৰযুক্তিৰ সহায়ত আপোনাৰ সৈতে সেউজপুৰবাসীৰ সাক্ষাৎ কৰাই দিম৷ আপুনি কাইলৈ
তেওঁলোকৰ সৈতে কথা-বতৰাও পাতিব পাৰিব৷’
কথা শুনি বাটলুৰ
মনত ইমানেই আনন্দ লাগিল যে সি একেকোবে ইপ্পিৰ গাত উঠি বগাই ফুৰিবলৈ ধৰিলে৷ সেয়া যে
বাটলুৰ আনন্দৰ লগতে কৃতজ্ঞতাৰো প্ৰকাশ বুজি পাই ইপ্পিয়েও মনে মনে খুব অনন্দ লাভ
কৰিলে৷
...
সম্পূৰ্ণ
এদিন-এবেলা বাট চোৱাৰ পাছত দ্বিতীয় দিনা গধূলি পৰত প্ৰচণ্ড ধুমুহাৰ স.ষ্টি কৰি
বিশেষ ধৰণৰ উৰণীয়া বাহন এখন জুৰণিপাৰৰ নিৰ্দিষ্ট স্থানত ৰ’লহি৷ কিছু সময়ৰ পাছতে
অৱশ্যে ধুমুহা শাম কাটিল আৰু বাহনখনৰপৰা ওলোৱা পোহৰে চাৰিওফাল পোহৰাই তুলিলে৷ মহাৰাজ কেশৰীকে ধৰি
সেউজপুৰৰ অভিজাত দলটোৱে নিৰাপদদূৰত্বৰপৰা সকলো লক্ষ্য কৰি থাকিল৷ কিছু সময়ৰ পাছতে
বৃদ্ধ বাদুলিজনৰ ইঙ্গিতত তেওঁলোক সেই বিশেষ বাহনখনৰ ওচৰ পালেগৈ৷ মহাৰাজ কেশৰীক
আচৰিত কৰি দি বাহনখনৰপৰা নামি অহা অতিথিকেইজনে তেওঁক সম্ভাষণ জনালে–
‘সেউজপুৰৰ মহান ৰজা
কেশৰীক আমাৰ প্ৰণাম জনাইছোঁ৷’
একে উচ্ছতাৰ, প্ৰায় একে আকৃতিৰ মানুহৰ নিচিনা প্ৰাণীকেইজনে সমস্বৰে মহাৰাজক উদ্দেশ্যি
হাতযোৰ কৰি কৈ উঠিল৷ মহাৰাজকে ধৰি সেনাপতি হিতৰাম, বাঘসেনাকেইজন আৰু ঘোং দুজনে আচৰিত হৈ চকুৰ টিপ এটাও নমৰাকৈপ্ৰাণীকেইজনলৈ চাই
থাকিল৷
‘ক্ষমা কৰিব৷
আপোনালোক আমাৰ অতিথি৷ গতিকে আমিহে আপোনালোকক প্ৰথমে সম্ভাষণ জনাব লাগিছিল৷ পলমকৈ
হ’লেও আমাৰ ৰাজ্যখনলৈ আপোনালোকক অদৰণি জনাইছোঁ৷’ এইবুলি মহাৰাজে ইঙ্গিত দিয়াৰ লগে
লগে বাঘসেনাকেইজনে লগত অনা ফুল-পাতেৰে অতিথিকেইজনক সম্ভাষণ জনালে৷ তেওঁলোকৰ
চকুৱে-মুখে কৃতজ্ঞতাবোধ আৰু আনন্দৰ চিন ফুটি উঠিল৷
‘আপোনালোকক
ধন্যবাদ৷সেউজপুৰবাসীৰ মৰম আৰু আতিথ্যৰ কথা আমি জানো৷ ভুলক্ৰমে আমাৰ বাহনত সোমাই
পৰা আপোনালোকৰ মৰমৰ বাটলু মহাশয় আপোনালোক সকলোকে আমি আমাৰ বিশেষ প্ৰযুক্তিৰ সহায়ত
চিনি পাওঁ৷ কেৱল চিনি পোৱাই নহয়, আমি আপোনালোকৰ
সকলোৰে ভাষাও বুজি পাওঁ৷ সেইবোৰ পাছতো ক’ব পাৰিম, প্ৰথমে আমিনিজৰ পৰিচয়টো দি লওঁ৷ মোৰ নাম হিং, এওঁ চিংকা আৰু এওঁৰ নাম ডিকো৷ বাহনখনৰ ভিতৰতো এজনে কাম কৰি আছে, তেওঁৰ নাম হাও৷ আমি এখন বেলেগ পৃথিৱীৰ বাসিন্দা৷ আমাৰ জীৱন ধাৰণৰ প্ৰণালী এইখন
পৃথিৱীৰ সৈতে কিছুদূৰ মিলে যদিও অমিলো বহুত৷’
হিঙে কোৱা কথাখিনি
শুনি থাকোঁতে মহাৰাজৰ মনত কেইবাটাও প্ৰশ্ন জাগি উঠিল৷ সেইখিনি পাছলৈ থৈ তেওঁ
আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো সুধিয়ে পেলালে–
‘আমি অধীৰ আগ্ৰহেৰে
আপোনালোকলৈ বাট চাই আছিলোঁঅতিথিসকল৷ আপোনালোক ইয়ালৈ অহাৰ কাৰণ, ভুলক্ৰমে বাটলু আপোনালোকৰ পৃথিৱীখনলৈ যোৱাৰ বিষয়ে ইতিমধ্যে আমাক বাদুলিয়ে
কৈছে৷ এতিয়া প্ৰশ্ন হৈছে বাটলু কুশলে আছেনে? অকণমান বাটলুটোক লৈ মোৰ অনেক চিন্তা৷ মোৰ ধাৰণা হৈছে, আপোনালোকৰ থকা-খোৱাৰ ধৰণ-কৰণ, সেইখন পৃথিৱীৰ
জলবায়ু আদি আমাৰ সৈতে মুঠেও নিমিলে৷ তেনে পৰিস্থিতিত আমাৰ এধানমান বাটলুটোৰ একো
অসুবিধা হোৱা নাইতো? আপোনালোকেনো তাক
লগতে লৈ নাহিলে কিয়? তাৰ বাৰু আমালৈ
অকণো মনত পৰা নাইনে?’
আৱেগিক হৈ পৰিছিল
মহাৰাজ৷ নিজকে কোনোমতেহে চম্ভালি ৰাখিলে তেওঁ৷ তেওঁৰ মনৰ অৱস্থা অনুভৱ কৰি বাঘ
সেনাপতি হিতৰাম ওচৰ চাপি আহিল৷ তেনেকুৱাতে চিংকা বোলাজনে মাত লগালে–
‘আপুনি ঠিকেই অনুমান
কৰিছে মহাৰাজ৷ আমাৰ আচহুৱা আৰু পৃথক পৰিৱেশৰ প্ৰভাৱত বাটলু মহাশয় প্ৰথমে
কেইদিনমানলৈ অসুস্থ হৈয়ে আছিল৷ পিছে আমাৰ বিশেষ পদ্ধতিৰ চিকিৎসাৰ ফলত তেখেত
বৰ্তমান সম্পূৰ্ণ সুস্থ৷ তেখেত এতিয়া আমাৰ পৃথিৱীখনৰ পৰিৱেশৰ সৈতেও মিলিব পৰা
হৈছে৷ আপোনালোকৰ বাকী প্ৰশ্নৰ উত্তৰ আমি নিদিওঁ৷ আপোনালোকে নিজেই চাই লওক৷’
এইবুলি চিংকাই
বাহনখনত থকা কিবা এটা কিবা কৰি দিলে৷ বাহনখনৰ ভিতৰৰপৰা টকৌপাত এখিলা মেল খোৱাৰ
নিচিনাকৈ চেপেটা বস্তু এটা মেল খাই ওলাই আহি বাহনখনতে থিয়কৈ লাগি ধৰিলে– সাইলাখ
আকাশৰ জোনবাইটোহে যেন৷ বস্তুটো লাহেকৈ জ্বলি উঠিল আৰু আটাইকে আচৰিত কৰি তাতে বাটলু
ওলালহি৷ বাটলুক দেখি মহাৰাজে উত্তেজনাত চিঞৰি দিলে–
‘বাটলু!’
‘বাটলু মহাশয়!’
বাকীসকলেও একেলগে চিঞৰি উঠিল৷
এইবাৰ আটায়ে আচৰিত
হ’ল যেতিয়া তেওঁলোকে বাটলুৰ মাতষাৰ শুনিলে–
‘প্ৰণাম মহাৰাজ৷
প্ৰণাম সেনাপতি ডাঙৰীয়া৷ সৈন্যসকল, তোমালোক কুশলে
আছানে?’
মহাৰাজকে ধৰি সকলো
আচৰিত হ’ল৷ মহাৰাজে সুধিলে–
‘বাটলু, তই ক’ত আছগৈ? তই ভালে আছনে বোপাই?’
‘আছোঁ মহাৰাজ৷ মই
এইখন এখন বেলেগ পৃথিৱীত আছোঁহি৷ আপোনালোকে জানি ভাল পাব যে এই পৃথিৱীৰ মানুহবোৰ
আমাৰ পৃথিৱীৰ মানুহতকৈ বহুত উচ্ছখাপৰ৷ তেওঁলোকে আনকি সকলোৰে ভাষা বুজি পায়, ক’বও পাৰে৷ মুহূৰ্তৰ ভিতৰতে তেওঁলোকৰ গাড়ীখনে আমাৰ তাৰপৰা আহি ইয়াত উপস্থিত
হ’ব পাৰে, মহাৰাজ৷ মহাৰাজ, মই অতি সোনকালেই
উভতি যাম৷ মোৰ পৰিয়ালটো...৷’
‘আছে বোপাই৷
সিহঁতকেইটাক মই মোৰ লগতে ৰাখিছোঁ, তই চিন্তা নকৰিবি৷’
মহাৰাজ আৰু বাটলুৱে
কথা পাতি থাকোঁতেই বাটলুৰ পিছফালে আন এজন সেই গ্ৰহৰ প্ৰাণী আহি উপস্থিত হ’লহি৷
বাটলুৱে তেওঁক ক’লে– ‘আমাৰ মহাৰাজ৷’
লগে লগে
সেউজপুৰীয়াসকলে বাটলুক নেদেখা হ’ল৷ আনজন প্ৰাণীয়ে ক’লে–
‘প্ৰণাম মহাৰাজ৷
প্ৰথমে আমি নজনাকৈ বাটলু মহাশয়ক ইয়ালৈ লৈ অনি কৰা ভুলটোৰ বাবে ক্ষমা প্ৰাৰ্থনা
কৰিছোঁ৷ ভলতেহে আমি বাটলু মহাশয়ক ইয়ালৈ লৈ আহিবলগা হ’ল৷ চিন্তা নকৰিব, অতি সোনকালে তেখেতক আমি ওভতাই নিম৷ তেখেতৰ মুখেৰে আপোনালোকৰ কথা শুনিয়েই আমি
বুজিছোঁ যে আপোনাৰ নিচিনা পিতৃতুল্য ৰজা বৰ ভাগ্যৱানসকলেহে লাভ কৰে৷ এতিয়া মহাৰাজ, আপোনালোকে বাটলু মহাশয়ৰ সৈতে কথা পাতক৷ অতি সোনকালে আপোনালোকক সশৰীৰে লগ পাবলৈ
আশা কৰিছোঁ৷’
পোহৰ ওলোৱা ঘূৰণীয়া
পাতখিলাত তেওঁৰ ঠাইত এইবাৰ আকৌ বাটলুক দেখা গ’ল৷
আটায়ে মন খুলি কথা
পাতিবলৈ আৰম্ভ কৰিলে৷
(আগলৈ)