অন্যযুগ/


অচিন জগতত বাটলু

 

স্মৃতিৰেখা দেৱী


কথামতেই কাম৷

পাছদিনা পুৱাবেলাতে কেইবাজনো মুখ্য সভাসদক লৈ মহাৰাজ কেশৰী গৈ জুৰণিপাৰৰ কাঠনিখন পালেগৈ৷ ইতিপূৰ্বেই ছটছটীৰপৰা আগতীয়াকৈ খবৰ পাই বৃদ্ধ বাদুলিহাল মহাৰাজ কেশৰীক অভিবাদন জনাবলৈ সাজু হৈ আছিল৷

প্ৰণাম, মহাৰাজ৷’ – দিনৰ ভাগত চকুৰে প্ৰায় একোকে নেদেখা বাদুলিহালে প্ৰখৰ শ্ৰৱণশক্তিৰ দ্বাৰা মহাৰাজ আৰু সভাসদসকল আহি তেওঁলোকৰ ওচৰ পোৱাৰ উমান পাই মাত লগালে৷

প্ৰণাম, প্ৰণাম৷ কেনে আছা তোমালোক? শ্ৰীমতী বাদুলী আয়ে গাটো বাৰু আগতকৈ অলপ ভাল পাইছানে?’

আমি ভালেই আছোঁ৷ ময়ো গাটো অলপ ভাল পাইছোঁ৷’ লেৰেলি পৰা বহল গছপাত এখিলাৰে নাকটো মচি মচি বৃদ্ধা বাদুলীগৰাকীয়ে কৈ উঠিল৷

আজি আমি বিশেষ গুৰুত্বপূৰ্ণ সকাম এটাতহে তোমালোকৰ ওচৰলৈ আহিছোঁ৷ সেউজপুৰৰ বাবে বাটলু কি বা কোন তোমালোককতো বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই৷ সি নিৰুদ্দেশ হোৱাৰ পাছত তাৰ বিষয়ে তোমালোকে দিয়া খবৰ আমি ছটছটীৰপৰা পাইছোঁ৷ তোমালোকক নথৈ ধন্যবাদ জনাইছোঁ৷ এতিয়া আমি বাটলুৰ সবিশেষ খবৰ পোৱাৰ ক্ষেত্ৰত আৰু তাৰ সৈতে আমি যোগাযোগ কৰিব পৰাকৈ কিবা এটা ব্যৱস্থা কৰিবলৈ যত্ন কৰিব লাগে৷ আৰু তোমালোকৰ বাহিৰে আন কোনেও এই ক্ষেত্ৰত আমাক সহায় কৰিব নোৱাৰে৷’

অলপো পলম নকৰাকৈ প্ৰায় একেটা উশাহতে মহাৰাজে কথাখিনি কৈ তেওঁলোকলৈ চালে৷ তেওঁলোকৰ মুখমণ্ডলত একো অভিব্যক্তি নেদেখি মহাৰাজৰ খঙেই উঠিছিল৷ মহামন্ত্ৰী বৃকোদৰে তেওঁৰ কাণে কাণে ক’লে–

আপোনাৰ খং উঠিছে, মহাৰাজ৷ অনুগ্ৰহ কৰি খং-ৰাগ নকৰিব৷ তেওঁলোকে দিনত একোকে নেদেখে, আমাকো দেখা নাই৷ কেৱল অনুমানতহে কথা পাতি আছে...৷’

মহামন্ত্ৰীৰ কথা শেষ হ’ল কি নহ’ল, বৃদ্ধ বাদুলিজনে ক’বলৈ ধৰিলে–

ধন্যবাদ দি আমাক লাজ নিদিব মহাৰাজ৷ সেউজপুৰীয়া হিচাপে এইখিনি আমাৰ দায়িত্বই৷ বয়সৰ কাৰণেই আমি ৰাজ্যখনৰ কাৰণে একোকে কৰিব নোৱৰা হ’লোঁ৷ এইবাৰ ভাগ্যক্ৰমেহে সেই উৰণীয়া যানখনৰ ভিতৰত বাটলু মহাশয়ক দেখা পালোঁ৷ তেখেতক দেখাৰ পাছৰেপৰা আমাৰ মন উগুল-থুগুল লাগি আছিল৷ অৱশ্যে তেখেত কুশলে আছে বুলি জনাৰ পাছতহে আমাৰ মন ভাললৈ আহিল৷ আচলতে মহাৰাজ আৰু সভাসদসকল, আপোনালোকে জানি খুব ভাল পাব যে সেই উৰণীয়া ঘূৰণীয়া যানখনত সোমাই অহা লোকসকল দেখাত প্ৰায় আমাৰ পৃথিৱীৰ মানুহবোৰৰ দৰেই৷ তেওঁলোক কেৱল অলপ চাপৰ আৰু তেওঁলোকৰ মূৰত চুলি নাই৷ নিজৰ মাজত এটা অদ্ভুত ভাষাত কথা পাতে তেওঁলোকে, আমি বুজি নাপাওঁ৷ কিন্তু আমাক আচৰিত কৰি তেওঁলোকে আমাৰ লগত আমাৰ ভাষাতে কথা পাতিছিল৷ আমি অনুমান কৰিছোঁ, তেওঁলোক যেন আমাৰ মানুহতকৈও বেছি কথা জনা প্ৰাণী৷ আৰু মহাৰাজ, তেওঁলোক যথেষ্ট মৰমিয়াল আৰু ভদ্ৰ৷’

কথা কৈ কৈ বাদুলিজনে ফোঁপাইছিল৷ মহাৰাজে ক’লে– ‘হ’ব হ’ব৷ খন্তেক ৰৈ দীঘল দীঘলকৈ উশাহ দুটামান লৈ লোৱাঁ৷ তুমি ভাগৰি গৈছা৷ আমি অলপ ৰৈছোঁ বাৰু৷’ মহাৰাজৰ কথা শুনি তেওঁ অকণমান সময় ৰ’ল৷ ভাগৰি পৰিলেও কিবা এটা উত্তেজনাত তেওঁ পুনৰ ক’বলৈ আৰম্ভ কৰিলে–

সেইদিনা মহাৰাজ, সেই উৰণীয়া যানখন মাটিত ৰৈ থাকোঁতে তাৰ ভিতৰত কোনো নাই বুলি ভাবি ভিতৰলৈ সোমাই গৈছিলোঁ৷ তেতিয়াই তাত বাটলু মহাশয়ৰ দৰে এজনক দেখা পালোঁ– কিন্তু সেইজন আচলজন নহয়৷ মানে আমি যে পানীত নিজকে দেখোঁ, তেনেকৈহে তেখেতক দেখিছিলোঁ এটা যন্ত্ৰৰ ভিতৰত৷ কিন্তু তেখেতে কৈ থকা কথা মই শুনিছিলোঁ, মহাৰাজ৷ তেখেতে কথা কোৱা শুনি তেখেত সোমাই থকা যন্ত্ৰটোৰ ওচৰ চাপি গৈ মই তেখেতক বিবিধ কথা সুধিবলৈ ধৰিছিলোঁ৷ তেনেকুৱা সময়তে ওচৰতে মই বেলেগ মাত এটা শুনিলোঁ৷ ‘তেওঁ তোমাৰ কথা নুশুনে’ বুলি কোনোবাই লাহেকৈ কোৱা শুনি মই উচপ খায়েই উঠিছিলোঁ৷ ইফালে সিফালে চাইহে দেখোঁ যে তাত দুজন প্ৰাণী ইতিমধ্যে আছেই৷ প্ৰথমে বৰ ভয় খালোঁ যদিও খন্তেকতে তেওঁলোকেই মোৰ ভয় ভাঙি দিলে৷ তেওঁলোকে বাটলু মহাশয়ৰ বিষয়ে, তেখেত সোমাই থকা যন্ত্ৰটোৰ বিষয়ে আৰু তেওঁলোকৰ নিজৰ বিষয়ে বহুত কথা ক’লে৷ সাহ পাই ময়ো সুধিলোঁ কিবাকিবি৷ তেতিয়াই তেওঁলোকে মহাৰাজ আপোনাৰ কথা, সেউজপুৰ ৰাজ্যৰ কথা যিখিনিহে ক’লে, মই আচৰিতেই হ’লোঁ৷ তেওঁলোকে আমাৰ বিষয়ে নজনা কথা নায়েই মহাৰাজ৷ মই সুধিলোঁ, আমাৰ বিষয়ে অতবোৰ কথা তেওঁলোকে কেনেকৈনো জানিলে? তেওঁলোকে একো উত্তৰ নিদি কেৱল আপোনাক লগ পাবলৈ তেওঁলোকৰ প্ৰবল হেঁপাহৰ কথাহে ক’লে৷ আপোনাৰ অনুমতি হ’লে আপোনাৰ সৈতে তেওঁলোকৰ সাক্ষাতৰ ব্যৱস্থা কৰিব পৰা যাব৷ তেওঁলোকে কোৱামতে বাটলু মহাশয়ৰ সৈতেও আমাক যোগাযোগ কৰাই দিব হেনো৷’

বাদুলিজন ৰ’ল৷ কেশৰীৰ হাহোঁ নে কান্দো লাগিল৷ ইমানবোৰ কথাশুনাৰ পাছতো তেওঁলোকে দেখোন বাটলুৰ বিষয়ে স্পষ্টকৈ একোকে জানিবলৈ নাপালে৷

মহাৰাজ কেশৰীয়ে কিবা এষাৰ ক’বলৈ মুখ মেলিছিলহে, তেনেতে বৃদ্ধা বাদুলীগৰাকীয়ে কৈ উঠিল–

মহাৰাজ, কাইলৈ বা পৰহিলৈ কিজানি উৰণীয়া যানখন আকৌ এবাৰ আহিব৷ তেওঁলোকে আমাৰ ইয়াৰপৰা গছপুলি নিয়ে৷ সৌ শালগছজোপাৰ ফালে এগালমান পুলি উভালি থৈছে চাওকচোন৷ সেইবোৰ নি সময় মতে ৰুব নোৱাৰিলে বচাব নোৱাৰিব৷ গতিকে তেওঁলোক অতি সোনকালে আকৌ আহি পুলিখিনি নিবহি৷’

তুমি ঠিকেই কৈছা বাদুলী আই৷ মোৰ মতে তেওঁলোক আজিয়েই অহাৰ সম্ভাৱনা আছে৷ আজিৰপৰা ইয়াতে আমি দুজনমানে সেই যানখনলৈ অপেক্ষা কৰাই ভাল হ’ব নেকি! নে কি কয়, মহাৰাজ?’ – মহামন্ত্ৰী বৃকোদৰে মহাৰাজৰ ফালে চাই সুধিলে৷

নিশ্চয়, ডাঙৰীয়া৷ আজিৰপৰা পাল পাতি পাতি জুৰণিপাৰত সঁজাতিৰ দল একোটা ৰখাৰ ব্যৱস্থা কৰা হওক৷ মৰমৰ বাটলুটোৰ কাৰণে আমি এইকণ কষ্ট কৰিবই লাগিব৷’

মহাৰাজৰ কথাত আটায়ে হয়ভৰ দিলে৷

...

পৰীক্ষাগাৰৰপৰা ৰিগাত উঠাই বাটলুক পোনে পোনে ইপ্পিৰ বাসস্থানলৈ অনা হ’ল৷ কম্পিউটাৰ এটাৰ সম্মুখত বহি ইপ্পিয়ে একান্তমনে কিবা চাই আছিল৷ আহল বহল কোঠাটোৰ বেৰত থকা ডাঙৰ ডাঙৰ কেইবাটাও মনিটৰত কিবাকিবি ছবি আৰু আখৰ ওলাই আছিল৷ সেইবোৰকে ঘূৰি-পকি চাই চাই গৈ কোন পলকতনো সি ইপ্পিৰ টেবুলখনৰ ওপৰ পালেগৈ গমকে নাপালে৷ ইপ্পিৰ সম্মুখৰ মনিটৰটোত ওলাই থকা ছবি আৰু আখৰবোৰ ডাঙৰ ডাঙৰকৈ দেখিহে সি লাজ পোৱাদি পালে৷ অতিশয় ভদ্ৰ আৰু অমায়িক এই প্ৰাণীসকলৰ সম্মুখত সি অন্ততঃ নিজৰ চঞ্চল স্বভাৱটো সম্বৰণ কৰিব পাৰিব লাগিছিল৷ স্বভাৱসুলভ কৌতূহল আৰু ধৈৰ্য নোহোৱা স্বভাৱটোৰ বাবেই সি বিনা অনুমতিত ইপ্পিৰ টেবুলখনৰে ওপৰ পালেগৈ৷ তাতেই কিছু স্বাভাৱিক হ’বলৈ চেষ্টা কৰি মাতটো যিমান পাৰি গলগলীয়াকৈ উলিয়াবলৈ যত্ন কৰি সি কৈ উঠিল–

আপোনাৰ কোঠালিটো বেছ সুন্দৰ, ইপ্পি৷ কম্পিউটাৰৰ মনিটৰকইটাও সুন্দৰ আৰু ডাঙৰ৷’ ভাগ্যে মানুহৰ সংস্পৰ্শত থাকোঁতে সি মানুহে ব্যৱহাৰ কৰা বস্তু কিছুমানৰ সৈতে পৰিচিত হৈছিল৷

হয়৷ ইয়াৰপৰাই মই আমাৰ সকলো কাম চোৱা-চিতা কৰি থাকোঁ৷ যাৱতীয় নিৰ্দেশনাও দিবলগীয়া হয় মাজে মাজে৷ আপুনি অনুগ্ৰহ কৰি ভালকৈ বহি লওক৷’ – কৈ কৈ জুইশলা বাকচৰ নিচিনা সৰু বাকচ এটা তেওঁ বাটলুৰ ফালে ঠেলি দিলে৷ বাটলুৱেও বাকচটোৰ ওপৰত উঠি বহি ল’লে৷

মহা আয়মেৰে বহি লৈ বাটলুৱে ক’লে–

মই অৱশ্যে বিশেষ এটা কথাৰ বাবেহে আপোনাৰ ওচৰলৈ আহিলোঁ৷’

হয় নেকি? নিশ্চয় আপোনাৰ কথা শুনিম, কথা পাতিম৷ কিন্তু তাৰো আগতে আপোনালৈ এটা ভাল খবৰ আছে৷’

ভাল খবৰ? মোৰ? ইয়াতনো বেলেগে মোৰ কি খবৰ থাকিব পাৰে!’

এক প্ৰকাৰ দুখমনেৰেই কোনোমতে হাঁহিবলৈ যত্ন কৰি বাটলুৱে ভাব প্ৰকাশ কৰিলে৷ ইপ্পিয়ে ক’লে–

সঁচাকৈয়ে ভাল খবৰ৷ সেউজপুৰৰ খবৰ৷’

ইপ্পিৰ মুখত সেউজপুৰ শব্দটো শুনিয়েই বাটলুৰ মনটোৱে উলাহত নাচিবলৈ আৰম্ভ কৰিলে৷ চকুহাল সেমেকি পৰিল তাৰ৷

(আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ