অন্যযুগ/


অচিন জগতত বাটলু

 স্মৃতিৰেখা দেৱী


ছটছটীৰ নেতৃত্বত জুৰণিপাৰৰ গভীৰ হাবিলৈ যোৱা দলটো দুদিন-দুৰাতি একেৰাহে বাটলুৰ সন্ধানত অভিযান চলাই উভতি আহি মহাৰাজৰ কাষ পাইছেহি৷দলটো ঘূৰি অহাৰ বতৰা পায়েই সকলো সেউজপুৰবাসী যি য’ত যেনেকৈ আছিল তেনেকৈয়ে লৰা-ঢপৰাকৈ আহি মহাৰাজৰ ওচৰ চাপিলহি৷ আটাইৰে মনত একেটাই প্ৰশ্ন– কি খবৰ আনিছে বাৰু ছটছটীৰ দলটোৱে? খবৰ বাৰু ভালনে?

সেউজপুৰবাসীৰ উৎসুকতাৰে ভৰা মুখবোৰত ফুটি উঠা বাটলুৰ প্ৰতি মৰম দেখি ছটছটীৰ এনে লাগিল, যেন অকণো পলম নকৰি আটায়ে শুনাকৈ তাই খবৰটো ঘোষণাহে কৰি দিব! কিন্তু মহাৰাজৰ আদেশ নহ’লেনো বাৰু তাই  তেনে ঘোষণা কৰিব পাৰেনে? নোৱাৰে বাবেই তাই মহামন্ত্ৰী বৃকোদৰ আৰু সেনাপতি হিতৰামৰ সৈতে আচুতীয়াকৈ কিবা আলোচনা কৰি থকা মহাৰাজ আজৰি হোৱালৈ বাট চাবলগীয়াত পৰিল৷

কিছু সময়ৰ পাছত তেওঁলোকৰ গোপন আলোচনা শেষ হ’ল৷ তিনিওজন ৰাইজৰ মুখামুখী হ’লহি৷ ছটছটী আৰু জুৰণিপাৰৰ হাবিৰপৰা অহা অনুসন্ধানকাৰী দলটোৰ প্ৰতিজন সদস্যৰ মুখমণ্ডল এফালৰপৰা লক্ষ্য কৰিলে মহাৰাজে৷ তাৰ পাছতে সকলোৱে শুনাকৈ তেওঁলোকৰ অভিজ্ঞতা বিতংভাৱে ক’বলৈ মহাৰাজে নিৰ্দেশ দিলে৷ ছটছটীয়ে ক’বলৈ আৰম্ভ কৰিলে–

মহামহিম মহাৰাজৰ লগতে আপোনালোক সকলোৱে আমাৰ শ্ৰদ্ধা গ্ৰহণ কৰিব৷ মাননীয় বাটলু ডাঙৰীয়াৰ সন্ধানৰ উদ্দেশ্যে জুৰণিপাৰৰ গভীৰ হাবিখনলৈ যোৱা অভিযানকাৰী দলটোৰ সকলো সদস্য সুকলমে উভতি অহা বুলি আপোনালোকে নি(য় গম পাইছে৷’

সেইবোৰ কথা ক’ব নালাগে এতিয়া৷ বাটলু ডাঙৰীয়াৰ খবৰ কোৱাঁ৷’

বাটলু ডাঙৰীয়াক পালানে নাই? তেখেত ক’ত আছে?’

বাটলু ডাঙৰীয়াৰ একো অপকাৰ হোৱা নাই তো?’...

ছটছটীৰ কথা আৰম্ভ হৈছিলহে, ৰাইজৰ বিভিন্নজনে ওপৰাউপৰিকৈ বিভিন্ন প্ৰশ্ন সুধি সুধি গোটেইখন তেনেই হুলস্থুল কৰি পেলালে৷ ছটছটীয়ে কেইবাবাৰো কথা আৰম্ভ কৰিবলৈ লৈও ক’ব নোৱাৰি মহাৰাজৰ মুখলৈ চাই ৰৈ গ’ল৷ এইবাৰ মহাৰাজ বহি থকাৰপৰা উঠিল আৰু লগেলগে ৰাইজৰ হুলস্থুলো বন্ধ হ’ল৷ মহাৰাজে ৰাইজৰ ফালে চাই ক’লে–

আপোনালোক সকলোৱে বাটলুক ভাল পায় কাৰণেই তাৰ খবৰ সকলোৰে জানিবলৈ মন গৈছে বুলি মই বুজি পাইছোঁ৷ কিন্তু এনেকৈ হুলস্থুলখন কৰিলে ছটছটীৰ কথানো কেনেকৈ শুনিব? গতিকে ৰাইজ, আপোনালোক মনে মনে থাকক আৰু শুনক৷’

ছটছটীয়ে পুনৰাই আৰম্ভ কৰিলে–

ৰাইজ, খবৰ ভাল বুলি ধৰক৷ আমাৰ অভিযান সফল হৈছে৷’

তাই মন কৰিলে, ৰাইজৰ হাজাৰ হাজাৰ চকুৱে যেন ইফালৰপৰা সিফাললৈ বাটলুক বিচাৰি ফুৰিছে৷ বেছি সময় ৰাইজক উৎকণ্ঠাত ৰাখিবলৈ তাইৰ সত নগ’ল৷ সেয়ে তাই ক’লে–

ৰাইজ, আপোনালোকৰ মৰমৰ, আমাৰ আটাইৰে শ্ৰদ্ধাৰ বাটলু মহাশয় কুশলে আছে৷ আমি ডাঙৰীয়াক লগ পোৱা নাই, কিন্তু তেখেতৰ খবৰ পাইছোঁ৷ তেখেত কুশলে আছে বুলিও আমি জানিব পাৰিছোঁ৷ আচলতে তেখেত আমাৰ মাজত নাইবা সেউজপুৰতে নাই৷ তেখেত আছেগৈ আমাৰপৰা বহু দূৰৰ কোনোবা এখন জগতত৷’

ৰাইজৰ এইবাৰ আচৰিত হ’বৰ পাল৷ ইজনে সিজনে ভূনভূনাই কথা পাতিবলৈও আৰম্ভ কৰিলে তেওঁলোকে৷

দূৰৰ কোনোবা জগত’ মানেকেনেকুৱা দূৰৰ কোনোবা জগতপ্ৰশ্নবোৰ আটায়ে সুধিলে, উত্তৰহে কোনেও নাপালে৷ বহুপৰ সোধাসুধিৰ অন্তত আটায়ে একেটা সিদ্ধান্তলৈকে আহিল–‘সেউজপুৰৰ কিবা কথাত বাটলু মহোদয়ে কাৰোবাক নি(য় বেয়া পাইছে৷ নাইবা কোনোবা সেউজপুৰীয়াই নিশ্চয় বাটলু মহোদয়ক বেয়া ব্যৱহাৰ কৰিছে৷’

মহাৰাজ বহা শিলছটাৰ তলতে থকা বাটলুৰ ঘৈণীয়েকজনী আৰু ল’ৰা-ছোৱালীকেইটায়ো চিঁ-চিঁয়াই কান্দিবলৈ ধৰিলে৷ অৱশ্যে ৰাইজৰ হুলস্থুলত সিহঁতৰ কন্দা-কটাৰ শব্দ কাৰো কাণতে নোসোমাল৷ ছটছটীয়ে পুনৰ ক’বলৈ ধৰিলে–

এ... এ... ৰ’ব ৰাইজ, ৰ’ব৷ আপোনালোকে মোক কথাখিনি শেষলৈকে ক’বলৈ নিদিয়েনো কেলেই? শুনকচোন শুনক৷ এনেয়ে ভুল বুজি হুলস্থুলখন কৰে দেখোন আপোনালোকে৷’ ৰাইজ আকৌ শান্ত হ’লত তাই ক’লে–

তেখেত সঁচাকৈয়ে কুশলে আছে আৰু সেউজপুৰৰপৰা একেবাৰে গুচি যোৱা নাই৷ কেৱল এটা কথা সত্য যে তেখেত এই সময়ত আমাৰ মাজত নাই৷ কিন্তু অতি সোনকালেই তেখেত আমাৰ মাজলৈ উভতি আহিব৷ আমি তেখেতৰ কাৰণে দুখ কৰিব নালাগে৷’

ৰাইজেই নহয়, মহাৰাজ কেশৰী আৰু মহামন্ত্ৰী বৃকোদৰেও ছটছটীৰ কথাবোৰ বুজিবলৈ টান পালে৷ ‘চটফটীয়া স্বভাৱটোৰ কাৰণেই বোধকৰোঁ কথাবোৰ কওঁতে তাই এনেকৈ জঁপিয়াই জঁপিয়াই গৈছে’–কাণে কাণে বৃকোদৰক ক’লে মহাৰাজে৷ বৃকোদৰে ক’লে, ‘কিন্তু ৰাইজ শান্ত হৈছে, মন কৰিছেনে মহাৰাজ?’

হয়৷ আপুনি এটা কাম কৰক৷ ৰাইজক ঘৰাঘৰি পঠাই দিয়ক৷ তেতিয়াহে আমি কথাখিনি ভালকৈ শুনি বুজিব পাৰিম কিজানি৷’ মহাৰাজে ক’লে৷ বৃকোদৰ এইবাৰ থিয় হৈ ৰাইজৰ সম্মুখীন হ’ল আৰু ক’লে–

ৰাইজ, আপোনালোকে শুনিলে যে বাটলু ডাঙৰীয়া কুশলে আছে৷ এইটোৱেই আমাৰ কাৰণে আটাইতকৈ ডাঙৰ সকাহৰ খবৰ৷ গতিকে মহাৰাজে কৈছে, আপোনালোক এতিয়া ঘৰাঘৰি যাওকগৈ৷ আমি বিশদভাৱে খবৰটো লৈ আপোনালোকক জনাম৷’

মনবোৰ সম্পূৰ্ণ মুকলি হোৱা যেন নালাগিল যদিও এজন-দুজনকৈ ৰাইজখন তাৰপৰা  আঁতৰি গ’ল৷ এইবাৰ মহাৰাজে ছটছটীক সুধিলে–

হেৰৌ পাগলী, লপলপকৈ তইনো কি কৈ গ’লি মই পিছে একোকে নুবুজিলোঁ৷ এইবাৰ আটাইখিনি কথা এফালৰপৰা লাহে লাহে কৈ যাচোন৷ শান্তিৰে ক’বি৷ লৰালৰি কৰিব নালাগে৷’

ছটছটীয়ে যিখিনি কথা ক’লে কাৰ সাৰমৰ্ম হ’ল–

জুৰণিপাৰৰ ডাঠ হাবিখনত ভালেমান দিনৰপৰা থকা বুঢ়া বাদুলি এহালৰপৰা সেউজপুৰীয়া অনুসন্ধানকাৰী দলটোৱে আচল খবৰটো পাইছিল৷ সেই কাঠনিখনত হেনো মাজে মাজে ক’ৰবাৰপৰা উৰি আহি কিবা যন্ত্ৰ এটা পৰেহি আৰু তাৰপৰা মানুহৰ নিচিনা জীৱ কিছুমান ওলাই কিবাকিবি গছ- বন উভালি লৈ আকৌ উৰি যায়গৈ৷ সেই যন্ত্ৰটো চলিবৰ সময়তে খুব জোৰকৈ ধুমুহা বলে৷ সেইদিনা বাটলু লাহে লাহে তেনেকুৱা এটা যন্ত্ৰৰ ফাললৈকে গৈ গৈ এসোপামান গছৰ ডালৰ মাজত সোমাইছিল৷ সেই ডালখিনি মানুহৰ নিচিনা জীৱ এটাই দাঙি নি যন্ত্ৰটোত উঠোৱা বাদুলিহালে নিজে দেখিছে হেনো৷

কথাখিনি শুনাৰ পাছত বিশ্বাস কৰিব নে নকৰিব ভাবি পাৰ নাপালে মহাৰাজকে ধৰি কেউজন সভাসদে৷ এইবাৰ হুমুনিয়াহ এটা এৰি মহাৰাজে ছটছটীক সুধিলে–

কিন্তু তই প্ৰথমে দেখোন কৈছিলি যে বাটলু কুশলে আছে আৰু আকৌ সোনকালেই আমাৰ মাজলৈ ঘূৰি আহিব৷ এইবাৰ আক’ ক’লি বোলে বাটলু কেনেবাকৈ সেই উৰণীয়া যন্ত্ৰটোত উঠি ক’ৰবালৈ গুচি গ’ল৷ এতিয়া মোক তই ক, আচলতে সঁচা কথা কোনষাৰ?’

দুইষাৰেই সঁচা, মহাৰাজ৷ আচলতে মহাৰাজ, সেই বুঢ়া বাদুলিহালেই আচল খবৰ জানে৷ তেওঁলোকে বাটলু ডাঙৰীয়া হেৰাবৰ দিনা তেখেতক দেখিছিল যদিও চিনি পোৱা নাছিল৷ পাছত খবৰটো শুনাৰপৰাহে কেওঁলোকে ধাৰণা কৰিছে যে তেওঁলোকে আচলতে তেখেতকে দেখিছিল৷ আৰু শুনক মহাৰাজ৷ বাটলু ডাঙৰীয়া নিৰুদ্দেশ হোৱাৰ পাছতো সেই উৰণীয়া যন্ত্ৰটো জুৰণিপাৰৰ হাবিত দুবাৰ নামিছেহি হেনো৷ যন্ত্ৰটো সদায়ে হেনো সন্ধিয়া লগাৰ পাছতহে তালৈ আহে,দিনৰ বেলা নাহে হেনো৷ এদিন যন্ত্ৰটো আহি পোৱাৰ পাছত তাৰপৰা যেতিয়া মানুহৰ নিচিনা প্ৰাণীকেইজন নামি হাবিত সোমাইছিল তেতিয়াই বুঢ়া বাদুলিজনে যন্ত্ৰটোৰ ভিতৰখন চাইছিলগৈ হেনো৷ যন্ত্ৰটোৰ ভিতৰখনত তেওঁ যিবোৰ বস্তু দেখা বুলি কৈছিল, শুনিয়েই আমি আচৰিত হৈ গৈছিলোঁ মহাৰাজ৷’

হেৰ’, কি আছিলনো তাত?’

মহাৰাজ, আপোনালোকে বোধকৰোঁ দেখাই নাই৷ আমি অৱশ্যে দেখিছোঁ৷ কাৰণ আমি মানুহৰ ঘৰবোৰো দেখিছোঁ৷’

আও! হেৰ’ কি দেখিছ তই? আচল কথা ক’ৰবাতে থাকিল, এতিয়া তাই কিখন যে বলকিবলৈ আৰম্ভ কৰিছে৷’

কৈছোঁ মহাৰাজ, কৈছোঁ৷ আজিকালি মানুহৰ ঘৰবোৰত এবিধ যন্ত্ৰ আমি দেখিছোঁ যিবিধৰ নাম টিভি৷ সেইটো যন্ত্ৰত মহাৰাজ, মানুহৰ ছবি আৰু মাত-কথা দুইটা চাব আৰু শুনিব পাৰি৷’

কি কৈছ? এনেকুৱা যন্ত্ৰও আছেনে ক’ৰবাত?’

আছে মহাৰাজ, আছে৷ ময়ো দেখিছোঁসেইটো৷’

হয় নেকি? থাকিবও পাৰে অৱশ্যে৷ পিছে বাটলুৰ কথাটো...?’

হয় মহাৰাজ৷ সেই উৰণীয়া যন্ত্ৰটোৰ ভিতৰত তেনেকুৱা টিভি কেইবাটাও আছিল হেনো৷ তাৰে এটাত হেনো বাটলু মহাশয়ৰ ছবি এখন ওলাই আছিল৷ তেতিয়া বাদুলিজনে ছবিৰ বাটলু মহোদয়কে উদ্দেশ্যি কিবাকিবি কৈ থাকোঁতে হেনো মানুহৰ নিচিনা প্ৰাণী এজন তেওঁৰ সম্মুখলৈ আহি সুধিছিল, ‘আপুনি বাটলু মহোদয়ক চিনি পায় নেকি?’’

ৰহচোন ছটছটী৷ সেই মানুহৰ নিচিনা প্ৰাণীজনে বাদুলিৰ লগত কথা পাতিছিল কেনেকৈ?’

হয় মহাৰাজ, পাতিছিল হেনো৷ বাদুলিজনেও তেওঁৰ কথা বুজি পাইছিল আৰু তেৱোঁ বাদুলিজনৰ কথা বুজিছিল৷  তেওঁ হেনো বাদুলিজনক কৈছিল যে বাটলু মহাশয় সদ্যহতে কিছুদিনলৈ সেউজপুৰৰপৰা আঁতৰি থাকিব লাগিব৷ কিন্তু  যদিহে সেউজপুৰৰ মহাৰাজে অনুমতি দিয়ে তেনেহ’লে তেওঁলোকে হেনো বাটলুৰ সৈতে সকলোকে কথা পতাই দিয়াৰ ব্যৱস্থা কৰিব পাৰিব৷ মহাৰাজ, বাটলু ডাঙৰীয়াৰ ছবিখন দেখি, সেই লোকজনৰ কথা শুনি বুঢ়া বাদুলিজনৰ হেনো চকুপানী ওলাইছিল৷ বাদুলিজনৰ সৈতেও তেওঁ হেনো খুব ভদ্ৰভাৱে  কথা পাতিছিল৷ তেওঁ হেনো বাদুলিজনক আপোনাৰ বিষয়ে বহুত কিবাকিবি সুধিছিল৷’

মোৰ বিষয়ে আকৌ কি সুধিছিল?’

সুধিছিল হেনো, জুৰণিপাৰৰ হাবিত তেওঁলোক প্ৰৱেশ কৰাত মহাৰাজে বাৰু বেয়া পাইছে নেকি? বাটলু ডাঙৰীয়াৰ সৈতে মহাৰাজ আৰু আন আন লোকে কথা পাতিবলৈ বিচাৰিব নেকি?’

বিচাৰিম, বিচাৰিম৷’ – মহাৰাজে উৎসাহেৰে কৈ উঠিল৷

মহাৰাজ, এইটো প্ৰশ্ন মই আপোনাক সোধা নাই৷ সেই বেলেগ জগতৰ মানুহকেইটাই বাদুলিজনকহে সুধিছিল হেনো৷’

তেওঁ কি উত্তৰ দিলে?’

তেওঁ হেনো আপোনাৰ অনুমতি ল’বলৈ আহিম বুলি ভাবিছে৷’

ভাবিছে? অহা নাই কেলেই?’

মানে মহাৰাজ, বুঢ়ী বাদুলিগৰাকীৰ খুব পানীলগা জ্বৰ হৈ আছে৷ অকলশৰীয়া যে, চাওঁতা-চিতোতা নাই কাৰণে বুঢ়ীয়ে গা ভাল পালেই আহিম বুলি ভাবিছে হেনো৷’

মহামন্ত্ৰী মহোদয়৷ কাইলৈকে জুৰণিপাৰলৈ ওলাওক৷ সেই বৃদ্ধ বাদুলি দম্পতিৰ ওচৰলৈ যাম৷ মই আৰু অপেক্ষা কৰিব নোৱাৰোঁ বুজিছে? অতি সোনকালে বাটলুটোক লগ পাব লাগে৷ সি নহ’লে মোৰ দিনতে কিবা আন্ধাৰ আন্ধাৰ লগা হৈছে৷ মোৰ অৱস্থাটো আপোনালোকে বাৰু বুজি পাইছেনে?’

(আগলৈ)


ঠিকনা :

বাগেশ্ৰী, উপপথ  বি

জোনাকী পথ, খনীয়া গাঁও

ডিব্ৰুগড়- ৭৮৬০০৩

ফোন : ৮৪৮৬০৩৩৮৩৬

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ