অন্যযুগ/


মইনাৰ পূজা

অৰুণ গগৈ

 

নিয়ৰ সৰি সৰি তিতি আছে

চোতালৰ দুবৰি বন,

পূজা আহিল বুলি মইনাৰ

উলাহে নধৰা মন ৷

 

বিবিধ বস্তুৰে উপচি পৰিছে

দুৰ্গা পূজাৰ মেলা,

মাকৰ স’তে পূজালৈ যাব

পিন্ধি নতুন চোলা ৷

 

মণি কিনিব পুতলা কিনিব

আৰু কিনিব খাৰু,

গৰম গৰম জেলেপী খাব

আৰু হেনো খাব লাৰু ৷

 

পেঁপা বজাব হুইচেল বজাব

কিনিব খেলনা,

দুৰ্গা দেৱীক প্ৰণাম জনাই

কৰিব প্ৰাৰ্থনা ৷

              

ভ্ৰাম্যভাষ : ৯৭০৭৩৯০৫৪০

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ