স্মৃতিৰেখা দেৱী
‘হয়, হয়৷
আমি যিমান পাৰি সোনকালেই কামত আগ বঢ়া উচিত হ’ব৷ বাটলু ডাঙৰীয়াকো আমি ইয়াতে বহুদিন
ৰাখি থ’ব নোৱাৰোঁ৷ ইতিমধ্যে আমি তেখেতক সোনকালে ঘূৰাই পঠাম বুলি মহাৰাজ কেশৰীকো
কথা দিছোঁ৷ অতি সোনকালেই আমাৰ এদল নভোচৰ সেউজপুৰলৈ যাব লাগিব৷’
ইপ্পিৰ কথাত
সকলোৱে সঁহাৰি জনালে৷ সকলোৰে মুখত একোটা আশাৰ হাঁহি মুকলিকৈয়ে ফুটি উঠিল৷
...
সেউজপুৰত উখল
মাখল পৰিৱেশ৷ প্ৰাণীবোৰৰ গাত ততেই নাই৷ আন কোনোবা এখন জগতৰপৰা কাহানিও নেদেখা
অচিনাকি-অদ্ভুত যেন লগা প্ৰাণী কিছুমান সেউজপুৰলৈ কিছুদিন থকাকৈ আহিব হেনো৷ সিদিনা
জোনবাইৰ নিচিনা ছবি ওলোৱা ফলিখনত বাটলু ওলাই সভাসদসকলক কথাবোৰ কৈছে হেনো৷
‘গেৰেলা কাই,
মই
হ’লে এটাকথা বুজিবলৈ টান পাইছোঁ৷’
অতিথিসকলৰ
আদৰ-সৎকাৰৰ কামত লাগি থকাৰ মাজতে মলুৱাই সুধিলে৷
‘সকলো কথা ময়ো
ভালকৈ বুজি পোৱা নাই বুইছে! তথাপি কওকচোন বাৰু আপুনিনো কি কথা বুজি পোৱা নাই৷’
গেৰেলাই সঁহাৰি দিলে৷
‘গছপুলি ৰুবৰ
বাবে মাটি আৰু পানীৰ গুণাগুণ পৰীক্ষা কৰা নাইবা ৰ’দৰ তাপ-পোহৰৰ জোখ লোৱাটো বাৰু
বুজিছোঁ৷ কিন্তু সেইটো কামকে কৰিবলৈ দহ-বাৰজন প্ৰাণী আহি আমাৰ সেউজপুৰত কিয়
দীঘলীয়াকৈ থাকি ল’ব লাগে? এইটো কথাহে বুজিবলৈ টান পাইছোঁ মই৷
আচলতে কথাটোৱে মোক কিছু চিন্তাতে পেলাইছে৷ তেওঁলোকে আহি যদি আমাৰ সেউজপুৰীয়াসকলৰ
কিবা অপকাৰ কৰেহি? বাটলু ডাঙৰীয়াই কোৱামতে তেওঁলোক খুব ভাল বুলি
মানি লৈছোঁ বাৰু৷ কিন্তু প্ৰতিজন প্ৰাণীয়েই যে ভাল হ’ব তাৰ জানো নিশ্চয়তা আছে?
মানুহৰ
সমাজখন নেদেখিছে? ভালৰ লগতে বেয়া মানুহো নাথাকে জানো? তেওঁলোকৰ
মাজৰো কোনোবাই যদি আমাৰ কাৰোবাৰ কিবা অনিষ্ট কৰে তেতিয়া...৷’
চিন্তিতভাৱে
কথাখিনি কৈ মলুৱা ৰ’ল৷ গেৰেলায়ো কিছু সময় চিন্তিতভাৱে মলুৱাৰ মুখলৈ চাই ৰ’ল৷ তাৰ
পাছত তেওঁ ক’বলৈ ধৰিলে–
‘এৰা! আপুনি ভুল
ভবা নাই ডাঙৰীয়া৷ কিন্তু আমি বোধকৰোঁ এই সময়ত নেতিবাচক চিন্তা নকৰাই ভাল হ’ব৷ কাৰণ
তেওঁলোকে এটা মহান উদ্দেশ্য লৈ আমাৰ সেউজপুৰলৈ আহিব৷ বাটলু ডাঙৰীয়াই কোৱামতে
ভৱিষ্যতে পৃথিৱীৰ মানুহতকৈও বেছি আগ বঢ়া এই অচিনাকী প্ৰাণীসকলৰ পৰা আমিও বহুতো
উপকাৰ পাব পাৰিম৷’
তেনেতে মলুৱাৰ
নাতিয়েক তিনিওটা গছৰ ডাল-পাত মহতিয়াই গেৰেলা আৰু মলুৱাৰ মাজতে জঁপিয়াই পৰিলহি৷
গেৰেলাই কথা কোৱা বন্ধ কৰি সিহঁতলৈ চালে৷ মলুৱাই সুধিলে–
‘কি হ’ল অ’
তোমালোকৰ? গোটেইখন ভাঙি-ছিঙি আহিছা যে?’
মলুৱাৰ প্ৰশ্নৰ
উত্তৰত তিনিওটাই ওপৰাউপৰিকৈ ক’বলৈ ধৰিলে–
‘ককা, দেউতা
আৰু খুৰাহঁতে মিলি গছত কিবাকিবি লগাইছে৷ আৰু বহুত নতুন নতুন বস্তুও দেখিছোঁ আমাৰ
ইয়াত৷ আহাঁচোন চাওঁগৈ৷ আমাক ওচৰলৈ যাবলৈকে নিদিয়ে৷ তোমালোকৰ লগত গ’লেহে চাবলৈ
সুবিধা পাম৷’
সিহঁতৰ কথা শুনি
দুয়ো মিচিকিয়াই হাঁহিলে আৰু ‘ব’লাহঁক’ বুলি আগ বাঢ়িল৷
‘আমাৰ সেউজপুৰ
হেনো আমাতকৈ বহুত বেলেগ প্ৰাণী কিছুমান থাকিবলৈ আহিছে? হয় নেকি ককা?’
‘ওঁ, আহিছে৷
তোমালোকে আক’ তেওঁলোকৰ লগত কোনো ধৰণৰ দুষ্টালি নকৰিবা৷ তোমালোকৰ লগৰীয়াবোৰকো কৈ
দিবা৷ তেওঁলোকক যিমান পাৰাঁ সহায়হে কৰিবা৷ কৰিবানে নকৰাঁ?’
গেৰেলাৰ কথাত
আটাইকেইটাই উৎসাহেৰে সঁহাৰি জনালে৷
গৈ গৈ মলুৱাহঁত
বহু সংখ্যক সেউজপুৰীয়াই কাম কৰি থকা ঠাইডোখৰ পালেগৈ৷ মহামন্ত্ৰী বৃকোদৰ আৰু
সেনাপতি হিতৰামে তাতে থাকি সকলো কাম-কাজৰ তদাৰক কৰি আছিল৷
...
ইতিমধ্যে
গ্ৰীনাৰপৰা দুদিন দুখন বাহনত ঘৰ সজাৰ সঁজুলি আৰু গ্ৰীনাৰ মাটি-পানী আদিৰ নমুনা
আদিকে ধৰি অনেক বয়বস্তু লৈ এদল প্ৰাণী আহি সেউজপুৰ পালেহি৷ তেওঁলোকে অনা বস্তুবোৰৰ
ভিতৰত চাৰিচুকীয়া পোহৰ ওলোৱা যন্ত্ৰ কিছুমানৰ লগতে আন আন যন্ত্ৰ কিছুমানো আছে৷ এনে
এবিধ যন্ত্ৰ আছে যিবিধে যিকোনো বস্তুৰে ছবি প্ৰস্তুত কৰি দিব পাৰে– প্ৰাণীয়েই হওক
নাইবা গছেই হওক৷
বস্তুবোৰ
জুৰণিপাৰৰ হাবিৰ পৰা সেউজপুৰৰ সৈন্যসকলে বৰতললৈ কঢ়িয়াই আনিলে৷
বাঃ কি যে আচৰিত
এই যন্ত্ৰ-পাতিবোৰ!
কঢ়িয়াবলৈ সুযোগ
পোৱা প্ৰতিজনেই নিজকে সৌভাগ্যৱান বুলি বিৱেচনা কৰিলে৷
সেই
যন্ত্ৰ-পাতিবোৰৰে কিছুমান বান্দৰসকলে গছত লগাই আছিল৷ মাটিত থিয় দি মানুহৰ নিচিনা
অচিনাকী প্ৰাণী কেইজনমানে বান্দৰসকলক কিবাকিবি কৈ আছিল৷
সৰহ সংখ্যক
সেউজপুৰীয়াই জুম বান্ধি কাণ্ডটো চাই আছিল৷ কাৰো মুখত এষাৰিও মাত নাছিল৷
হওক তেও৷
পৃথিৱীৰ মানুহেও নেদেখা-নুশুনা কিছুমান যন্ত্ৰ-পাতি দেখাৰ সুযোগ সেউজপুৰীয়াই পাইছে! ভাবিলে গেৰেলাই৷ লগে লগে
তেওঁৰ মুখত মিঠা সন্তুষ্টিৰ হাঁহি এটা বিয়পি পৰিল৷
(আগলৈ)