অন্যযুগ/
আকাশ মুকলি হ’ল
স্মৃতিৰেখা দেৱী
: ‘‘মাজনী, মাজনী৷ কোন আহিছে চোৱাহিচোন৷’’— মাকে ভিতৰলৈ চাই চাই কেইবাবাৰো মাতিলে যদিও পপীৰ সঁহাৰি শুনা নগ’ল৷ ভিতৰি ভিতৰি উঠা খংটো মনতে সামৰি থৈ তেওঁ শেষবাৰলৈ বুলি আকৌ মাতিলে জীয়েকক—
: ‘‘মাজনী, মাহীহঁত আহিছে৷ তুমি শুনা নাই নেকি? কি কৰি আছানো ভিতৰত?’’— মাকৰ মাতষাৰ আগতকৈ কিছু কঠোৰ শুনা গৈছিল৷ পপী ভিতৰৰ পৰা ওলাই আহিল৷
: ‘‘মাহী, ভালনে?’’— পপীৰ মুখত হাঁহি এটা ফুলি উঠিছিল যদিও কথাষাৰ শেষ হোৱাৰ লগে লগে হাঁহিটো মৰহি গ’ল৷ মাকে শিকোৱাৰ দৰেই মাহীয়েকক প্ৰশ্ন কেইটামান সুধিলে৷ মাহীয়েকৰ প্ৰশ্নৰ উত্তৰো দিলে যিমান পাৰি আন্তৰিকতাৰেই৷
ঘৰলৈ কোনোবা আহিলে সৌজন্য বজাই ৰাখি কেনেকৈ কথা-বতৰা পাতিব লাগে, সেইখিনি মাকে তাইক শিকাইছে৷ কেৱল শিকাইছে কাৰণেই যে পপীয়ে সেইখিনি পালন কৰে সেইটোও নহয়৷ তাই আলহীৰ লগত কথা-বতৰা পাতি আনন্দও পায়৷ আজিকালিৰ প্ৰায়বোৰ ল’ৰা-ছোৱালীয়েই মানুহৰ লগত কথা পতাৰ পৰিৱৰ্তে ম’বাইল ফোন টিপাটিপি কৰি থকাটো পপীৰ মাক নীতা বৰুৱাই ভাল নাপায়৷ পপীয়েও বেয়া পায় তেনেকৈ বহি থকা ল’ৰা-ছোৱালীবোৰক৷ অচিনাকি মানুহৰ দৰে যে সৰু সৰু ল’ৰা-ছোৱালীবোৰ বহি থাকিলে বৰ বেয়া দেখি৷ মাকে কোৱা কথাষাৰ তায়ো বিশ্বাস কৰে৷
কিন্তু আজি কিছুদিনৰ পৰা পপীৰ কিবা এটা হৈছে৷ তায়ো দেখোন নিজৰ মাজতে ব্যস্ত হৈ থাকিবলৈ লৈছে৷ মাকে মন কৰি আছে কথাটো। কিন্তু কি হৈছে, কিয় হৈছে একো উৱাদিহকে পোৱা নাই৷ ইপিনে পপীৰ দেউতাক চাকৰিসূত্ৰে থাকে দুশ কিল’মিটাৰমান দূৰৈৰ টাউন এখনত৷ অৱশ্যে প্ৰতিটো শনিবাৰে নহ’লেও মাহেকত দুবাৰকৈ তেওঁ ঘৰলৈ আহে৷
: ‘‘পপী, সৌফালে চোৱা নাই যে? তোমাৰ মহাৰো আহিছে৷’’— মাহীয়েক ৰীতাই কোৱাৰ লগে লগে পপীয়ে মহাকৰ ফালে চাই হাঁহি এটা মাৰিলে৷
: ‘‘বাঃ পপী, তুমি দেখোন বৰ এজনী হ’লা৷ চাওঁ এইফালে আহাচোন৷’’ বুলি মহাকে তাইৰ হাতখনত ধৰি ওচৰলৈ টানিব খোজোঁতেই তাই উফাল মাৰি একে টানে হাতখন এৰুৱাই ভিতৰলৈ দৌৰ মাৰিলে৷
খন্তেকতে কিনো হ’ল কোনেও তত্ ধৰিবই নোৱাৰিলে৷ জীয়েকৰ কাৰ্যত কিছু লজ্জিত অনুভৱ কৰি নীতাই ভনী জোঁৱায়েকক ক’লে, তুমি বেয়া নাপাবা অনুপ৷ এইজনী আজি কেইদিনমানৰ পৰা খুব অহঙ্কাৰী হৈ উঠিছে৷ ডাঙৰৰ প্ৰতি তাইৰ ব্যৱহাৰ চোৱাঁচোন৷ আচলতে পপীৰ পৰিৱৰ্তনবোৰ দেখি মাক নীতা বৰুৱাই একো স্থিৰ কৰিব পৰা নাই৷ ছোৱালীজনীয়ে একো কোৱাও নাই৷ কিন্তু তাইৰ আচৰণত মাক হিচাপে তেওঁ অপ্ৰস্তুত হ’বলগীয়া হৈছে কেইবাবাৰো৷
লক্ডাউনৰ দিনবোৰত অকল ঘৰতে সোমাই সোমাই থাকিবলগীয়াতে তাইৰ এনে হৈছে নেকি? আগৰ দিনবোৰততো ঠিকেই আছিল ছোৱালীজনী৷ ইমান কথা কৈছিল যে মাজে মাজে তাইক জোৰকৈ কথা কোৱা বন্ধ কৰিবলগীয়া হৈছিল৷ ঘৰুৱা শিক্ষকজনৰ সৈতেও হাঁহি-মাতি আছিল৷ কিন্তু সিদিনা হঠাতে তাই তেওঁক গৃহশিক্ষকজন অহা বন্ধ কৰি দিবলৈ কৈছে৷ সৰু কথা নেকি? ক্লাছ ফ’ৰ হ’লে কি হ’ব, ছিলেবাছখন অলপ ডাঙৰ জানো? ইফালে পৰীক্ষাও হ’বই হেনো...৷ মুঠৰ ওপৰত নীতা বৰুৱাই ছোৱালীজনীক লৈ একো সুস্থিৰ সিদ্ধান্তলৈ আহিব পৰা নাই৷
বায়েকৰ মুখৰ পৰা পপীৰ বিষয়ে সকলো শুনি ৰীতাই তেওঁক বুজাবলৈ ধৰিলে—
: ‘‘তই মিছাতে ইমান চিন্তা কৰিছ বাইদেউ৷ তাই এজনী সৰু ছোৱালী৷ তাতে তাইৰ বয়সটোও বেয়া৷ এই বয়সত আচলতে সিহঁতৰ অভ্যাস বুলি একোৱেই নাথাকে৷ আচলতে লগ-সঙ্গ নাপাইহে চাগে তাই অকণমান খিংখিঙীয়া হৈছে৷ তই তাইক ইটো কৰ সিটো কৰ কৰি নাথাকিবিচোন৷ তাইৰ যি মন যায় সেইটোকে কৰিবলৈ দিবিচোন৷’’
: ‘‘নহয় অ’, অভদ্ৰামি কৰিবলৈ ধৰিছে তাই৷ কাৰো স’তে কথা এষাৰ পাতিব নোখোজে তাই৷ যেন মাত এষাৰ মাতিলে তাইৰ বহুত লোকচান হৈ যাব৷ কিবা এষাৰ ক’লেও মুখে মুখে উত্তৰ দিবলৈ আৰম্ভ কৰিছে৷ তাইক লৈ মই বৰ চিন্তাত পৰিছোঁ অ’৷ সিদিনা দেউতাক আহোঁতে তেৱোঁ তাইৰ পৰিৱৰ্তনৰ কথা সুধিছে মোক৷ মই তাইৰ গাটো বেয়া বুলি কৈছোঁ৷ মিছাতে তেওঁকো চিন্তাত পেলাব খোজা নাই মই৷ কিন্তু মইনো কি কৰোঁ ভাবিয়েই পোৱা নাই৷
: ‘‘তাইক তই অকণমান সময় দে৷ কথা পাত তাইৰ স’তে৷ সোধচোন কিবা অসুবিধা হৈছে নেকি, কিবা কথাত ভয় খাইছে নেকি?’’
: ‘‘বহুত যত্ন কৰিলোঁ মই জাননে, একো ফল ধৰা নাই৷ আগতে টিউটৰজনৰ লগতে ঘৰৰ মানুহৰ নিচিনাকৈ কথা-বতৰা পাতিছিল৷ এতিয়া তেওঁ আহিলে দুৱাৰ বন্ধ কৰি সোমাই থাকে৷ কি কৰোঁ, একো উপায় পোৱা নাই৷
: ‘‘ৰহচোন৷ তই বৰ বেছি চিন্তা কৰিছ৷ তই চাহ একাপ আন প্ৰথমে৷ এওঁ চাহকাপ খায়েই যাবগৈ৷ আজি মই তাইৰ লগত বহি যাম৷ কিবা এটা উপায় নিশ্চয় ওলাব৷ মই দুদিনমান থাকিম যেতিয়া তই আৰু একো ভাবিব নালাগে৷’’— ৰীতাই ক’লে৷
ৰীতা মনোবিজ্ঞানৰ ছাত্ৰী৷ প’ষ্ট গ্ৰেজুৱেশ্যনৰ পাছতে বিয়া হ’ল যদিও এতিয়াও শিশু মনোবিজ্ঞান বিষয়ক লৈ তাই এতিয়া সুৱাগমণি বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছে৷ গৱেষণাৰ কামতে বায়েক থকা চহৰখনলৈ আহিবলৈ পাই ৰীতাৰ মনটো আনন্দিত হৈ আছিলেই, এতিয়া ভাগিনীয়েকৰ মনৰ অস্বাভাৱিক অৱস্থাই তাইৰ গৱেষক মনটোক আৰু উৎসাহী কৰি তুলিলে৷
: ‘‘মই তোক এদিন মাতিম বুলিয়েই ভাবিছিলোঁ৷’’— নীতাই ক’লে, কিন্তু ক’ভিড পৰিস্থিতিৰ কাৰণেহে মতা নাছিলোঁ৷ তাতে তোৰ ঘৰত বয়সস্থ শহুৰ-শাহুও আছে৷ তই নিজেই আহিলত মোৰ বৰ ভাল লাগিছে ৰীতা৷ তই মাজনীৰ কি হৈছে গম ল’বলৈ যত্ন কৰচোন৷
: ‘‘তইনো মোক ক’ব লাগেনে বাইদেউ? তই চিন্তাই নকৰিবি৷ মই পপীক সুস্থিৰ কৰিহে ইয়াৰ পৰা যাম৷ তই কেৱল মোৰ ধৰণে তাইৰ স’তে কথা পাতিবলৈ দে৷ তই নিশ্চিন্ত থাক৷’’— ৰীতাই বায়েকক অভয় দিবলৈ যত্ন কৰিলে৷
: ‘‘পপী, কি পঢ়িছা?’’— একান্ত মনে কিতাপ এখন চাই থকা পপীৰ কাষতে বহি মাহীয়েকে সুধিলে৷
: ‘‘ষ্ট’ৰীবুক এখন পঢ়ি আছোঁ মাহী৷’’— উত্তৰ দিলে পপীয়ে৷
: ‘‘কিয়? ক’ৰ্ছৰ কিতাপহে পঢ়িব লাগে এতিয়া৷ পৰীক্ষা পালেহি নহয় পপী৷’’— এনেয়ে কথাষাৰ ক’লে ৰীতাই৷ বুজিলে তেওঁ, পপীয়ে অন্যমনস্কভাৱেহে কিতাপখন চাই আছে৷ তাৰ মানে ছোৱালীজনীৰ মনৰ ভিতৰত নিশ্চিতভাৱে কিবা এটা ঘটিছে৷ বিভিন্ন বিষয়ৰ কথা পাতি পাতি ৰীতাই কৌশলেৰে ন বছৰীয়া পপীৰ মনটো পঢ়ি পেলালে৷ বহুত সময় কথা পাতিলে মাহীয়েক আৰু ভাগিনীয়েকে৷ ৰীতাৰ সম্মুখত পপীৰ মানসিক সমস্যাটো ফট্ফটীয়াকৈ জিলিকি উঠিল৷
: ‘‘বাইদেউ, এই যে পপীৰ টিউটৰজন, তেওঁৰ ঘৰ ক’ত? মানুহজন কেনেকুৱা প্ৰকৃতিৰ মোক কচোন৷’’— ৰীতাই বায়েকক সুধিলে৷
: ‘‘বৰ ভাল মানুহ তেওঁ৷ পঢ়ায়ো ভালকৈ৷ যথেষ্ট মৰম কৰে নিজৰ ষ্টুডেণ্টক৷ কিয় সুধিলি?’’ —নীতাই জানিব খুজিলে৷
: ‘‘তই মানুহজনক এবাৰ মাতচোন৷ মোৰ তেওঁক এবাৰ লগ পাবলৈ মন গৈছে৷ পাৰিলে কাইলৈকে এবাৰ মাতচোন৷ পপীয়েও আমনি নকৰে৷ মই কথা দিছোঁ তোক৷’’
: ‘‘মাতিম বাৰু৷ পিছে তেওঁহে আহেনে নাহে৷ পপীয়ে যিখনহে অপমান কৰি থৈছে তেওঁক৷ কিন্তু তই তেওঁক লগ পাবলৈ বিচাৰিছ কিয়?’’ — নীতাই সুধিলে ৰীতাক৷
: ‘‘কথা আছে৷ পপীৰ মনত কি সমস্যা হৈছে তেৱোঁতো জনা উচিত৷ তেৱোঁতো যত্ন কৰা উচিত, তেওঁৰ ষ্টুডেণ্টৰ মনৰ জগতত কি কি সমস্যা হ’ব পাৰে৷ কাইলৈ তেওঁ আহিলেই সকলো ঠিক হৈ যাব, তই চাবিচোন৷ এতিয়া শুই থাকোঁগৈ ব’ল৷’’
নীতাই কিবা এটা বুজিলে৷ আগদিনাৰ সিদ্ধান্ত অনুসৰিয়ে ৰীতা আৰু পপীয়ে সকলো ঠিক কৰি ৰাখিলে৷ দুয়ো ঘৰুৱা শিক্ষকজনলৈ বাট চাই ৰ’ল৷ যথা সময়ত শিক্ষকজন আহিল৷ পপীয়ে স্বাভাৱিকভাৱেই তেওঁক নিজৰ পঢ়া কোঠালৈ আগ বঢ়াই লৈ গ’ল৷ এইজনী পপীয়েই যে যোৱা কিছু দিন ধৰি গৃহশিক্ষকজনক বেয়া ব্যৱহাৰ কৰিছিল নীতাই বিশ্বাস কৰিবলৈকে টান পালে৷ কিন্তু তেওঁৰ মনটো ভাল লাগি গ’ল৷ জীয়েকৰ পঢ়া কোঠাৰ দুৱাৰখন জপাই থৈ তেওঁ ঘৰুৱা কামত ব্যস্ত হৈ পৰিল৷
: ‘‘পপী, তোমাৰ কি হৈছে? তুমি হেনো মোক আহিবলৈকে মানা কৰি দিছা? মই কিন্তু তোমাক বেয়া পাইছোঁ৷ চোৱাঁচোন, তুমি এজনী ইমান ধুনীয়া ছোৱালী’’... এইবুলি গৃহশিক্ষক ৰঞ্জন বৰুৱাই নিজৰ সোঁহাতখন পপীৰ বাঁওহাতৰ ওপৰত থ’লে৷ অস্বস্তি পাই পপীয়ে নিজৰ হাতখন জোৰকৈ এৰুৱাই আনি ক’লে—
: ‘‘ছাৰ, এই কবিতাটো মই অকণো বুজি পোৱা নাই৷ এবাৰ বুজাই দিয়কচোন৷’’
: ‘‘এস্ পপী, পঢ়াৰ কথা পাতিম নহয়! প্ৰথমতে কোৱা, তুমি মোক কিয় বেয়া পাইছিলা?’’— এইবাৰ তেওঁ নিজৰ সোঁহাতখনেৰে পপীৰ গালখন চুই দিলে৷ তাৰ পাছতে তেওঁ নিজৰ চকীখনৰ পৰা উঠি গৈ পপী বহি থকা বিছনাখনত তাইৰ কাষতে বহি লৈ তাইক নিজৰ কোলাত বহুৱাবলৈ যত্ন কৰিলে৷ ঘটনা দেখি আগৰে পৰা কোঠাটোত লুকাই থাকি মানুহটোৰ কাণ্ড লক্ষ্য কৰি থকা ৰীতা অধৈৰ্য হৈ উঠিল৷ খঙত উগ্ৰমূৰ্তি ধৰি ওলাই আহি ৰীতাই চিঞৰি উঠিল—
: ‘‘লম্পট, অভদ্ৰ ক’ৰবাৰ!! শিক্ষকৰ নামত কলঙ্ক তই৷ এই ফুল কুমলীয়া ছোৱালীজনীক তই... ছিঃ! ৰহ, তোক মই জে’লৰ ভাত খুৱাম৷’’
হুলস্থুল শুনি পপীৰ মাক উধাতু খাই কোঠাটোলৈ সোমাই আহিল৷ কিন্তু ঘটনা সম্পৰ্কে তেওঁ একো ধাৰণা কৰিব নোৱাৰিলে৷ সেয়ে তেওঁ শিক্ষকজনক উদ্দেশ্যি ক’লে—
: ‘‘এই আকৌ আপোনাক কিবা কৈছে নেকি? বৰ অভদ্ৰ হৈছে এইজনী...’’
: ‘‘পপীক তই একো নক’বি বাইদেউ৷ তাই একোকে কৰা নাই৷ যতকূতৰ ঘাই এই মাষ্টৰহে৷ চৰিত্ৰহীন, লম্পট ক’ৰবাৰ! এয়া চা, তাৰ মাষ্টৰী চা...৷’’— এইবুলি ৰীতাই মনে মনে পপীৰ সৈতে গৃহশিক্ষকজন কোঠালৈ অহাৰে পৰা নিজৰ ম’বাইল ফোনত কৰি থোৱা ভিডিঅ’ ৰেক’ৰ্ডিংখিনি বায়েকক চাবলৈ দিলে৷ ভিডিঅ’খিনি চাই চাই নীতাৰ চকুহাল পানীৰে চল্চলীয়া হৈ পৰিল... উচুপি উচুপি তেওঁ পপীক সজোৰে সাবটি ধৰিলে৷
: ‘‘এতিয়া এই মহাপুৰুষক কি কৰা যায়? প্ৰমাণ সহকাৰে পুলিচৰ হাততে দি দিওঁ নে?’’— ৰীতাৰ কথাষাৰ শেষ হ’বলৈ নাপালেই, ৰঞ্জন বৰুৱা নীতাৰ ভৰিতে পৰিলহি৷
: ‘‘মোক ক্ষমা কৰি দিয়ক৷ মই অপৰাধ কৰিছোঁ৷ এই অকণমানি মোৰ ছোৱালীৰ বয়সৰ ছোৱালীজনীক মই...’’ কথা শেষ কৰিব নোৱাৰিলে ৰঞ্জন বৰুৱাই৷ হুকহুকাই কান্দি উঠিল তেওঁ৷ চকু মোহাৰি মোহাৰি আকৌ ক’লে তেওঁ—
: ‘‘পুলিচক নজনাব প্লিজ... মোৰ জীৱন শেষ হৈ যাব৷ মোৰ ছোৱালীজনীৰো জীৱন শেষ হৈ যাব৷ মোৰ পৰিয়ালটোৱে মানুহৰ আগত মুখ উলিয়াব নোৱৰা হ’ব৷’’
: ‘‘এইবোৰ কথা আগতে মনলৈ অহা নাছিল নেকি আপোনাৰ?’’— খং আৰু ঘৃণাৰে এইবাৰ নীতাই সুধিলে৷ ৰঞ্জন বৰুৱাই মজিয়াত আঁঠু কাঢ়ি থকা অৱস্থাতে তলমূৰ কৰিলে৷ নীতাই আকৌ ক’লে—
: ‘‘এই মুহূৰ্ততে আপুনি ইয়াৰ পৰা ওলাই যাওক৷ আপোনাৰ কি ব্যৱস্থা কৰোঁ পাছত কৰিম৷ আপোনাক চাই থাকিবলৈকে ঘিণ লাগিছে৷ ভৱিষ্যতেও এইফালে অহাৰ কথা নাভাবিব আপুনি৷ আপোনাৰ দৰে লোকৰ মুখ চোৱাটোৱেই লজ্জাজনক৷’’
ৰঞ্জন বৰুৱাই কিবা এষাৰ ক’ব খুজিছিল, কিন্তু ৰীতাই উগ্ৰমূৰ্তি ধৰি তেওঁক টানি নি কোঠাটোৰ পৰা বাহিৰ কৰি দিলে৷ কোনোমতে থিয় হৈ মানুহটো ঘৰৰ পৰা ওলাই গ’ল৷ তই বৰ সাহসী ছোৱালী ৰীতা৷ তোক লৈ মই গৌৰৱ কৰোঁ৷ তই নোহোৱাহ’লে পপীজনী দেখোন কিবা হৈ পৰিলহেঁতেন...৷’’— কৈ কৈ বায়েকৰ চকুহাল আকৌ চল্চলীয়া হৈ উঠিল৷ ৰীতাই বায়েকক সাবটি ধৰি ক’লে—
: ‘‘এনেকৈ চকুপানী টুকি টুকি ছোৱালীক কি সুৰক্ষা দিবি তই? মাকবোৰ শক্তিশালী হ’ব লাগে৷ সাহসী হ’ব লাগে৷’’
: ‘‘ভাগ্য ভাল যে তই আহিলি৷’’— নীতাই আকৌ ক’লে৷
ৰীতাই সমিধান দিলে— ‘‘এনেকৈ নহ’ব বাইদেউ৷ তই নিজে পপীক সুৰক্ষা দিব লাগিব৷ প্ৰতিটো মুহূৰ্ততে তই তাইক পৰ্যৱেক্ষণত ৰাখিব লাগিব৷ তাইক সাহসী হ’বলৈ শিকাব লাগিব৷ নিঃসঙ্কোচে সত্য প্ৰকাশ কৰিবলৈ শিকাব লাগিব৷ আমাৰ সমাজত আকৌ ছোৱালীক বিনয়ী হ’বলৈ শিকোৱাৰ নামত সঙ্কোচ প্ৰকাশ কৰিবলৈহে শিকোৱা হয়৷ শিকোৱা হয় কথায় প্ৰতি চকুপানী টুকিবলৈহে৷’’
: ‘‘এস্ হ’ব আৰু৷ কাটিং মাৰি নাথাকিবি৷’’— এইবাৰহে নীতা স্বাভাৱিক হ’ল৷ ৰীতাই এইবাৰ বেলেগ সুৰত ক’লে—
: ‘‘এইবাৰ যি হ’ল হ’ল বাৰু৷ আগলৈ তই কিমান সাৱধানী হ’ব লাগিব বুজি পালিয়েই৷ তথাপি কৈছোঁ শুন, ঘৰলৈ সঘনাই অহা-যোৱা কৰা মানুহ, তেজৰ সম্পৰ্ক থকা আত্মীয় আদিৰ পৰাই কন্যাশিশুবোৰৰ বিপদ সৰ্বাধিক৷’’— কথা পাতি বহি থকা মাক আৰু মাহীয়েকৰ মাজতে এইবাৰ পপী আহি বহিলহি৷ ঘটি যোৱা ঘটনাখিনিক লৈ ছোৱালীজনী অত্যন্ত উত্তেজিত যদিও ইতিমধ্যে তাই সেইখিনি সামৰি ল’ব পাৰিছে৷ মাহীয়েকে এইবাৰ তাইক উদ্দেশ্যি ক’লে—
: ‘‘বুজিছা পপী, তোমাৰ ক্ষেত্ৰত যিবোৰ ঘটিছিল তেনে ঘটনা আগলৈও ঘটিব পাৰে৷ ঘটিলে কি কৰিবা? নিজকে ৰক্ষা কৰাৰ লগতে তেনে অপৰাধীক শিক্ষাও দিব লাগিব৷ তাৰ কাৰণে তুমি সাহসীও হ’ব লাগিব, শক্তিশালীও হ’ব লাগিব৷ সঁচা কথা ক’বলৈ ভয় নকৰিবা৷ পাৰিলে কোৱাৰ আগতে বুদ্ধিৰে প্ৰমাণ গোটাই ল’বা৷ বিশেষকৈ মাৰ পৰা একোকে নুলুকুৱাবা দেই৷ মাতকৈ ভাল ফ্ৰেণ্ড আৰুনো কোন আছে কোৱাঁচোন৷
: ‘‘ওঁ... মাহী৷ মই এতিয়াৰ পৰা চব কথা ক’ম মাহী৷ মা, প্লিজ মোক বেয়া নাপাবা৷ প্লিজ মা...মইনো কি বুলি ক’ব লাগে সেইটোকে বুজি পোৱা নাছিলোঁ মাহী...’’
: ‘‘মই বুজিছোঁ মাজনী৷ আগলৈ কিন্তু মোৰ পৰা একো নুলুকুৱাবা৷ চোৱাঁচোন মই তোমাকে ভুল বুজি আছিলোঁ...৷ ইমান বিশ্বাস কৰা ভদ্ৰ মানুহটো যে ইমান চৰিত্ৰহীন ... মই বহুত কিবাকিবি শিকিছোঁ ৰীতা৷ বহুত শিকিছোঁ৷ থেঙ্ক য়ূ মাই ডিয়েৰ ছিষ্টাৰ৷ বাৰু কচোন, তইনো কথাবোৰ কেনেকৈ জানিলি?’’
পপী উঠি ভিতৰলৈ গুচি গ’ল৷ সম্ভৱ মাহীয়েকে তাইৰ কথা ক’ব বুলি ভাবিয়েই৷ ৰীতাই ক’লে— ‘‘চাইল্ড্ ছাইক’ল’জী, বুজিছ? পি এইছ ডি ডিগ্ৰী পাওঁনে নাপাওঁ বেলেগ কথা, কিন্তু বিষয়টো খুব ইণ্টাৰেষ্টিং৷ পপীয়েতো একোকে নকয়৷ কিন্তু তাই নোকোৱাকৈয়ে মই চব কথা জানি গ’লোঁ৷ কিছু দিনৰ আগতে এদিন সেই লম্পটটোৱে পপীৰ নুচুবলগীয়া ঠাইত চুইছিল... কোলাত বহুৱাবলৈ কেইবাদিনো যত্ন কৰিছিল৷ পপীয়ে কোৱা নাছিল, মই কিন্তু বুদ্ধি কৰি তাইৰ মুখেদি উলিয়াই পেলাইছিলোঁ কথাবোৰ৷ তাৰ পাছতে তাইক বুজাইছিলোঁ৷ সাহস দিবলৈ যত্ন কৰিছিলোঁ৷ তাৰ পাছত আমি যে নাটক কৰোঁ সেইবোৰ কথা উলিয়ালোঁ৷ তাই নাটক কৰিবলৈ আগ্ৰহ থকা বুলি কৈছিল৷ মই সেইখিনিতে সুবিধাটো ল’লোঁ৷ প্ৰথমে তাই মাষ্টৰটোৰ নামকে শুনা নাছিল৷ কিন্তু মই যেতিয়া তাইক বুজালোঁ, তাই মান্তি হ’ল৷ তাৰ ফলতে আজিৰ নাটকখন৷
কথাবোৰ শুনি শুনি নীতা প্ৰায় আচৰিত হৈছিল৷ শেষৰ ফালে তেওঁ ক্ৰমে ক্ৰমে চিন্তিত হৈ পৰিল আৰু ক’লে—
: ‘‘এৰা! আমি বাৰু এইবাৰলৈ বাচি গ’লোঁ, ৰীতা৷ কিন্তু কিমানৰ ঘৰত যে এনে ঘটনা সদায়ে ঘটিব ধৰিছে কোনে জানে? সকলোৱেতো মোৰ নিচিনা ভনী এজনীক পোৱা নাই৷ সেইবোৰ মানুহৰ কি হ’ব? কিমান শিশুকন্যা, কিশোৰীয়ে এনে ছেক্সুৱেল হেৰাছমেণ্ট সহি সহিও মনে মনে থাকিবলগীয়া হৈছে কোনে জানে?’’ — বায়েকক বাধা দি কৈ উঠিল ৰীতাই–
: ‘‘বহুতে বহুত ধৰণে এনে চেষ্টা কৰি আছে বাইদেউ৷ বহুত স্বেচ্ছাসেৱী সংগঠন গঢ় লৈ উঠিছে এনে উদ্দেশ্যতে৷ আমিও এটা দল গঠন কৰিছোঁ৷ বাতৰি কাকত-আলোচনীত এইবোৰ বিষয়কে লৈ লিখা-মেলা কৰিছোঁ৷ ৰেডিঅ’ আৰু দূৰদৰ্শনৰ যোগেদিও বিভিন্ন প্ৰচাৰ চলোৱা হৈছে৷ অভিভাৱকসকলৰ সৈতে কথা পাতিছোঁ স্কুলবোৰত৷ আকৌ বাটৰ নাট কৰি মানুহৰ মনবোৰ সাহসী কৰি তুলিবলৈও যত্ন কৰি আহিছোঁ৷ কিছুমান ৰুগীয়া মানসিকতাৰ মানুহেই প্ৰকৃততে এইবোৰ সামাজিক ব্যাধি সৃষ্টি কৰিছে আৰু ভুক্তভুগীসকলে মনে মনে সকলো সহ্য কৰি ব্যাধিটো বাঢ়িবলৈ দিছে৷
মাহীয়েকৰ কথাবোৰ দুৱাৰৰ সিপাৰৰ পৰা শুনি আছিল পপীয়ে৷ লাহে লাহে কথাখিনিয়ে তাইক মাহীয়েকৰ কাষলৈ লৈ আনিলে৷ কথা শুনি শুনিয়েই যন্ত্ৰৰ নিচিনাকৈ আগ বাঢ়ি আহি তাই আকৌ মাক আৰু মাহীয়েকৰ মাজতে বহি পৰিলহি৷ তাইৰ চুলিখিনি লিৰিকি-বিদাৰি কৈ গ’ল ৰীতাই—
: ‘‘এইবোৰ কামত লাগি থকা কাৰণে বহু লোকে আমাক বেয়াকৈও কয়, আমি হেনো সৰু সৰু ল’ৰা-ছোৱালীবোৰক নিশিকাবলগীয়া কথা শিকাই বিপথে নিছোঁ৷ কিন্তু আচল কথা কি জাননে বাইদেউ, অজ্ঞতা অপকাৰী নহয়৷ অজ্ঞতাক দূৰ কৰিব পাৰি৷ কিন্তু সংস্কাৰৰ গইনা লৈ কিছুমান মানুহে যে বেয়া কাম কৰি আহিছে সেইবোৰ মানুহক ধৰা পেলাবলৈ আমিও অত্যন্ত ভাবুকিৰ মাজেদি আগ বাঢ়িবলগীয়া হৈছে৷’’
: ‘‘মাহী...’’ —পপীৰ মাতত ৰীতাৰ কথা বন্ধ হ’ল৷
: ‘‘কোৱাঁ মোৰ গুড্ডিয়াৰাণী’’— মাহীয়েকে ক’লে৷
: ‘‘তোমালোকৰ নাটকৰ টিমত মোক একটিং কৰিবলৈ দিবানে?’’
: ‘‘ওঁ, নিশ্চয়৷ কিন্তু তুমি তোমাৰ মা-দেউতাৰাৰ পাৰ্মিশ্যন ল’ব লাগিব৷ সেইটো তুমি নিজে কৰিবলগীয়া কাম৷ তোমাৰ মা-দেউতাক বুজাই-বঢ়াই তোমাক আমি আমাৰ নাটকৰ টিমলৈ নিনিওঁ৷ অৱশ্যে তোমাৰ বয়সীয়া কেইবাজনো ল’ৰা-ছোৱালী আমাৰ টিমত আছে৷
: ‘‘পপীয়ে তহঁতৰ লগত নাটক কৰিব৷’’— বায়েকৰ দৃঢ় কণ্ঠ শুনি ৰীতা আচৰিত হ’ল৷ পপীও৷
: ‘‘এতিয়া শুবলৈ যাওঁ ব’ল৷’’— নীতাই ক’লে৷
: ‘‘ব’লা পপী৷’’— ৰীতাই ক’লে৷ পপীয়ে বহাৰ পৰা থিয় হৈ মাহীয়েকৰ হাতত ধৰিলে৷
: ‘‘আজি তিনিওজনী একেলগে শুম দেই মা৷’’— কৈ পপীয়ে মাক আৰু মাহীয়েকৰ মুখলৈ চালে৷ দুয়ো তাইলৈ চাই মৰমেৰে হাঁহি মাৰিলে৷
ঠিকনা :
'বাগেশ্ৰী'
উপপথ বি, জোনাকী পথ,
খনীয়া গাঁও
ডিব্ৰুগড়- ৭৮৬০০৩, অসম