স্মৃতিৰেখা দেৱী
তথাপি ইপ্পি
ডাঙৰীয়াৰ অনুৰোধ ৰাখি নিজৰ খুদমান আসনখনতে কিছু পোন হৈ বহি বাটলুৱে ক’বলৈ যত্ন
কৰিলে –
‘আপোনালোক
সকলোকে প্ৰণাম জনাইছোঁ৷ মই বৰ বেছি কথা নাজানো৷ আমাৰ পৃথিৱীত আপোনালোকৰ দৰে এবিধ
প্ৰাণী আছে যিসকলক মানুহ বুলি কয়, তেওঁলোকে কিন্তু বহুত কথা জানে৷ বাৰু
এতিয়া তেওঁলোক নাই যেতিয়া মই সেই বিষয়ে কৈ লাভ নাই৷ সঁচা কথা ক’বলৈ গ’লে গছে-বনে
ভৰপুৰ চিৰসেউজীয়া সেউজপুৰখনৰ এজোপা গছো আমি সেউজপুৰীয়াসকলে ৰুই পোৱা নাই৷ এইখিনিতে
মই আমাৰ সেউজপুৰৰ বিষয়ে কিছু পুৰণি কথাহে আপোনালোকক ক’ব খুজিছোঁ৷ অৱশ্যে যদিহে
আপোনালোকে আমনি নাপায়৷’
সকলোৱে মৃদুভাৱে
টেবুলত ঢকিয়াই ঢকিয়াই আগ্ৰহ প্ৰকাশ কৰিলে৷ বাটলুৱে পুনৰাই কৈ গ’ল–
‘আমি
দেখা কথা নহয়, শুনিছোঁহে যে কেইবাশ বছৰৰ আগতে আমাৰ সেউজপুৰ
ৰাজ্যখন থকা ঠাইত পৃথিৱীৰ আটাইতকৈ বুদ্ধিমান প্ৰাণী মানুহৰ এখন গাঁও আছিল৷ তেতিয়া
আমাৰ জুৰণি নৈখনো আজিৰ নিচিনা পানীৰে উপচি পৰা নাছিল৷ খৰালি নৈখন প্ৰায় শুকাই মাটি
ওলাই গৈছিল; অকল বাৰিষাহে পানীৰ সোঁত বৈছিল৷ ঠাইবোৰ খুব
শুকান আছিল হেনো৷ স্বাভাৱিকভাৱে গজা সৰু সৰু গছ-বন আছিল যদিও ডাঙৰ গছ নাছিলেই
হেনো৷ সেই মানুহসকলৰ কেইজনমানে হেনো বেলেগ বেলেগ ঠাইৰপৰা বেলেগ বেলেগ গছৰ পুলি আনি
নিজা নিজা ঘৰৰ চাৰিওফালে ৰুই পানী-দুনি দি বৰ কষ্ট কৰি ডাঙৰ কৰিছিল৷ প্ৰথমতে ৰোৱা
গছবোৰ ডাঙৰ হোৱাৰ পাছত লাহে লাহে সিহঁতৰ পুলিবোৰ নিজে নিজে গজিবলৈ আৰম্ভ কৰিছিল৷
এনেদৰে আটায়ে গছ ৰোৱাৰ ফলতে ক্ৰমে ক্ৰমে মানুহৰ গাঁওখন এখন প্ৰকাণ্ড অৰণ্যলৈ
ৰূপান্তৰিত হ’ল৷ সেই মানুহসকল সেই অৰণ্যখনৰ আত্মাৰ নিচিনা আছিল কাৰণ তেওঁলোকেই
অৰণ্যখন সৃষ্টি কৰিছিল আৰু নিজৰ বাহিৰেও আন আন জীৱজন্তুও যাতে তাত থাকিব পাৰে তাৰ
কাৰণে যত্ন কৰিছিল৷ তেওঁলোকে বেলেগ বেলেগ ঠাইৰপৰা বিভিন্ন-পশু-পক্ষী আনি অৰণ্যখনত
থাকিবলৈ মেলি দিছিলহি৷ তেতিয়ালৈকে সকলো ঠিকেই আছিল৷ পিছে অৰণ্য ঘন আৰু গভীৰ হৈ
অহাৰ লগে লাগে লাহে লাহে তালৈ কেইবাটাও মাংসাহাৰী জন্তুৰো আগমন ঘটিল৷ সিহঁতৰ
সংখ্যা বঢ়াৰ লগে লগে মানুহৰ সৈতে অৰণ্যখনৰ দূৰত্ব বৃদ্ধি পাবলৈ ধৰিলে৷ মাংসাহাৰী
মানেই হিংস্ৰ নহয় যদিও কিছুমান হিংস্ৰ
জন্তুৱে খাদ্যৰ কাৰণে কেতিয়াবা মানুহৰো অনিষ্ট কৰিবলৈ ধৰিলে৷ প্ৰথমে সিহঁতে মানুহৰ
পোহনীয়া জন্তু হত্যা কৰি খাবলৈ ধৰিছিল৷ তাৰ পাছত কেতিয়াবা ভুলক্ৰমে মানুহক আক্ৰমণো
কৰিবলৈ ধৰাত মানুহসকল তাৰপৰা আঁতৰি কেনিবা গ’লগৈ৷ সেই অৰণ্যখনকে পাছত আমাৰ মহাৰাজ
কেশৰীৰ কোনোবা এজন পূৰ্বপুৰুষে সেউজপুৰ নাম দি শাসন কৰিবলৈ আৰম্ভ কৰিলে৷’
একেৰাহে বহু সময়
ধৰি কথা কৈ কৈ বাটলুৱে দীঘলকৈ উশাহ এটা ল’লে৷
‘অ’,
তাৰমানে
আপোনালোকে সেউজপুৰত গছ-গছনি ৰোৱা নাই? তেন্তে আমাকনো আপুনি কেনেকৈ গছ ৰোৱাৰ
আৰু ডাঙৰ কৰাৰ কৌশল শিকাব?’ বাটলুৰ অচিনাকী এজন লোকে সুধিলে৷ কথা
কোৱাজনৰ মুখখন বাকী কেইজনতকৈ যেন অলপ খঙাল, বাটলুৰ তেনে
অনুভৱ হ’ল৷ মাতষাৰো বৰ হুটা যেন শুনিলে সি৷ ‘অ’ তাৰমানে সেউজপুৰৰ তাহানিৰ হিটলাৰৰ
নিচিনা ৰাইজৰ লগত জীণ নোযোৱা প্ৰাণী এইখন পৃথিৱীতো আছে!’ ভাবিলে সি৷ সোঁ হাতোৰাৰে
নাকৰ আগটো খজুৱাই খজুৱাই সি পুনৰ নম্ৰভাৱে ক’বলৈ আৰম্ভ কৰিলে–
‘হয়,
মহাশয়৷
এই কথাটো মই আগতেই কৈছোঁ৷ মই বা আমাৰ সেউজপুৰৰ কোনো এজন প্ৰাণীয়েই গছ ৰুই পোৱা
নাই৷ কিন্তু আমি গছ প্ৰতিপালন কৰিব জানো৷ এসময়ত মই মানুহসকলৰ সমাজত আছিলোঁ৷ এতিয়াও
মোৰ দুজনমান মানুহ বন্ধু আছে৷ নিজে দেখা আৰু তেওঁলোকৰপৰা জনা কেইটামান তথ্যৰ আধাৰত
মই আপোনালোকক এই বিষয়ক দুষাৰমান কথা ক’ব পাৰিম বুলি ভাবিছোঁ৷’
‘বাটলু
মহাশয়, আমি আপোনাৰ কথা শুনিবলৈ ইচ্চুক৷ অনুগ্ৰহ কৰি আপুনি কওক৷’
‘লুংলু,
তুমি
অকণমান শান্ত হৈ বহাঁ৷’ হিঙে লক্ষ্য কৰি আছিল যে লুংলুৰ কথা-বতৰাৰ সুৰটো বাটলুৰ
বাবে কিছু অস্বস্তিকৰ হৈ পৰিছে৷ সেয়ে বাটলু যাতে স্বাভাৱিক হৈ থাকিব পাৰে তাৰ বাবে
ব্যস্ত হৈ হিঙে সেই গোমোঠা আৰু খঙাল প্ৰাণীজনক উদ্দেশ্যি ক’লে৷ ‘অ’, এইজনৰ
নাম তেনেহ’লে লুংলু!’ ভাবি ভাবি মিচিকিয়া হাঁহি এটা ওঁঠত ফুটাই তুলি বাটলুৱে ক’বলৈ
আৰম্ভ কৰিলে–
‘পোনপটীয়াকৈ
আচল কথালৈকে আহোঁ৷ গছপুলি ৰোপণ কৰিব কাৰণে প্ৰথমটো আৱশ্যকীয় বস্তু হৈছে উপযুক্ত
মাটি৷ আপোনালোকৰ এই গ্ৰীনাৰ মাটিৰ চৰিত্ৰ আমাৰ পৃথিৱীৰ মাটিৰ লগত মিলে নে নিমিলে
আপোনালোকে পৰীক্ষা কৰি চাইছেনে?’
‘এতিয়া
অৱশ্যে চোৱা হোৱা নাই৷ মানে আমি জানো৷ কাৰণ পূৰ্বে বহুবাৰ এই পৰীক্ষা কৰা হৈছে৷’
ইপ্পিয়ে বাটলুৰ প্ৰশ্নৰ উত্তৰ দিলে৷
‘অক্সিজেন,
নাইট্ৰ’জেন, কাৰ্বন,
ফছফৰাছ,
জিংক
আদি উপাদানবোৰ এই মাটিত কি কি পৰিমাণত আছে সেইটো প্ৰথমে পৰীক্ষা কৰি চাওক৷ আৰু লগতে চাওক আমাৰ
পৃথিৱীৰ মাটিৰ গুণাগুণো৷ দুয়োখিনি মিলিলেহে আমাৰ পৃথিৱীৰ গছ ইয়াত ডাঙৰ হ’ব পাৰিব৷
দ্বিতীয়তে পানী৷ পানীয়েই যে সকলো জীৱৰ কাৰণে অমৃতৰ নিচিনা সেয়া মই নক’লেও
আপোনালোকে নিশ্চয় জানে৷ গতিকে আপোনালোকৰ ইয়াৰ পানী আৰু আমাৰ পৃথিৱীৰ পানীৰ পৰীক্ষাও
কৰক৷ তাৰ পাছত আপোনালোকে আমাৰ পৃথিৱীৰ গুণাগুণেৰে মাটি আৰু পানী সৃষ্টি কৰক
কৃত্ৰিমভাৱে৷ প্ৰথমে কিছু বছৰ তেনে
কৃত্ৰিম মাটিত ৰুই লাহে লাহে আপোনালোকৰ মাটিৰ পৰিমাণটো বঢ়াই নিয়ক৷’
‘ইপ্পিৰ
চকুহাল ডাঙৰ হৈ উঠিল৷ মুখনত ফুটি উঠিল এটা হাঁহি৷ হিঙকে ধৰি বাকীসকলৰো মুখত আনন্দৰ
ভাব প্ৰকাশ পালে৷ বাটলুৱে মন কৰিলে, এইবাৰ লুংলু বোলাজনো যেন আনন্দিত হৈছে৷
সি উৎসাহিত বোধ কৰি পুনৰ ক’বলৈ ধৰিলে–
‘তাৰ
পাছত আহিব তাপ আৰু পোহৰ৷ আমাৰ সূৰ্যৰ পোহৰৰ তাপ আপোনালোকৰ সূৰ্যটোৰ সৈতে কেতিয়াও
একে নহয়৷ আপোনালোকৰ সূৰ্যৰ তাপ কিছু বেছি৷’
‘সেই
তাপ কমকৈ পাবলৈ আমি গছপুলিবোৰক ছাঁ দি ৰাখিছোঁ দেখোন৷’ পুনৰাই ভেকাহি মৰাৰ দৰে কৈ
উঠিল লুংলুৱে৷ বাটলু ৰৈ গ’ল৷ সি মন কৰিলে, লুংলুৰ আচৰণ বাকীকেইজনে ভাল পোৱা নাই৷
ইপ্পিয়ে লুংলুৰ ফালে হাত এখন দাঙি তেওঁক মনে মনে থাকিবলৈ ইঙ্গিত দিলে৷
‘কওক,আপুনি
কওক৷’ ইপ্পিয়ে অনুৰোধ জনালে বাটলুক৷ বাটলুৱে আকৌ ক’বলৈ ধৰিলে–
‘আমাৰ
পৃথিৱীৰ তুলনাত আপোনালোকৰ ইয়াত বৰষুণ খুব কমকৈ হয় যেন লাগিছে৷ ৰ’দো খুব চোকা৷
গতিকে লাহে লাহে আপোনালোকে ছাঁ দি ডাঙৰ কৰা গছবোৰ বাহিৰলৈ নিব লাগিব, মানে
সিহঁতৰ ওপৰৰপৰা অলপ সময়ৰ বাবে ছাঁ গুচাই দিব লাগিব৷ লাহে লাহে ৰ’দত থকা সময় বঢ়াই
নিব লাগিব৷ পাৰিলে আপোনালোকে কৃত্ৰিমভাৱে বৰষুণ দিয়াব পাৰিব লাগিব৷ আপোনালোকে নিশ্চয়
এইকেইটা কাম কৰিব পাৰিব৷’
‘নিশ্চয়,
নিশ্চয়৷
মই যি বুজিছোঁ, আমি কৰি অহামতেই কামবোৰ কৰি যাব লাগিব; কিন্তু
আৰু সূক্ষ্মভাৱে দুটামান কথালৈ চকু দিব লাগিব৷ নহয়নে ডাঙৰীয়া?’
ইপ্পিয়ে
প্ৰফুল্লিত মুখেৰে কৈ উঠি পুনৰ বাটলুক সুধিলে৷ বাটলুৱে উত্তৰ দিলে–
‘হয়,
মহাদয়৷
আপোনালোকে আমাৰ পৃথিৱীৰপৰা ক্ৰমে ক্ৰমে কিছু মাটিও অনাৰ ব্যৱস্থা কৰক৷ লগতে ইয়াৰ
মাটিও নি আমাৰ তাত কোনো ঠাইত মিহলাই দিয়কগৈ৷ তাৰ পাছত লাহে লাহে লক্ষ্য কৰক, ইয়াত আৰু তাত
গছ-গছনি গজাৰ মাজত বেলেগ কিবা ঘটনা ঘটে নেকি৷’
‘লুংলু,
দেখিলানে?
আমি
যিদৰে কৰি আহিছোঁ সেইদৰে আমি সফল হ’ব পৰা নাই৷ যদি আমি আৰু অকণমান কষ্ট কৰোঁ
তেন্তে নিশ্চয় অতি সোনকালে আমাৰ এই শুকান গ্ৰীনা আগৰ দৰে সেউজীয়া হৈ উঠিব৷’
‘হয়
ইপ্পি৷ নিশ্চয় আমি কৰিব লাগিব৷ ধন্যবাদ বাটলু ডাঙৰীয়াক৷’ লুংলুৱে এইবাৰ বাটলুক
স্পষ্ট ভাষাৰে ধন্যবাদ জনালে৷ বাটলুৱে আকৌ ক’লে–
‘আপোনালোকে
অকণো চিন্তা নকৰিব৷ ইচ্ছা থাকিলে, চেষ্টা কৰিলে যিকোনো উদ্দেশ্যই শফল হয়৷
মইতো আপোনালোকৰ সৈতে এইটো কামত আছোঁৱেই৷ দৰকাৰ হ’লে আন আন সেউজপুৰীয়ায়ো আপোনালোকক
সহায় কৰিব৷ মই লক্ষ্য কৰিছোঁ, আমাৰ পৃথিৱীৰ আটাইতকৈ বুদ্ধিমান জীৱ
মানুহতকৈও আপোনালোক অধিক বুদ্ধিমান আৰু জ্ঞানী৷ তথাপি কওঁ, নিয়মীয়াকৈ কৰা
অভ্যাসৰ কাৰণেই গছ-গছনি ৰোৱা আৰু ডাঙৰ কৰাৰ ক্ষেত্ৰত আমাৰ পৃথিৱীৰ মানুহসকল অধিক
দক্ষ৷ আপোনালোকেও অভ্যাস কৰক, গ্ৰীনা আকৌ সেউজীয়া হৈ উঠিব৷ দৰকাৰ
হ’লে আমাৰ সেউজপুৰৰ প্ৰাণীসকলৰ কিছু সংখ্যককো আপোনালোকে ইয়ালৈ লৈ আনিব পাৰিব,
আপোনালোকৰ
সুখ-দুখৰ সমভাগী হ’বলৈ৷ আপোনালোকৰ ইমান খৰকৈ অহা-যোৱা কৰিব পৰা যন্ত্ৰবাহন আছে
যেতিয়া একো চিন্তাই নাই৷’
বাটলু ৰ’ল৷
বাকীকেইজন লোকৰ
এজনেও এষাৰো কথা কোৱা নাই৷ কেউজনে তধা লাগি তাৰ মুখলৈ চাই আছে৷ সি এক প্ৰকাৰে
লাজেই পাই গ’ল৷ তলমূৰকৈ সি ক’লে–
‘মই
কিবা নক’বলগীয়া কথা ক’লোঁ যদি অনুগ্ৰহ কৰি ক্ষমা কৰে যেন৷’
‘ক্ষমা,
ডাঙৰীয়া?
আপুনি
কয় কি?’ হিঙে এক প্ৰকাৰ চিঞৰি উঠিল৷
‘আপুনি
আমাৰ ইয়াত গছ ৰোৱাৰ কৌশলৰ বিষয়ে কোৱা কথাখিনি খুব গুৰুত্বপূৰ্ণ৷ কিন্তু
সেইখিনিতকৈও এই শেষৰ কথাখিনি অধিক মহত্ত্বপূৰ্ণ৷ ইমান ইতিবাচক কথা ক’লে আপুনি! এনে
ইতিবাচকতাই আমাক নতুনকৈ মনোবল দিছে বাটলু ডাঙৰীয়া৷’
(আগলৈ)