স্মৃতিৰখা দেৱী
‘আচৰিত! তিনিশ বছৰ ধৰি আমাৰ পৃথিৱীত কিন্তু কোনো প্ৰাণী জীয়াই থাকিব পাৰে বুলি শুনা নাই৷ অৱশ্যে ‘গেলাপাগাছ’ নামৰ এটা বিশেষ দ্বীপত দুশ-আঢ়ৈশ বছৰমানলৈকে এবিধ কাছ জীয়াই থকাৰ বিষয়ে শুনিছোঁ৷’ অকণি অকণি চকুহাল ডাঙৰকৈ মেলি বাটলুৱে ক’লে৷
‘হয় ডাঙৰীয়া৷ আমাৰ পৃথিৱীখনৰ প্ৰায়বোৰ
কথাই আপোনালোকৰ সৈতে নিমিলে৷ এতিয়া চাওক, আপোনালোকৰ চৌবিছ ঘণ্টাত এদিন হয়৷ আমাৰ
ইয়াত আকৌ আপোনালোকৰ পৃথিৱীৰ প্ৰায় সাতদিন গোটালেহে এদিন হয়৷’ হিঙৰ কথা শুনি বাটলু
আচৰিত হ’ল৷ সি সুধিলে–
‘কিন্তু মোৰ দেখোন তেনেকুৱা যেন অনুভৱ
হোৱা নাই৷’
‘নোহোৱাটোৱেই স্বাভাৱিক৷’ হিঙে চমুকৈ
উত্তৰ দিলে৷ বাটলুৱে আচৰিত যেন লগা কথাবোৰকে ভাবি থাকিল৷ হিঙে আকৌ ক’লে–
‘ডাঙৰীয়া, মই বিশেষ কথা
এটাতহে আপোনাৰ ওচৰলৈ আহিছিলোঁ৷ কথা পাতি পাতি সেই বিষয়টো পাহৰিয়ে পেলাইছিলোঁ
দেখিছেনে?’
‘বিশেষ কথা! কিনো সেয়া?’ সুধি
বাটলুৱে হিঙৰ মুখলৈ চালে৷
‘ইপ্পিয়ে আপোনাক তেওঁৰ অ’ফিচলৈ এবাৰ
মাতি পঠিয়াইছে৷ অৱশ্যে যদিহে আপুনি আমনি নাপায়৷ আপোনাৰ সুবিধা মতে গ’লেও হ’ব৷’
এইবুলি কৈ হিং যাবলৈ ওলাল৷ বাটলুৱেও দুখোজ আগ বাঢ়ি গৈ হিঙক বিদায় দিলে৷
...
ইপ্পি ডাঙৰীয়াই মাতি পঠাইছে যেতিয়া
নিশ্চয় কিবা জৰুৰী বিষয়েই হ’ব৷ পলম নকৰি সোনকালে যোৱাই ভাল হ’ব৷ এনেয়ে শুই-বহি এনেকৈ
থকাতকৈ অকণমান ওলাই যোৱাই ভাল৷ ভাবি থাকোঁতেই বাটি এটাৰ নিচিনা সৰু পাত্ৰ এটাত চকু
পৰিল বাটলুৰ৷ পাত্ৰটোৰ ঢাকনিখন আঁতৰাই সি তাত এসোপামান খোৱাবস্তু দেখিলে৷ হিং
ডাঙৰীয়াই মোলৈকে লৈ আনিছিল বোধকৰোঁ; কথা পাতি থাকোঁতে ক’বলৈ পাহৰিলে৷
যি হওক খোৱাবস্তুখিনি দেখি তাৰ ভোকটোও
বাঢ়ি আহিল৷ কাজু বাদামটোৰ নিচিনা গুটি এটা সি খৰকৈ কুটি কুটি খাই পেলালে৷ লগে
লগে তাৰ পেটটো ভৰি পৰিল৷ ডাঙৰকৈ উগাৰ এটা মাৰি সি বাকী খাদ্যখিনি আকৌ ঢাকোন মাৰি
থ’লে আৰু ইপ্পিৰ অ’ফিচৰ ফালে যাবলৈ বুলি ওলাল৷
তাক থাকিবলৈ দিয়া ঠাইৰপৰা ইপ্পিৰ
অ’ফিচটো কেই মিটাৰমানহে দূৰ হ’ব৷ আচলতে ঘৰ একেটাই৷ সেয়ে সি বাহিৰৰ ৰ’দৰ তাপ
সহিবলগীয়া নহ’ল৷ ইজন-সিজনকৈ কেইবাজনো লোকক লগ পালে বাটলুৱে৷ চিনাকী-অচিনাকী আটায়ে
তাক অভিবাদন জনালে৷ সিও প্ৰতি অভিবাদন জনালে৷
এইখন জগতৰ লোকসকল ইমান নম্ৰ, ইমান
ভদ্ৰ! ভাবি ভাবি আনন্দত তাৰ চকুহাল সেমেকি উঠিল৷
...
‘আহক, আহক মহাশয়৷
আপোনালৈকে বাট চাই আছোঁ আমি৷’
কিবাকিবি ভাবি ভাবি খৰখেজেৰে গৈ
কেতিয়ানো ইপ্পিৰ অ’ফিচৰ দুৱাৰমুখ পালেগৈ বাটলুৱে গমকে পোৱা নাছিল৷ ইপ্পিৰ মাত শুনি
সি ওপৰলৈ মূৰ তুলি চালে আৰু অপ্ৰস্তুতভাৱেই তেওঁক সম্ভাষণ জনালে৷ কোঠাটোৰ ভিতৰত
ভালেকেইজন লোক এখন ডাঙৰ টেবুলৰ চাৰিওফালে বহি আছে৷
ইপ্পিয়ে নিজৰ সোঁহাতখন মাটিত লগাই
দিলে৷ বাটলু ইপ্পিৰ হাতত উঠিল৷ ইপ্পিয়ে তাক টেবুলখনৰ ওপৰলৈ উঠাই দিলে৷ সি সকলোকে
সম্ভাষণ জনাই টেবুলৰ ওপৰত থকা জুইশলা বাহটোৰ নিচিনা আসনখনত বহি ল’লেগৈ৷ ইপ্পিও
খৰখোজেৰে গৈ নিজৰ আসনখনত বহি ক’বলৈ আৰম্ভ কৰিলে–
‘সকলো আহিল যেতিয়া আমাৰ আলোচনা আৰম্ভ
কৰোঁ৷’
সকলোৱে সন্মতিসূচকভাৱে টেবুলত ঢকিয়াই ঢকিয়াই মূৰ দুপিয়ালে৷
তেওঁ আকৌ আৰম্ভ কৰিলে–
‘আপোনালোক আটায়ে নি(য় আমাৰ শ্ৰদ্ধেয়
অতিথি বাটলু মহাশয়ৰ সৈতে চিনাকি হৈছে৷ এখেত আচলতে এখন বেলেগ পৃথিৱীৰপৰা ঘটনাক্ৰমে
আহি আমাৰ গ্ৰীনাত উপস্থিত হ’লহি৷ এখেতলোকৰ জগতখনৰ পৰিৱেশ আমাতকৈ বেলেগ, জলবায়ু
বেলেগ, দিন-ৰাতিবোৰো বেলেগ৷ তেনে এখন জগতৰপৰা আহি আমাৰ ইয়াত থাকি নি(য় এখেতে
ভাল পোৱা নাই– আত্মীয়-স্বজনৰপৰা আঁতৰি থাকি কাৰনো ভাল লাগে! এখেত দেখাত তেনেই
কণমানি, কিন্তু বহুত কথা জানে এখেতে৷ ইমান কম দিনৰ ভিতৰতে এখেতে আমাৰ গ্ৰীনাৰ
বিষয়েও বহু কথা জানি পেলাইছে৷ এখেতলোকৰ পৃথিৱীখন সেউজীয়া, গছ-গছনিৰে ভৰা৷
ঠিক কেইশমান বছৰৰ আগতে আমাৰ গ্ৰীনা যেনেকুৱা আছিল তেনেকুৱাই৷ আমি যে বিভিন্ন গছৰ
সঁচ সংগ্ৰহ কৰি আনি আমাৰ গ্ৰীনাক আকৌ সেউজীয়া কৰি তুলিবলৈ যত্ন কৰি আছোঁ,
সেইবোৰ
সঁচ এখেতলোকৰ জগতখনৰপৰাই আমি সংগ্ৰহ কৰিছোঁ৷ এতিয়া কথা হৈছে, আমি
অনা সকলো গছৰ সঁচ আমি ইয়াত বচাব পৰা নাই৷ সিদিনা বাটলু মহাশয়ে আমাৰ পৰীক্ষাগাৰ
দৰ্শন কৰিছিল৷ আমি গছবোৰ ৰুবলৈ কৰা যত্নৰ এখেতে প্ৰশংসা কৰিছিল যদিও আমাৰ গছবোৰ
বচাই ৰাখিবলৈ কিবা কৌশল আমাক জনাম বুলিও কৈছিল৷’
আটায়ে আনন্দ প্ৰকাশ কৰি হাতচাপৰি
বজোৱাৰ দৰে কৰিলে৷ ইপ্পিয়ে পুনৰ ক’বলৈ ধৰিলে–
‘এখেতে নি(য় আমাৰ জগতখনৰ মঙ্গল চিন্তা
কৰে৷ সেয়েহে এখেতে উপযাচি আমাক এনে কৌশল শিকাবলৈ ইচ্চা প্ৰকাশ কৰিছে৷ এনে এজন
কল্যাণকামী বন্ধু লাভ কৰি আমি আনন্দিত হৈছোঁ৷ এতিয়া মই মাননীয় বাটলু মহোদয়ক গছ
ৰোৱাৰ কৌশল তথা সেইবোৰ ডাঙৰ হোৱালৈকে বচাই ৰখাৰ কৌশল সম্পৰ্কে আমাক জনাবলৈ অনুৰোধ
কৰিছোঁ৷’
বাটলু হতভম্ব হ’ল৷ হ’বৰে কথা! সিটো গছ
ৰুই পোৱা নাই৷ সি কিয়কোনো এজন সেউজপুৰীয়াই আজিলৈকে গছ এজোপা ৰুই পোৱা নাই৷
(আগলৈ)