পদ্মজা বৰুৱা মহন
‘সোণটো৷ সোণটো’
মাকৰ মাতত টোপনিৰ পৰা সাৰ পালে ফ্ৰাচেঙে৷ পৰীক্ষা শেষ হৈছে বুলি আজি দেৰিলৈকে শুব বুলি ভাবিছিল সি৷ মাকে তুলিয়ে দিলে৷ এঙামুৰি এটা দি সি সুধিলে- ‘কি হ’ল মা !’
‘দেউতাক আজিও কামলৈ মাতিছে৷ নগ’লে নহ’বই বোলে৷ তুমি শাক-পাচলিখিনি
বজাৰলৈ লৈ যাব পাৰিবা নেকি সুধিছে৷’
‘হমম্৷’ খন্তেক চিন্তা কৰি ফ্ৰাচেং বিছনাৰ পৰা উঠিল৷
‘ঠিক আছে মা৷ যাম বাৰু৷’
‘উঠাঁ তেতিয়াহ’লে৷ দেৰি হ’লে বহিবলৈ ঠাই নেপাবাগৈ৷’
‘অঁ৷’
ফ্ৰাচেং উঠি আহিল৷
দেউতাকে মোনা দুটাত শাক-পাচলিবোৰ ভৰাই সাজু কৰিছিল৷
‘সোণটো, মই মটৰ চাইকেলখনত বজাৰত থৈ আহিম নেকি তোমাক?’ -ফ্ৰাচেং
উঠি অহা দেখি সুধিলে তেওঁ৷
ফ্ৰাচেঙে মোনা দুটালৈ চালে৷ এটা মোনাত লফা, ধনিয়া, পালেং
আদি শাক আৰু আনটোত কবি, গাজৰ, বেঙেনা আদি পাচলি৷ বেছি গধুৰ নহ’ব চাগৈ৷
‘নালাগে দেউতা৷ মই চাইকেলতে লৈ যাম৷ তুমি যোৱাঁ৷’
‘ঠিক আছে তেনেহ’লে৷’ - কৈ দেউতাক গুচি গ’ল৷
ফ্ৰাচেঙে মুখ-হাত ধুই গৰম পানী এগিলাছ খালে৷ তাৰ পাছত চুলিখিনি
ঠিক কৰি স্পৰ্টিংটোও সলাই চাইকেলখন উলিয়াই ল’লে৷ মাকে মোনা দুটা হেণ্ডেলত ওলমাই দিলে৷
‘ভালকৈ যাবা৷’
‘ওঁ৷ যাওঁ৷ কিবা আনিব লাগিব নেকি বজাৰৰ পৰা?’
চাইকেলত উঠিবলৈ
লৈ সুধিলে ফ্ৰাচেঙে৷
‘নালাগে৷ দেউতাৰে আনিব৷ পিঠা বনাইছিলোঁ, এটা খাই যোৱাঁ৷
কিমান বা দেৰি হয়, ভোক লাগিবগৈ৷’
তেওঁ চাইকেলখন ধৰি ফ্ৰাচেঙক ভিতৰলৈ পঠিয়ালে৷
পিঠা দুখন খাই মাকক মাত লগাই ফ্ৰাচেঙে পদূলিটো পাৰ হৈছেহে,
তেনেতে দেখিলে তীখৰক সিহঁতৰ পদূলিত৷ তাৰ চাইকেলখনৰ আগচকাটো দাঙি দাঙি সি ঠাইতে ঘূৰাই
ঘূৰাই কাৰোবাৰ লগত ধেমালি কৰি আছিল৷
ধৈ এইটো৷
ফ্ৰাচেঙৰ মনত বিৰক্তি লাগিল৷ তীখৰক দেখিলে তাৰ মনটো কোঁচ
খাই যায়৷ উল্টা-পুল্টা কথা কৈ, জোকাই নগুৰ-নাগতি কৰি সকলোকে হাৰাশাস্তি কৰি ফুৰে যে৷
এনেকুৱা কামবোৰৰ বাবেই তাক গাঁৱত আটায়ে তীখৰ বুলি মাতে৷ তাৰ ভাল নাম পল্লৱ৷
‘অ’ শাক বেপাৰী ৰ ৰ ৷ ৰ আকৌ৷’
ফ্ৰাচেঙে তীখৰক নেদেখা ভাও জুৰি কাষেৰে পাৰ হ’ব খোজোতেই
তাৰ চাইকেলখনৰ আগতে নিজৰ চাইকেলখন পথালিকৈ থিয় কৰাই দি বলেৰে ৰখাই দিলে ফ্ৰাচেঙক৷ ব্ৰেকডাল
ধৰি কোনোমতেহে ৰ’ল ফ্ৰাচেং৷
‘কি আনিছ চাওঁ ?’-সুধিলে সি৷
‘আঁতৰচোন৷ দেৰি হৈছে বজাৰলৈ৷’
ফ্ৰাচেঙে ক’লে আৰু যাব খুজিলে৷ কিন্তু তীখৰে এৰি নিদিলে৷
মোনা দুটা মেলি শাক-পাচলিবোৰ এনেয়ে ওলট-পালট কৰি চালে সি৷
‘তোৰ মাৰ-বাপেৰৰ পইছা একেবাৰে নাই নে ইমান সৰু ল’ৰাটোক
যে বস্তু বিকিবলৈ পঠায়৷’- তীখৰে ইতিকিঙৰ সুৰেৰে ক’লে৷ ফ্ৰাচেঙে মাত নেমাতিলে৷ চাইকেলখনত
টানকৈ ধৰি থাকিল যাতে পৰি নাযায়৷ দুষ্ট ল’ৰাবোৰৰ লগ, কথা আৰু কাম এৰাই চলিবলৈ মাকেই
শিকাইছিল৷
‘আৰু তোৰ চাৰ্ট কি এটাইহে নেকি সদায় একেটাকে পিন্ধি থাক৷
বজাৰলৈ পিন্ধি যোৱাটোকে বিয়া খাবলৈ গ’লেও পিন্ধ৷’
দাঁতকেইটা চেলাই ফ্ৰাচেঙক উপলুঙা কৰি আকৌ ক’লে তীখৰে৷
মাক-দেউতাকক ধৰি কথা কোৱাত ফ্ৰাচেঙৰ মনত বহুত খং উঠিল৷
তথাপি ঠাণ্ডা হৈয়ে সি ক’লে,
‘আঁতৰচোন, মোৰ দেৰি হৈছে৷’
‘যাবলৈ দিম। কিন্তু মোক ধনিয়া এমুঠি এনেয়ে দি থৈ যাব লাগিব৷’
‘কিয় দিম৷ নিজে খেতি কৰি খাব নোৱাৰ৷ অ’ত ত’ত টিঘিলঘিলাই
ঘূৰি ফুৰাতকৈ৷’
এইবাৰ সঁচাকৈয়ে ফ্ৰাচেঙৰ খং উঠি গল৷ পল্লৱক গতা মাৰি আঁতৰাই
চাইকেলখন চলাই সি গুচি গ’ল৷
পিছফালৰ পৰা পল্লৱে কিবা চিঞৰিছিল যদিও সি গুৰুত্ব নিদিলে৷
বজাৰত ইজন-সিজনকৈ মানুহ গোট খাইছিল৷ সি চাইকেলখন গছ এজোপাৰ
তলতে থৈ মোনা দুটা নমাওঁতেই মুহি নিচায়েকে চিঞৰি উঠিল, - ‘আৰে আমাৰ শাক বেপাৰী আহিল৷
আহ আহ ৷’
তেওঁ তেওঁৰ ওচৰতে ঠাই এডোখৰ উলিয়াই দিলে৷ মুহি নিচাদেৱেকে পাণৰ বেপাৰ কৰে৷ ফ্ৰাচেঙক খুব ভাল পায়৷
‘তোক দুসপ্তাহমান দেখা নাই যে ফ্ৰাচেং৷’
‘মোৰ পৰীক্ষা আছিল নিচাদেও৷’
মোনাটোৰ পৰা শাক-পাচলিবিলাক উলিয়াই বস্তাখনত সজাই সি ক’লে৷
‘অ’ পাহৰিছিলোঁৱেই৷ হয়তোন৷ কেনেকুৱা হ’ল পৰীক্ষা৷’
‘ভাল নিচাদেউ৷’
‘এইবাৰ কিহলৈ পাবি...?’
‘চেভেনলৈ৷’
দুয়ো ইটো সিটোকৈ কথা পাতি থকাৰ মাজতে গ্ৰাহক আহিলে বস্তু দিও থাকিল৷
দহমান বজাতে তাৰ আটাইখিনি শাক-পাচলি বিক্ৰী কৰি শেষ হ’ল৷
তাক সৰু ল’ৰা দেখি আৰু শাক-পাচলিবোৰ ঘৰৰ বাৰীত কৰা বুলি জানি বহুতে তাৰ পৰাই শাক-পাচলি
কিনে৷ মাজতে নিচায়েকে ডাঙৰ ডাঙৰ ক্ৰীমবন দুটা আনি নিজে এটা খালে আৰু ফ্ৰাচেঙকো এটা খুৱালে৷
দুই বজাৰ পৰা তাৰ চে’ছৰ ক্লাছ থাকে৷ সেয়ে মুহি নিচায়েকক
মাত লগাই সি উঠি আহিল৷
বজাৰৰ পৰা একো নিব নালাগে বুলি কৈ পঠাইছিল মাকে৷ সি মাকলৈ বুলি দহটকাৰ পকৰি ল’লে, তেনেতে মনত পৰিল পুৱা দাঁত মাজিবলৈ লৈ টুথপে’ষ্ট নাইকিয়া দেখিছিল৷ বলেৰে হেঁচি হেঁচিও উলিয়াব নোৱাৰি সি কটাৰী এখনেৰে ফালি টুথপে’ষ্ট অকণ উলিয়াইহে দাঁত মাজি আহিছে৷ সি ডাঙৰ চাই টুথপে’ষ্ট এটা ল’লে৷ মাকে কিবা এটা খাবলৈ কৈছিল, পিছে মুহি নিচায়েকে খুৱালেই দেখোন৷ সেয়ে ফ্ৰাচেঙে বাকীখিনি টকা যুকিয়াই জেপত ভৰাই মোনাদুটা লৈ ঘৰলৈ ঘূৰি আহিল৷
তীখৰক লগ নাপালেই হয় আকৌ৷ ভাবিলে সি৷ কি যে দুষ্ট বুধিৰ
ল’ৰা তীখৰটো৷ পঢ়াতো ভাল নহয় ফাঁকি দিয়ে৷ স্কুল খতি কৰে, ঘৰতো নপঢ়ে৷ লগৰ ল’ৰা-ছোৱালী সকলোকে
জোকাই মেলি হাৰাশাস্তি কৰে৷ গাঁৱৰ ৰাস্তাইদি কোনো ফেৰীৱালা বা অন্য বেপাৰীও যাব নোৱাৰে
তাৰ পৰা৷ মাক-দেউতাক কাৰো কথা নুশুনে৷ হাতত অনবৰতে দা-কটাৰী কিবা এখন থাকেই৷ যি তি
কাটি মেলি, বদমাছি কৰি গোটেই চুবুৰীটোৰে গালি খায়৷ তথাপি লাজ নাপায়৷ চাইকেলখনৰ আগচকা
দাঙি দাঙি ষ্টাণ্ট দেখুৱাই বিৰাট ভাল পায়৷ নিজৰ চাইকেলখন আধা-আধি ভাঙিলেই, এতিয়া আন
কাৰোবাৰ নতুন চাইকেল দেখিলেই হাত কৰি ল’বলৈ যায়৷ এনেবোৰ কাৰণতে ফ্ৰাচেঙে তীখৰৰ পৰা
আঁতৰি থাকিবৰ যত্ন কৰে৷
তীখৰহঁতৰ পদূলিত কাকো নেদেখি উশাহ এটা লৈ ফ্ৰাচেঙে ঘৰৰ
পদূলিলৈ চালে৷ মাক ৰৈ থাকিব পায় তালৈ৷ পদূলি পাই দেখে নাই৷ আনকালে সি বজাৰৰ পৰা নহালৈকে
মাকে ঘনে ঘনে ওলাই বাটলে’ চাই থাকে৷ দূৰত তাক অহা দেখিলেই আগবাঢ়ি গৈ নঙলাকেইডাল খুলি
আগবঢ়াই আনেগৈ৷ আজি নথকা দেখি সি ভাবিলে ক’লৈ বা গ’ল!
মা৷ মা....
চাইকেলখন থৈ ভিতৰলৈ গৈ দেখে ভিতৰতো নাই৷ গা ধোৱা ঘৰ, লেট্ৰিন,
পিছফালৰ বাৰী ক’তো নেদেখি সি মোনাকিটা ঠাইতে থৈ ভৰি-হাতবোৰ ধুই লওঁ বুলি ভাবোতেই মাক
আহি ওলাল৷
‘সোণটো আহিলা৷’
‘অঁ মা৷ কেনি গৈছিলা৷’
‘অহ্ তুমি নাজানা হ’বলা? পল্লৱক মটৰ চাইকেলে খুন্দিয়ালে নহয়৷ ভৰিত দুখ পাইছে৷ হস্পিতাললৈ নিছে এতিয়া৷ তাকে খবৰ এটা লৈ আহিলোঁ৷
‘অহ্ হয়নেকি মা? কেনেকৈ ক’ত খুন্দিয়ালে...?’-আচৰিত লগতে
উৎকণ্ঠিত হ’ল ফ্ৰাচেং৷ যাওঁতে দেখোন লগ পাই গৈছে তাক৷
‘আলিমূৰতে৷ চাইকেল ষ্টাণ্ট কৰিছিল হেনো৷ পিছফালৰ পৰা অহা
মটৰ চাইকেল এখনৰ আগতে পৰিলগৈ৷ মটৰ চাইকেলখন লাহেকৈ আহিছিল বুলিহে৷ নহ’লে ডাঙৰ ঘটনাই
হ’লহেঁতেন৷’
‘ইছ্৷ বেছিকৈ দুখ পালে নেকি?’
‘ওঁ... ভৰি এটা লৰচৰ কৰিব পৰা নাই৷ ভাগিছে চাগৈ৷ মূৰতো দুখ
পাইছে অলপ৷’
‘অহ্...কি হ’ব এতিয়া...?’ - চিন্তিত মনেৰেই ফ্ৰাচেঙে পকৰিখিনি মাকলৈ আগবঢ়াই দিলে৷ টুথপে’ষ্টটো নিৰ্দিষ্ট ঠাইত থ’লে৷ জেপৰ পৰা টকাখিনি উলিয়াই মাকৰ হাতত দিলে৷ আৰু তাৰে পঞ্চাছ টকা এটা টেকেলিটোত ভৰাই থ’লেগৈ৷
ফ্ৰাচেঙৰ পইছা জমা কৰা মাটিৰ টেকেলি এটা আছে৷ বজাৰৰ পৰা
পোৱা পইচা, কোনোবা আলহী আহিলে দিয়া পইচা বা কেতিয়াবা হাত খৰচৰ বাবে দিয়া পইচা বচাই
সি টেকেলিত ভৰাই থয়৷ টেকেলিটো ভৰ্তি হ’লেই সি চাইকেল এখন কিনিম বুলি ভাবিছে৷
গা-পা ধুই ভাত খাই আজৰি হয় মানে এক বাজিবৰ হ’ল৷ ফ্ৰাচেঙে
চে’ছৰ ক্লাছলৈ ওলাল৷ দুই বজাৰ পৰা চে’ছৰ ক্লাছ আছে৷
চাৰি বজাত সি যেতিয়া চে’ছৰ পৰা আহি পালে মাক বিষণ্ণ মনেৰে বহি
আছিল চ’ৰাঘৰত৷
‘কি হ’ল মা?’ -ব্যগ্ৰ হৈ সুধিলে ফ্ৰাচেঙে মাকক৷
‘বেয়াই লাগিছে সোণটো, তীখৰৰ মাক আহিছিল পইচা কেইটকামান
বিচাৰি৷ ল’ৰাটোৰ আঁঠুৰ ঘিলাটো এৰি গ’ল বোলে৷ অপাৰেচন কৰিব লাগিব৷ বহুত টকা-পইচা খৰচ
হ’ব৷ তাক দেউতাকৰ লগত মেডিকেলতে থৈ অ’ত ত’ত পইচা বিচাৰি হাবাথুৰি খাই ফুৰিছে৷ মোৰ ওচৰতো
নাই নহয়৷ দেউতাৰ আহিলে কিবা এটা হ’ব বুলি কৈ পঠিয়াই দিছোঁ৷’
ইছ্... কৰুণাৰে ভৰি পৰিল ফ্ৰাচেঙৰ মনটো৷ তীখৰেনো বাৰু মাজ ৰাস্তাত কিয় চাইকেলৰ আগচকা দাঙিব লাগে! ঘিলাটো এৰি গ’ল যদি অলপ বিষ হ’ব পায়নে এতিয়া...?ইফালে আকৌ টকা-পইচাৰ কথা আছেই৷
গধূলি প্ৰাৰ্থনা কৰিবলৈ লৈও ফ্ৰাচেঙে ভাবি থাকিল পল্লৱৰ
কথা৷ বহুত কষ্ট পাইছে চাগে’ সি৷ তাৰ মাক-দেউতাকৰো ফ্ৰাচেঙৰ মাক-দেউতাকৰ নিচিনাই, চাকৰি-বাকৰি নাই৷ দেউতাকে হাজিৰা কৰে৷ ইমান টকা-পইচা কেনেকৈ যোগাৰ কৰিব? ফ্ৰাচেঙে কিবা এটা ভাবিলে
আৰু সিদ্ধান্ত ল’লে৷
ভিতৰলৈ গৈ সি পইচা থোৱা টেকেলিটো উলিয়াই আনিলে, গধুৰ হৈ
আছে৷ ভৰ্তি হওঁ হওঁ হৈছিলেই৷ কাগজ এটুকুৰাত গোট গোট আখৰেৰে লিখিলে, “পল্লৱলৈ ভৰিটো সোনকালে ভাল হোৱাৰ কামনাৰে, ফ্ৰাচেং৷”
তাৰ পাছত কাগজটুকুৰা টেকেলিটোত আঠা লগাই দিলে৷ মাকৰ ওচৰলৈ
গৈ সি কথাখিনি বুজাই ক’লে৷ আৰু তীখৰৰ ঘৰলৈ গ’ল৷
তীখৰৰ মাক হস্পিতাললৈ যাবলৈ ওলাইছিলেই৷ সি ওচৰ চাপি গ’ল৷
‘এপাদেউ, ইয়াত চাৰি-পাঁচহেজাৰ মান টকা আছে৷ ভাঙি টকাখিনি উলিয়াই ল’ব৷ ভগৱানে তাৰ ভৰিটো ভাল কৰি দিয়ে যেন৷’
ফ্ৰাচেঙে টেকেলিটো লৈ যোৱা দেখি পল্লৱৰ মাকে নালাগে নালাগে বুলি কৈ উঠিল৷
‘নালাগে সোণটো৷ তোমাৰ টেকেলিটোত তোমাৰ সাঁচতীয়া পইচা আছে৷
এইখিনি দিব নালাগে৷ আমি জোৰা মাৰিম কেনেবাকৈ৷’
তেওঁ কোনোপধ্যেই টেকেলিটো ল’বলৈ মান্তি নহ’ল৷
‘একো নহয় এপাদেউ৷ পইচা সাঁচিলে আকৌ ভৰ্তি হ’ব৷ কিন্তু পল্লৱৰ
ভৰিটো অপাৰেচন নকৰিলে যে সোনকালে ভাল নহ’ব৷’
ফ্ৰাচেঙে বুজালে আৰু পল্লৱৰ মাকৰ হাতত জোৰকৈ টেকেলিটো গুজি
দি ঘৰলৈ ঘূৰি আহিল৷
পাছৰটো দেওবাৰেও সি বজাৰলৈ গ’ল৷ পালেং, ধনিয়া, কাচকল, নেমু
আদিৰে ভৰ্তি মোনা দুটা লৈ৷ আনদিনাৰ দৰেই খুব সোনকালে ফ্ৰাচেঙৰ বস্তুখিনি বিক্ৰী হৈ
গ’ল৷ বজাৰৰ টকাৰে সি মাকৰ বাবে পকৰি কিনিলে, ফুলপুলি দুটা কিনিলে আৰু কিনিলে এটা মাটিৰ
টেকেলি৷ পুনৰ পইচা সাঁচিব লাগিব৷
যেতিয়া বজাৰৰ পৰা ঘৰ পালেহি মাকে জনালে, ‘সোণটো, পল্লৱ
হস্পিতালৰ পৰা আহিল৷ কিন্তু দুমাহমান বোলে বিছনাতে থাকিব লাগিব৷’
‘অ’ হয়নেকি মা? মই তাক চাই আহিম এপাক ৰ’বা৷ - ফ্ৰাচেঙে ভাল
পালে কথাটো শুনি৷
খাই-বৈ অলপ জিৰণি লৈ মাকৰ লগত সি পল্লৱক চাবলৈ গ’ল৷ দুৱাৰ
মুখত সিহঁতক দেখিয়েই পল্লৱৰ চকুদুটা পানীৰে উপচি পৰিল৷ চাৰ্টৰ বাহুৰে সি চকুদুটা মচিলে৷
ইমান উৎপতীয়া ল’ৰাটোৱে ভৰিত ডাঙৰ বেণ্ডেজ লৈ বিছনাত শুই থাকিবলগীয়া হোৱা কথাটোৱে ফ্ৰাচেঙকো
দুখ দিলে৷ তথাপি সি তীখৰৰ ওচৰ চাপি গ’ল আৰু সান্ত্বনা দি ক’লে,
‘কান্দিছ কিয়? ভাল হ’ব নহয়৷’
‘মই যে তোক ইমান বেয়াকৈ কওঁ, জোকাওঁ, অন্যায় কৰোঁ তথাপি তই মোক ইমান সহায় কৰিছ৷ মোৰ বৰ দুখ লাগিছে৷’
‘কি যে কৱ...! তোৰ ভৰিটো সোনকালে ভাল হ’বলে’ প্ৰাৰ্থনাহে কৰিব লাগে৷ আকৌ চকুপানী উলিয়াইছ৷’
‘মই আজিৰ পৰা ভাল ল’ৰা হ’ম৷ চাইকেলৰ চকা নাদাঙো, কাকো বেয়াকৈ
নকওঁ, নোজোকাওঁ৷’-থোকাথুকি মাতেৰে ক’লে পল্লৱে৷
‘হ’ব আগতে ভাল হৈ লচোন৷’ - ফ্ৰাচেঙে তাৰ কথাত সমৰ্থন জনাই
হাঁহি মাৰি ক’লে৷
পল্লৱে পুনৰ চকুপানী মোহাৰিলে৷ আৰু ফ্ৰাচেঙৰ হাতখনত ধৰিলে৷
ফ্ৰাচেঙে ভগৱানক মিনতি কৰিলে পল্লৱৰ ভৰিটো ভাল হোৱাৰ লগতে
যাতে তাৰ স্বভাৱটোও ভাল হয়৷