অন্যযুগ/


বতৰৰ বতৰা -৬

 নৱনীতা ভট্টাচাৰ্য্য

 

মাকৰ মুখত বতৰৰ বিষয়ে ইমানবোৰ কথা শুনাৰ পিছতো ৰিণিৰ মনৰ কৌতুহল মাৰ নগ’ল, বৰঞ্চ তাইৰ মনত আকৌ নতুন নতুন প্ৰশ্নৰ উদয় হ’ল৷ সিদিনাখনো তাই মাকক আহি সুধিলে, “মা! বতৰ কিয় সলনি হৈ থাকে?”

ৰিণিৰ প্ৰশ্ন শুনি মাকে ৰগৰ কৰি ক’লে, “সদায় একেধৰণৰ বতৰ হৈ থাকিলে আমনি নালাগিব জানো৷ সেইবাবে সলনি হৈ থাকে৷ তুমি দেখোন দিনটোত কিমানবাৰ পোচাক সলনি কৰা, আকাশখনেও তেনেদৰে ডাৱৰৰ নতুন নতুন সাজ পিন্ধি নিজকে সলনি কৰি থাকে৷"

মাকৰ উত্তৰটো শুনি ৰিণিৰ মুখখন ক’লা হৈ পৰিল৷ তাই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি পাব বুলি কিমান আশা লৈ মাকৰ ওচৰলৈ আহিছিল! মাকে তাইৰ কথাত গুৰুত্ব নিদিয়া বুলি ভাবি তাইৰ মনটো বৰ বেয়া লাগিল৷ ইফালে ৰিণিৰ মুখৰ বৰণ দেখিয়ে মাকে তেওঁৰ ভুলটো ধৰিব পাৰিলে আৰু লগে লগে কথা সলনি কৰি ক’লে, “তুমি জানানে ঋতু পৰিৱৰ্তনৰ লগে লগে বতৰৰো পৰিৱৰ্তন হয়৷ ইয়াৰ প্ৰভাৱ আমাৰ পৰিৱেশ, গছ-লতা, জীৱ-জন্তু আদিৰ ওপৰতো পৰে৷ আমাৰ দেশত ছয়টা ঋতু দেখা যায়৷ গ্ৰীষ্ম ঋতুৰ সময়ত উত্তপ্ত বায়ুপ্ৰবাহে সকলো অঞ্চল শুকান কৰি তোলে৷ সূৰ্য্যৰ প্ৰখৰ ৰ’দে খাল-বিল, সাগৰ-নদী আদিৰ পৰা পানী শুহি লয়৷ আকৌ বৰ্ষা ঋতুৰ সময়ত এই পানী বৰষুণ ৰূপে পুনৰ ধৰালৈ নামি আহি সকলোকে সকাহ দিয়ে৷ গছ-লতাই পুনৰ পোখা মেলে৷ বৰষুণৰ বতৰৰ শেষ হোৱাৰ পিছত আকাশখন লাহে লাহে ফৰকাল হৈ পৰে, এইটোৱে হৈছে শৰৎ ঋতু৷ শৰৎকালত সকলোৰে মন উলাহেৰে ভৰি পৰে৷ তাৰপিছত আহে শীত কাল৷ লগে লগে পৃথিৱীত নিয়ৰ আৰু হিম পৰিবলৈ ধৰে৷ শীতত ঠেৰেঙা লগা দেহাটোক শান্তি দিবলৈ তাৰপিছত বসন্ত ধতুৰ আগমন ঘটে৷ জীৱনটো পুনৰ উৎফুল্লিত হৈ উঠে৷ নানা ৰঙী ফুলৰ সুবাসেৰে পৰিৱেশ সুন্দৰ হৈ উঠে৷”

মাকৰ কথা শুনি ৰিণিৰ খং মাৰ গ’ল৷ তাই কিছু প্ৰশ্নৰ উত্তৰ পালে যদিও এতিয়াও বহুতো বাকী আছে, সেইবাবে মাকক পুনৰ সুধিলে, “বতৰৰ এই পৰিৰ্তনৰ কাৰণবোৰনো কি?”

“বতৰৰ পৰিৱৰ্তনৰ এটা মুখ্য কাৰণ হ’ল আমাৰ দেশৰ ভৌগলিক অৱস্থান৷ আমাৰ দেশৰ উত্তৰ দিশত অৱস্থিত হিমালয় পবৰ্তমালা হৈছে বৰফ আৰু হিমবাহৰ আধাৰস্বৰূপ৷ সাধাৰণতে ইয়াত শীতকালত তুষাৰপাত আৰু বৰফৰ ধুমুহা হয়৷ ফলত হিমালয়ৰ ওচৰৰ অঞ্চলসমূহত শীতকালত উষ্ণতা বহুত তললৈ নামে৷ গ্ৰীষ্মকালত ৰাজস্থানত অৱস্থিত মৰুভুমিত যেতিয়া উষ্ণতা অধিক হয় তেতিয়া তাৰ ওচৰৰ অঞ্চল সমূহতো ইয়াৰ প্ৰভাৱ পৰে আৰু বালিৰ ধুমুহা অহা দেখা যায়৷ পশ্চিমঘাট পৰ্বতমালা হৈছে অধিক বৃষ্টিপাতৰ অঞ্চল৷ ফলত কৰ্ণাটক, মহাৰাষ্ট্ৰ, কেৰেলা আদি অঞ্চলত অধিক বৰষুণ হয়৷ বতৰ পৰিৱৰ্তনৰ আন এটা কাৰক হ’ল দক্ষিণ-পশ্চিম মৌচুমী বায়ু৷ উত্তৰ ভাৰতত সেই সময়ত বহুতো বৰষুণ হয়৷ এই মৌচুমীৰ আৰম্ভণি হয় কেৰেলা ৰাজ্যত৷ এই মৌচুমী বতাহ আৰম্ভ হোৱা দিনটোলৈ সমগ্ৰ দেশবাসী আগ্ৰহেৰে ৰৈ থাকে৷ এই মৌচুমী বায়ু উত্তৰ দিশত দুটা শাখাত আগ বাঢ়ে- এটা আৰৱ সাগৰৰ দিশে আৰু আনটো বংগপোসাগৰৰ দিশে গতী কৰে৷ কিন্তু হিমালয় পবৰ্তমালাই উত্তৰমুৱা গতি প্ৰবাহত বাধাৰ সৃষ্টি কৰে৷ জুলাই মাহত এই মৌচুমী বায়ুৱে সমগ্ৰ দেশ আবৰি ধৰে, ফলত চাৰিওফালে বৰষুণ হ’বলৈ ধৰে৷ এই সময়চোৱাক বৰ্ষা ঋতু বুলি কোৱা হয়৷ এই সময়চোৱাত বৰষুণৰ পৰিমাণ, বতাহৰ গতিবেগ, ডাৱৰৰ প্ৰসাৰ ইত্যাদি সকলো মৌচুমী বায়ুৰ ওপৰত নিৰ্ভৰ কৰে৷

দক্ষিণ পশ্চিম মৌচুমী বতাহে দেশৰ উত্তৰৰ ভাগৰ পৰা ছেপ্তেম্বৰ মাহত দক্ষিণ পূব দিশত প্ৰত্যাৱৰ্তন কৰিবলৈ আৰম্ভ কৰে৷ এই সময়চোৱাত উষ্ণতা হ্রাস পাবলৈ ধৰে৷ ইয়ে হৈছে শীতকাল৷ প্ৰত্যৱৰ্তা মৌচুমীৰ সময়চোৱা আকৌ তামিলনাডুৰ বাবে হৈছে প্ৰধান বাৰিষাৰ কাল আৰু কেৰেলাৰ বাবে গৌণ বাৰিষাৰ কাল৷ ক্ৰান্তীয় ঘূৰ্ণীবতাহে এই সময়ত এই অঞ্চলসমূহৰ ধাৰাসাৰে বৰষুণ আৰু প্ৰবল বতাহৰ সৃষ্টি কৰে৷ এই সময়চোৱাত উত্তৰাঞ্চলত আকাশ ফৰকাল হৈ থাকে আৰু ৰাতিৰ ভাগ শীতল হয় আনহাতেদি পঞ্জাৱ, জম্বু-কাশ্মীৰ আৰু হিমাচলপ্ৰদেশত বৰষুণ দিবলৈ আৰম্ভ কৰে৷ উচ্চ পৰ্বত শিখৰবোৰত তুষাৰপাত হয়৷ পুৱা আৰু সন্ধিয়া ভাগত কুৱঁলী পৰিবলৈ আৰম্ভ কৰে৷ ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰিলৈকে পশ্চিমৰ অশান্ত তন্ত্ৰই বতৰত প্ৰায়ে ব্যাঘাট জন্মায়৷ এই অশান্ত তন্ব্ববোৰ আৰৱ সাগৰৰ সংস্পৰ্শত আহি অধিক প্ৰবল হৈ পৰী পূৱমুৱাকৈ গতি কৰি অৰুণাচলত সোমায়৷ ফলত সমভুমি অঞ্চলবোৰত বৰষুণ আৰু পাহাৰীয়া অঞ্চলত বৰফ পৰিবলৈ ধৰে৷

 

মাৰ্চৰ পৰা মে’ মাহৰ ভিতৰত বতাহৰ গতি লেহেমীয়া হ’বলৈ ধৰে৷ ফলত স্থলভাগৰ অভ্যন্তৰীণ অঞ্চলত উষ্ণ বায়ু কেন্দ্ৰৰ সৃষ্টি হয়৷ ফলত স্থালভাগত উষ্ণতাৰ দ্ৰুতগতিত বাঢ়িবলৈ ধৰে৷ মে’ মাহৰ বৰষুণ আৰম্ভ হোৱাৰ আগে আগে সেইবাবে সৰ্বাধিক উষ্ণতা অনুভূত হয় আৰু সঘনাই তাপ তৰংগৰ (Heat Wave) সৃষ্টি হয়৷ আকৌ কিছুমান অস্থলত লু নামৰ ধূলি বতাহ আহে৷ যেতিয়া জলীয়বাষ্পৰ অন্তৰ্গমন হয় তেতিয়া ধূলি-ধুমুহা আৰু গাজনি ঢেৰেকণিৰ দৰে ভয়ানক পৰিচলন প্ৰক্ৰিয়াৰ সৃষ্টি হয়৷ এনে ধুমুহাক আন্ধি বুলি কোৱা হয়৷ এনে ধুমুহাৰ পিছত প্ৰায়ে ধাৰাসাৰ বৰষুণ হয় আৰু সকলোকে গৰমৰ পৰা সামায়িক সকাহ দিয়ে৷ পূৱ ভাৰতত সেই সময়ত শিলাবৃষ্টিও হয়৷ অসমত ইয়াক বৰদৈচিলা বুলি কোৱা হয়৷ এতিয়া তুমি নিশ্চয় বতৰ কিয় সলনি হয় গম পালা৷”

সৰু প্ৰশ্ন এটাৰ ইমান দীঘল উত্তৰটো শুনি ৰিণি তবধ মানিলে৷ মাকে কোৱা সকলো কথা তাই বুজি নাপালে যদিও এটা কথা ভালদৰে বুজি পালে যে মৌচুমী বতাহ, ভৌগলিক অৱস্থিতি আৰু সূৰ্য্যৰ অৱস্থিতিয়ে হৈছে বতৰৰ পৰিৱৰ্তনৰ মূল কাৰণ৷ আজি তাই মাকৰ সকলো কথা বুজি নাপালেও আজিৰ এই জ্ঞানে পৰৱৰ্তী সময়ত তাইক কথাবোৰ বুজি পোৱাত সহায় কৰিব৷ নতুন কথা জনাৰ তাইৰ যিটো হাবিয়াস ই সঁচাকৈয়ে প্ৰশংসাৰ যোগ্য৷ সেইবাবেইটো তাই বৰকৈ প্ৰশ্ন সোধে৷ তোমালোকৰ মনতটো কিবা প্ৰশ্ন আহিলে ডাঙৰক সুধিবা, তেতিয়াহে নতুন কথা জানিব পাৰিবা৷ শিকাৰ কোনো বয়স নাই৷ ইয়াৰ বাবে মাত্ৰ প্ৰয়োজন হয় অনুসন্ধিৎসু মনৰ৷

বেলতলা তিনিআলি৷

গুৱাহাটী- ২৮

ভ্ৰাম্যভাষ : ৯৮৬৪২৩৩৩৫০

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ