অন্যযুগ/


বতৰৰ বতৰা-৭

 নৱনীতা ভট্টাচাৰ্য্য

 

আজি কিছুদিন ধৰি ৰিণিয়ে মাকৰ পৰা বতৰৰ বিষয়ে নানান কথা শুনি আহিছে৷ তথাপিও তাইৰ প্ৰশ্ন শেষ হোৱা নাই৷ ৰিণিৰ কৌতুহল দেখি মাকৰো বৰ ভাল লাগিল৷ এই সময়খিনি হৈছে জ্ঞান বোটলাৰ সময়৷ সেইবাবে মাকেও তাইৰ প্ৰশ্নবোৰৰ উত্তৰ দি বিভিন্ন বিষয়ৰ জ্ঞান দিবলৈ চেষ্টা কৰে৷ তদুপৰি সময় পালেই তেওঁ তাইৰ লগত নানা বিষয়ৰ কথা পাতে৷ সিদিনাখনো অলপ সময় পোৱাত তেওঁ ৰিণিক ক’লে, “আজি কিছুদিন ধৰি আমি বতৰ, জলবায়ু, পৰিৱেশ আদিৰ বিষয়ে বহুতো কথা পাতিছো৷ আজি মই তোমাক বতৰৰ বিষয়ে আৰু কেইটামান গুৰুত্বপূৰ্ণ কথা কওঁ শুনা৷”

 

মাকে কথাষাৰ ক’বলৈহে পালে ৰিণিয়ে লগে লগে মাকৰ ওচৰতে বহি শুনিবলৈ সাজু হ’ল৷ তাইৰ আগ্ৰহ দেখি মাকে ক’বলৈ ধৰিলে, “আমাৰ প্ৰাকৃতিক দুৰ্যোগৰ প্ৰধান উৎস হৈছে বতৰ৷ বতৰৰ ফলত সৃষ্টি হোৱা দুৰ্যোগৰ ফলত প্ৰতিবছৰে বহুলোকে প্ৰাণ হেৰুৱাবলগীয়া হয় আৰু বহুলোক ঘৰ-বাৰী আৰু আপোনজনক হেৰুৱাই নিঠৰুৱা হৈ পৰে৷ এনে প্ৰাকৃতিক দুৰ্যোগ কেইটামানৰ কথা আজি কওঁ শুনা-

আমাৰ দেশৰ আটাইতকৈ অনিষ্টকাৰী দুৰ্যোগ হৈছে ঘূৰ্ণীবতাহ৷ প্ৰতিবছৰে বংগোপসাগৰ আৰু আৰৱ সাগৰত এনে ঘূৰ্ণীবতাহৰ সৃষ্টি হয়৷ এই ঘূৰ্ণীবতাহৰ কিছুমান বৰ শক্তিশালী হয় ফলত এক বৃহৎ এলেকাত বিস্তৰ ক্ষতি সাধন কৰে৷ সাধাৰণতে বংগোপসাগৰত উৎপন্ন হোৱা ঘূৰ্ণীবতাহবোৰে পশ্চিমলৈ বা উত্তৰ পশ্চিমলৈ গতি কৰি ভাৰতৰ পূব উপকূলত খুন্দা মাৰে৷ আকৌ যিবোৰ ঘূৰ্ণীবতাহ আৰব সাগৰত সৃষ্টি হয় সিহঁতে আৰৱ সাগৰীয় উপকূলৰ ফালে গতি কৰে৷ এই ধুমুহাই সাগৰত প্ৰচণ্ড ঢৌৰ সৃষ্টি কৰে৷ এই ঢৌৰ ফলত ওচৰ অঞ্চলত বানপানীও হয়৷”

 

মাকৰ কথা শুনি ৰিণি মনটো সেমেকি উঠিল৷ তাই চিন্তিত মনেৰে মাকক সুধিলে, “মা, এই ঢৌবোৰে মানুহক উটুৱাই লৈ যায় নেকি?”

 

ৰিণিৰ প্ৰশ্ন শুনি মাকে ক’লে, “তুমি ঠিকেই কৈছা, এই ঢৌসমূহ ইমান প্ৰবল হয় যে মানুহ, ঘৰ-বাৰী সকলোকে উটুৱাই লৈ যাব পাৰে৷ সেইবাবে বন্দৰবোৰত সতৰ্কমূলক সংকেতৰ ব্যৱস্থা কৰা হয়, যাতে বতাহ অহাৰ আগতে সকলো সষ্টম হৈ থাকিব পাৰে৷ সাগৰত ঘূৰ্ণীবতাহৰ তন্ত্ৰ গঠন হ’বলৈ আৰম্ভ কৰাৰ লগে লগে বতৰবিজ্ঞান বিভাগৰ পৰা নিৰ্দ্দিষ্ট সময়ৰ মূৰে মূৰে সতৰ্ক কেন্দ্ৰই বিশেষ বুলেটিন প্ৰচাৰ কৰি থাকে৷ আজিকালি কৃত্ৰিম উপগ্ৰহসমূহৰ বাবে এই কামবোৰ সহজ হৈ পৰিছে৷ অৱশ্যে ইয়াৰ সঠিক স্থান আৰু সময় নিৰ্ধাৰণ কৰা সহজ নহয়৷ কেতিয়াবা ঘূৰ্ণীবতাহে অস্বাভাৱিক আচৰণ কৰি আকোৱা-পকোৱা গতিৰে আগবাঢ়ে, ফলত কেতিয়াবা অকণো অনিষ্ট নকৰাকৈ আগবাঢ়ি যায়, আকৌ কেতিয়াবা বিস্তৰ ক্ষতি সাধন কৰা দেখা যায়৷”

 

ৰিণিয়ে মাকৰ কথাবোৰ অতি মনোযোগেৰে শুনি থকা দেখি তেওঁ ৰিণিক ক’লে, “আজিকালি এটা নতুন প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হৈছে যে তুমি জানানে?”

 

মাকৰ প্ৰশ্নটো শুনি ৰিণিয়ে সাউতকৈ উত্তৰ দিলে, “জানো, জানো, পৃথিবীৰ উষ্ণতা বৃদ্ধি ৷”

 

“হয় তুমি ঠিকে কৈছা, বায়ুমণ্ডলৰ প্ৰদূষণৰ ফলত পৃথিৱীৰ উত্তাপ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে৷ হাবি-বননিবোৰ কাটি ধ্বংস কৰাৰ ফলত বিকিৰণ শক্তিৰ ক্ষেত্ৰত অসমতাৰ সৃষ্টি হৈছে৷ ফলত নগৰীয়া তাপ দ্বীপৰ সৃষ্টি হৈছে৷ তাৰোপৰি জীৱাশ্ম ইন্ধনৰ প্ৰয়োগ অধিক কৰাৰ বাবে বায়ুমণ্ডলত দূষিত গেছৰ নিষ্কাষণ বৃদ্ধি পাবলৈ ধৰিছে৷ ফলত সেউজ গৃহ গেছসমূহৰ ঘনত্ব বৃদ্ধি হ’বলৈ ধৰিছে৷ ইয়াৰ বাবেই পৃথিৱীৰ উষ্ণতা দিনক দিনে বাঢ়ি যাবলৈ ধৰিছে৷ তাৰোপৰি প্ৰদূষণৰ মাত্ৰা বৃদ্ধি হোৱাৰ ফলত কুৱঁলী, ধোৱা-কুৱঁলী আদিৰ পৰিমাণ বাঢ়িবলৈ ধৰিছে৷ এইবোৰ কাৰণে বৰষুণ, গৰম, বতাহ ইত্যাদি সকলোতে পৰিৱৰ্তন দেখা পোৱা গৈছে৷ প্ৰদূষণৰ ফলত অ’জন স্তৰটোৰো ক্ষয় হ’বলৈ ধৰিছে৷ অ’জন স্তৰটোৰ অৱক্ষয় হোৱা বা ছিদ্ৰ হোৱাৰ ফলত অতি বেঙুনীয়া সৌৰকিৰণ শোষণ ক্ষমতা হ্রাস পাবলৈ ধৰিছে৷ এই অতি বেঙুনীয়া ৰশ্মি আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ তুমি জানানে, জনসংখ্যাৰ হাৰ বৃদ্ধি, প্ৰাকৃতিক সম্পদৰ অৱক্ষয় আৰু পৰিৱেশৰ অৱনতিয়ে পৰিৱেশৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ইতিমধ্যে বহুতো উদ্ভিদ আৰু জীৱ বিলুপ্ত হৈ হৈছে, ভূমিক্ষয় হ’বলৈ ধৰিছে, ভূপৃষ্ঠীয় জলপ্ৰবাহৰ মাত্ৰা বাঢ়িছে আৰু ভূজলৰ ভাণ্ডাৰ শুকাই গৈছে৷ পৃথিৱীত নিৰ্মল পানীৰ অভাৱ হ’বলৈ ধৰিছে৷ এনেদৰে থাকিলে হয়তো পৃথিৱীখন জীৱন নিৰ্বাহৰ বাবে অনুপযুক্ত হৈ উঠিব৷ সেইবাবে আমি সকলোৱে সজাগ হোৱা উচিত৷ আমাৰ পৰিৱেশৰ বাবে হানিকাৰক সকলো কামকে বৰ্জন কৰা উচিত৷”

 

মাকৰ কথা শুনি ৰিণিয়ে ক’লে, “মা, আমাৰ কিতাপতো এই কথাবোৰ লিখা আছে৷ আমি পৰিৱেশৰ প্ৰতি সচেতন হোৱা উচিত আৰু যিমান পাৰোঁ গছ-গছনি ৰুই পুনৰ আগৰ পৰিৱেশ ঘুৰাই আনিবলৈ চেষ্টা কৰা উচিত৷”

 

“তুমি ঠিকেই কৈছা, আমি প্ৰতিজন ব্যক্তিয়ে যদি সৰু সৰু কাম কিছুমানো কৰো, তেতিয়াও পৃথিৱীখন ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিম৷ ব’লা তেনেহ’লে আমি বাগিছাৰ ফুলবোৰত পানী দি আমাৰ কামত ধৰোঁ৷”

 

কথাষাৰ কৈ মাকে উঠি যোৱা দেখি ৰিণিয়েও পিছে পিছে খোজ ল’লে৷

 

 

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ