জ্যোতিশিখা দত্ত
নতুন আশা
নতুন সংকল্পৰে
নৱবৰ্ষত উজ্বলিম আমি
নতুন উদ্যমেৰে৷
সময়ানুবৰ্তিতা, নিয়মানুৱৰ্তিতা
হ’ব আমাৰ কাম্য
প্ৰতিদিনৰ কাম প্ৰতিদিনে সমাপন
কৰাটোৱেই হ’ব আমাৰ লক্ষ্য৷
নতুন এটা ভাষা শিকিম
নতুন কলা শিকিম
নতুন নতুন শিক্ষাৰে
জ্ঞানৰ ভড়াল চহকী কৰিম ৷
শৰীৰৰ যতন ল’ম
স্বাস্থ্যকৰ খাদ্য খাম
চিপ্চ চকলেটবোৰ
সমূলি নাখাম ৷
শিশু উপযোগী কিতাপ
প্ৰতিমাহে পঢ়িম
নীতিশিক্ষাৰ জ্ঞান ল’ম
ভাল কাম কৰিম৷
ডাঙৰৰ উপদেশবোৰ
সদায় মানি চলিম
ভাল মানুহ হ’বলৈ
আপ্ৰাণ চেষ্টা কৰিম ৷
ঠিকনা:
জালুকবাৰী, গুৱাহাটী-১৩
Email: jyotisikhadatta@gauhati.ac.in
Facebook account: https://www.facebook.com/jyotisikha.dutta.7
Insta profile: https://www.instagram.com/jyotisikhadatta?igsh=MTFoOThvMjJ2eHprMA==