ড০ ৰমেশ গোস্বামী
(চৰিত্ৰসমূহ: দীপু – নৱম শ্ৰেণীৰ ছাত্ৰ; ৰূপু – সপ্তম শ্ৰেণীৰ ছাত্ৰী; মাক – স্কুলৰ শিক্ষয়িত্ৰী; মামা – দীপু-ৰূপুৰ মোমায়েক, কলেজৰ অধ্যাপক)
ৰূপু – মা, অ’ মা।
মাক – মই পাকঘৰত, কচোন৷
ৰূপু – বংশীয়ে কিমান পানী নষ্ট কৰিছে চোৱাঁগৈচোন৷
দীপু – দেউতাৰ বাইকখন ধুই আছে, ধুয়েই আছে৷ তুমি তেওঁক বন্ধ কৰাগৈ৷
মাক – হয়নে? সি পানীৰ মূল্য বুজা নাই৷ ৰচোন; হে-হেৰৌ বংশী, ইমান পানী নষ্ট কৰিছ
যে?
দীপু – পৰহি মা, নগৰৰ পৰা অহা এগৰাকী অধ্যাপকে আমাক এনেবোৰ কথাকে
কৈছিল৷ তেওঁ মাটি আৰু পানীৰ ব্যৱহাৰ
কেনে হোৱা উচিত সুন্দৰকৈ কৈছিল৷
ৰূপু – ময়ো শুনিছিলোঁ মা৷ অ’ হেৰি নহয়,
দেউতা যে গাড়ী ধুৱাই অহাই নাই, আমাক নিব কেতিয়া?
মাক – ক’লৈ?
ৰূপু, দীপু – বক্তৃতাটোৰ পাছতে ছাৰে আমাক এটা প্ৰজেক্ট দিছে৷
দুয়ো মিলি কৰিম৷
মাক – তাত দেউতাৰৰ কাম কি?
দীপু – আৰম্ভণিৰ কামখিনিত দেউতাই সহায় কৰিব লাগিব৷ আমাক হাবি-জংগল, বিল-ডোং আদি দেখুৱাব লাগিব৷
সেইবোৰ চাই-মেলি আমি কিবা-কিবি জৰীপ কৰিব
লাগিব৷
ৰূপু – ফটোও ল’ব লাগিব৷
দীপু – ক’ত গছ-গছনি কাটি তহিলং কৰিছে,
ক’ত কেনেকুৱা খহনীয়া হৈছে, ক’ত আৱৰ্জনা দম কৰি পেলাইছে – এনেবোৰ
তথ্য গোটাব লাগিব৷ তাৰ পাছতহে –
(কলিং বেল
বাজে)
মাক – যাচোন কোন আহিছে –
দুয়ো – অ’ বিজু মামা৷ আহাঁ আহাঁ৷ আমাৰ
ভালেই হ’ল মা৷
মাক – আগতে বহিবলৈ দেচোন৷
মামা – আঁ, এয়া বহিলোঁ৷ এতিয়া কচোন৷
মাক – ঘৰত প্ৰীতি, ৰিম্পী, ৰুবু সকলোৰে
ভালনে?
মামা – আছে আছে৷ সব ঠিক আছে৷ কচোন –
দীপু – ময়েই কওঁ : আমি দুয়ো পৰিৱেশৰ ওপৰত এটা প্ৰজেক্ট কৰিম৷
তুমি আমাক গাইড কৰিব লাগিব৷
মামা – হ’ব দে, চিন্তা কৰিব নালাগে৷ মইতো পৰিৱেশৰে অধ্যাপক৷ পিছে প্ৰজেক্টৰ নাম কি হ’ব ভাবিছনে?
দীপু – ভাবিছোঁ মামা – ‘সম্পদ সংৰক্ষণ আৰু উন্নয়ন’৷
ৰূপু – দেউতাই গাড়ী ধুৱাই আহি আমাক প্ৰজেক্টৰ কামত কিছুমান ঠাইলৈ লৈ যাব৷
মামা – বাঃ, জোৰদাৰ লাগি গৈছ দেখিছোঁ৷ বাইদেউ ব্ৰেকফাষ্ট ৰে’ডি কৰ৷ ৰে’ডি হয় মানে মই ইহঁতৰ লগত অলপ কথা পাতি লওঁ৷
দীপু – মামা, এক মিনিট৷ বংশীয়ে বাইকখন ধুই আছে৷ পানীৰ টেপটো
বন্ধ কৰিবই নোখোজে৷ মই বন্ধ কৰাই আহোঁ৷
মামা – এৰা, এয়াই সংৰক্ষণৰ আদি পাঠ৷
ৰূপু - মানে মামা?
মামা – চাহঁক, আমাৰ জীৱনটো বচাই ৰাখিবলৈ হ’লে বহু কিবাকিবি লাগে৷ তাৰ ভিতৰত একেবাৰে অনিবাৰ্য কি কি ক’ব পাৰিবিনে?
ৰূপু – বায়ু আৰু পানী৷
দীপু – মাটি নহ’লে ক’ত হ’ব?
মামা – ঠিক কথা৷ এই তিনিওটা উপাদানেই লাগিব৷
মাক – ভাইটি ব’ল৷ ডাইনিং টেবুললৈ আহ৷ অ’ তহঁত দুটাও আহ৷
(যন্ত্ৰসংগীত – ব্ৰেকফাষ্ট খোৱাৰ পৰিৱেশ)
মামা – বাইদেউ তই আহি থাক৷ আমি ড্ৰয়িং ৰূমলৈ আহিলোঁ৷ (দীপু-ৰূপুলৈ) আমি কি কথা পাতি আছিলোঁ?
ৰূপু – মাটি, বায়ু আৰু পানীৰ সংৰক্ষণৰ কথা৷
মামা – বাৰু, ৰূপুৱে কচোন, মাটিতো খাব
নোৱাৰি৷ তেন্তে মাটি লাগে কিয়?
ৰূপু – মাটি নহ’লে ক’ত ঘৰ সাজিব মানুহে?
খোৱা বস্তুনো ক’ত পাম?
দীপু – খেতি কৰিবি ক’ত?
(মাক
সোমাই আহে)
ৰূপু – মা আহাঁ। মোৰ ওচৰতে বহা৷
মামা – বাইদেৱে যে বনাই খুৱালে ৰুটি, ভাজি, ৰাজমাহৰ তৰ্কা – এইবোৰ ক’ৰ পৰা
আহিল? ভাজিত থকা কাচকল, আলু, বেঙেনা – এইবোৰ...?
ৰূপু – এইবোৰ পাবলৈ মাটিতো লাগিবই৷
মাক – মাটিয়ে শস্যবোৰক পুষ্টিৰ যোগান ধৰে৷ পানীও যোগায়৷
মামা – তেন্তে মাটি অত্যন্ত দৰকাৰী সম্পদ৷ সেই মাটি বা ভূমি সংৰক্ষন অতি প্ৰয়োজনীয়
কথা৷ কিন্তু ভূমি সংৰক্ষণ বুলিলেনো কি বুজিব লাগিব? (অলপ ৰৈ) মাটি সংৰক্ষণ মানে পৃথিৱীৰ পিঠিৰ ওপৰ তৰপৰ মাটি ক্ষয় হোৱা বা হেৰাই যোৱাৰ পৰা
ৰক্ষা কৰা ৷ আৰু লগতে মাটিক খেতিৰ উদ্দেশ্যে উৰ্বৰা কৰি ৰখা৷ সংৰক্ষণৰ বাবে এই দুয়োটাই
আৱশ্যকীয়৷
দীপু – মানে মাটি ক্ষয় হৈ হেৰাই নোযোৱা আৰু...
ৰূপু – খেতিৰ বাবে সাৰুৱা কৰি ৰখা৷ নহয়নে মামা?
মামা – ঠিক কথা৷ পিছে মাটিনো কি কি কাৰণত ক্ষয় হ’ব পাৰে জাননে
তহঁতে? অনুমান কৰচোন৷
ৰূপু – ঢিলা মাটি পালে পানীৰ সোঁতে খান্দি লৈ যায়৷
মাক – নদীয়ে বাৰিষা নদীৰ পাৰ খহাই নিয়াতো তহঁতে টিভিত দেখিয়ে থাক দেখোন৷
মামা – এৰা, গৰা খহনীয়া৷ গৰা খহনীয়াই আমাৰ অসমখনতে কিমান মাটি
ধ্বংস কৰিছে ভাবিলেই ভয় লাগি যায়৷
দীপ – মাজুলীখন খহাই খহাই বহুত সৰু কৰি পেলালে৷
মাক – পৃথিৱীৰ বৃহত্তম নদীদ্বীপ হৈয়েই নাথাকিব যেন লাগিছে অ’!
মামা - অন্য এটা কাৰণ কচোন দীপু –
দীপু – বতাহেও এঠাইৰ মাটি আন এঠাইলৈ উৰুৱাই নিব পাৰে৷ বিশেষকৈ, বালিয়া মাটি৷
মামা – মাটি বোলোঁতে, বুইছ, ঘৰ-বাৰী সজা মাটিৰ কথাও বুজিব লাগিব, ৰাষ্টা-ঘাট নতুবা অন্যান্য নিৰ্মাণ কাৰ্য চলোৱা মাটিৰ কথাও বুজিব লাগিব৷
ৰূপু – পাহাৰৰ, মামা!
মামা – পাহাৰ-ভৈয়াম কথা নাই, সকলো মাটিৰ
কথাই আহিব৷ কিছুমান মাটিৰ গুণাগুণৰ বৰ কথা নাই৷ কিন্তু খেতিৰ মাটি উৰ্বৰা, মানে সাৰুৱা, হ’বই লাগিব৷ উৰ্বৰা
মানে বুজিছনে ৰূপু?
ৰূপু – উদ্ভিদৰ বাবে দৰকাৰী সাৰ থকা মাটি৷
দীপু – মানে পুষ্টিদ্ৰব্য থকা মাটি৷
মামা – সুন্দৰ৷ বুজি পাইছ৷ নদীৰ পলস পৰা মাটি স্বাভাৱিকতেই উৰ্বৰা হয়৷
মাক – ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে প্ৰায়েই শস্যৰে নদন-বদন মাটি দেখা
পোৱা যায়৷
দীপু – খৰালি কালত আনকি নদীৰ বুকুত পৰা বালিচৰতো ধুনীয়া খেতি দেখা পাওঁ৷
মামা – পলসুৱা মাটিৰ বাবেই তাতো ভাল খেতি হয়৷ পিছে এটা কথা নহয় দীপু –
দীপু – কোৱাঁ মামা –
মামা – খেতিৰ মাটি ছহাওঁতে বহুতে কৰে কি, মাটি পৰীক্ষা নকৰাকৈ
নিজৰ ইচ্ছা মতে ৰাসায়নিক সাৰ দি দিয়ে৷ তেতিয়া মাটিৰ প্ৰাকৃতিকভাৱে থকা উৰ্বৰতাখিনিও কমিহে
যায়৷ খেতিৰ বাবে অনুপযোগী হৈ উঠে৷
মাক – তাৰ মানে মাটি থাকিও নথকাৰ নিচিনা হয়৷ আৰু এনেদৰে আওপকীয়া ৰাস্তাৰেও মাটি কমি
যায়৷ নহয় বিজু?
মামা – ঠিকেই কৈছ বাইদেউ৷ বাৰু – আৰু এটা কথালৈ মন কৰহঁকচোন
: অকল অসমতে কিয়, গোটেই পৃথিৱীতে দিনক দিনে জনসংখ্যা
বাঢ়ি গৈ আছে৷ গতিকে ঘৰ-বাৰী সজা, অফিচ আদি সজা কামতো বহু মাটি ব্যৱহাৰ হৈছে৷ তহঁত থকা অঞ্চলটোতে মন কৰিবিচোন৷
দুয়ো – হয় মামা৷ তেনেকৈও মাটি কমি গৈ আছে৷
মামা – কিন্তু যিখিনি এতিয়াও আছে, বিশেষকৈ খেতিৰ কাৰণে,
তাক যিকোনো উপায়েৰে সংৰক্ষণ কৰিব লাগিব৷ নহ’লে
খাদ্যৰ অভাৱতে বহু মানুহ মৰিব৷
মাক – মাটি সংৰক্ষণৰ বাবে চৰকাৰী ব্যৱস্থা নাই জানো?
মামা – আছে৷ কিন্তু আমাৰ মানুহ চৰকাৰী ব্যৱস্থাৰ প্ৰতি উদাসীন৷ গুৰুত্বই দিব নোখোজে৷
ৰূপু – মানে মামা?
মামা – চা, মাটিত ৰাসায়নিক সাৰ দিয়াৰ ক্ষেত্ৰত চৰকাৰী-বেচৰকাৰী কৃষি বিশেষজ্ঞসকলে বহুতো নীতি-নিৰ্দেশনা দিয়ে৷
যেনে, মাটি এডৰাক কেনে সাৰ লাগে, কোনটো
খেতিৰ বাবে কি সাৰ কিমান উপযোগী হ’ব – এনেবোৰ
কথাত কৃষি বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে৷ কিন্তু কৃষকসকলৰ কেইজনে
তেনে কৰে? তেওঁলোকক ভুকুতে কল পকাই ধনী হ’বলৈ লাগে৷ মাটিৰ ভৱিষ্যত জহন্নামে গ’লেও যাওক!
(অলপ ৰৈ) সাৰ দিয়াৰ উপৰি কীটনাশক, অপতৃণনাশক আদিও দিয়ে নহয়৷ সেইবোৰো অনিষ্টকাৰী৷
দীপু – সেইবোৰেওতো মাটিৰ গুণাগুণত প্ৰভাৱ পেলাব কিজানি?
মামা – কিছু পৰিমাণে হ’লেও পেলাব৷ (প্ৰসংগ
সলাই) অ’ ৰ’বি৷ কৃষিৰ
মাটি সংৰক্ষণৰ কথাহে কৈ আছোঁ৷ এতিয়া অন্য মাটিৰ কথালৈ আহোঁ৷
দীপু – মামা, বতাহে যে মাটি ক্ষয় কৰে –
ৰূপু – বতাহে উৰুৱাই নিনিবৰ বাবে মাটি কিহবাৰে ঢাকি ৰাখিব লাগিব, নহয়নে মামা?
মামা – হয়, ঠিকেই ভাবিছ৷ কিন্তু কিহেৰে ঢাকিবি?
দুয়ো – মাটিত গছ-গছনি ৰুব লাগিব৷
মাক – গছ-গছনি থাকিলে অকল বতাহৰ পৰাই নহয়, কিছুমান পানীৰ সোঁতৰ পৰাও মাটি বচাব পাৰি৷
মামা – হয়৷ উদ্ভিদৰ শিপাই মাটিত খামুচি ধৰি থাকে৷ গতিকে মাটিখিনি ঢাকি থোৱাৰ নিচিনাই
হয়৷ বতাহ বা পানীয়ে খান্দি-কুৰি নিয়াত কিছু বাধা পৰে৷ তদুপৰি,
উদ্ভিদৰ ডাল-পাত অংশই বতাহৰ সোঁতকো কিছু পৰিমাণে
বাধা দিব পাৰে৷
মাক – ডাঙৰ গছ-গছনি থাকিলে নদীৰ গৰাত থকা মাটিও কিছু নিৰাপদে
থাকে৷
দীপু – এটা কথা নহয় মামা –
মামা – কচোন –
দীপু – গছ-গছনিৰে ভৰা মাটিত গছৰ পাত-চাত
পৰি পঁচি যাব পাৰে৷
ৰূপু – পানী পালেহে পঁচিব৷
দীপু – অৱশ্যে৷ পঁচি গ’লে সেই পঁচা পাতবোৰে অলপ হ’লেও জৈৱ সাৰৰ কাম কৰিব!
মামা – সঁচা৷ তাৰ মানে তহঁতে বুজিলি, গছ ৰুলে মাটিখিনি দুই ধৰণে
সংৰক্ষিত হয়৷ কি দুই ধৰণে বাৰু?
দীপু – গছ থাকিলে পানী আৰু বতাহে মাটি খান্দি নিয়াত বাধা পা্য৷
ৰূপু – আনটো হৈছে – গছৰ পাৰবোৰ সৰি পৰিলে যদিহে পঁচে তেন্তে
সিও সাৰ হয়৷
মামা – বুইছ দীপু, ৰূপু, বহুতো খেতিয়কে
এটা নকৰিবলগীয়া কাম কৰে৷ তেওঁলোকে ধান, মাহ, সৰিয়হ, কুঁহিয়াৰ আদি শস্য চপোৱাৰ পাছত গা-গছৰ যি অংশ মাটিত ৰৈ যায় তাত জুই লগাই দিয়ে৷ তেওঁলোকে ভাবে, পথাৰখন চাফা হওক, নতুন খেতিৰ বাবে সাজু হৈ উঠক৷
ৰূপু – জুই লগোৱা দেখিয়ে থাকোঁ মামা৷
মামা – তেনে কৰাটোও অনুচিত৷ জুইৰ তাপত মাটিত থকা অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ পোক-পতংগও নিঃশেষ হৈ নাযাবনে? এইদৰে মৰি যোৱা পোক-পতংগৰ ভিতৰত বহুতো উপকাৰী অনুজীৱও থাকে৷ সইবোৰে মাটি উৰ্বৰা কৰি ৰখাত বাৰুকৈয়ে সহায় কৰে৷
দীপু – আমাৰ চৌহদত কিন্তু তেনে কাম কেতিয়াও কৰা হোৱা নাই৷
মামা – নৰা বা গুৰিভাগে আৰু শুকান ডাল-পাত আৰু ঘাঁহ-বনে মাটিত পানী ধৰি ৰখাত সহায় কৰে৷ উপকাৰী অনুজীৱৰ বংশবৃদ্ধিতো আগভাগ লয়৷
দীপু – আমাৰ প্ৰজেক্টত এই কথাবোৰ বিশেষভাৱে পোহৰলৈ আনিম৷
মামা – আৰু জানি থ, সৰহভাগ শস্যৰ ঠাৰি অংশত ৭০ ৰ পৰা ৭৫ শতাংশ
পটেছিয়াম থাকে৷
মাক – পুৰি পেলালে সেয়াওতে অবাবতে যায়!
ৰূপু – পচন সাৰ কৰিব নোৱাৰিনে মামা?
মামা – পাৰি৷ তেনে কৰিলে সাৰো হ’ল, ঠাইবোৰো
চাফা হ’ল৷ আৰু চাহঁক, পচন সাৰত উদ্ভিদৰ প্ৰয়োজনীয়
১৫ / ১৬ বিধ পুষ্টিদ্ৰৱ্য থাকে৷
ৰূপু – ৰাসায়নিক সাৰত মাত্ৰ তিনিবিধহে মূল দ্ৰৱ্য থাকে৷
দীপু – সেইবোৰ হৈছে নাইট্ৰ’জেন, ফছফ’ৰাছ আৰু পটেছিয়াম৷
মামা – ঠিকেই এই তিনিবিধেই থাকে৷ বাৰু, আমি মাটি সংৰক্ষণৰ কথাকে
পাতি আছোঁ নহয়?
দুয়ো – হয় মামা ৷
মামা – পিছে মোৰ নিজৰেচোন সংৰক্ষণ সন্দেহজনক হৈ উঠিছে অ’ –
মাক – বুজিছোঁ৷ তোক চাহ একাপ লাগিব৷ ৰ’বি৷
মামা – বৰ্তমান পানী এগিলাচকে দে৷
(যন্ত্ৰসংগীত)
মামা – এয়া পানী খাই ল’লোঁ৷ ফিল্টাৰৰ পানী৷ পিছে পানীয়েতো আমাক
প্ৰতি বছৰে পানী খুৱাই আছে! বুজিছনে বাৰু?
ৰূপু – বানপানীৰ কথা কৈছা
দীপু – বানপানীৰ কথা বাতৰি কাকতত পায়েই থাকোঁ, টিভিতো দেখি থাকোঁ
মামা৷
মামা – আমাৰ অসমততো তলে পানী, ওপৰে পানী, সোঁৱে পানী, বাঁৱে পানী৷ কিন্তু পানীৰ অভাৱে অসমকো জুৰুলা
কৰিব পাৰে৷
দীপু – ব্ৰহ্মপুত্ৰৰ পানী হেনো বেগাই কমি গৈ আছে?
মাক – চীনে হেনো ব্ৰহ্মপুত্ৰত বান্ধ দি পানী অন্যফালে বোৱাই নিবলৈ লাগিছে?
মামা – বাতৰি তেনেদৰে ওলাই নথকা নহয়৷ সঁচা-মিছা বেলেগ কথা?
কিন্তু ব্ৰহ্মপুত্ৰৰ বুকু যে কিছু পৰিমাণে শুকাই আহিছে তাত সন্দেহ নাই৷
পিছে গোটেই পৃথিৱীৰ কথা ভাবচোন৷ পৃথিৱীখনত আমি অনুমান কৰিব পৰাতকৈও বহুগুণে বেছিহে
পানী আছে৷
ৰূপু – পৃথিৱীততো সাগৰেই সাগৰ৷
মামা – কিন্তু পৃথিৱীখনত যিমান পানী আছে তাৰ মাত্ৰ ৫ শতাংশহে সাগৰত আছে৷
মাক – কি কৱ অ’! বাকীখিনি?
মামা – বাকী প্ৰায় ৯৫ অংশ পৃথিৱীৰ শিলাস্তৰৰ ভিতৰতে আৱদ্ধ হৈ
আছে৷
দীপু – তাকতো ব্যৱহাৰ কৰিব নোৱাৰি!
ৰূপু – সাগৰৰ লুণীয়া পানীও ব্যৱহাৰ কৰা টান৷
মামা – গতিকে আমি ব্যৱহাৰ কৰিব পৰা পানীৰ পৰিমাণ বৰ কম৷ যিখিনি আছে তাৰ ৯০ ভাগেই খেতিৰ
কামত লগোৱা হয়৷ বাকী ১০ ভাগহে আন কামৰ বাবে থাকে৷ কিন্তু তাৰো বহুখিনি অপচয় হয়৷ গাড়ী
ধোৱা, বাথৰূমত ফ্লাছ কৰা আদি কামত লগাতকৈ বেছি খৰছ নহয়নে?
মাক – আমাৰ বাইকখন ধোঁওতেও ইমান পানী লাগে!
মামা – অসমত পানীৰ অভাৱ নাই বুলি গৌৰৱ কৰিলে নহ’ব৷ অপচয় কমাবই
লাগিব৷
দীপু – আমাৰ অসমত যে বানপানীয়ে বছৰি ইমান সা-সম্পত্তি ধ্বংস
কৰে, তাতকৈ বানপানীৰ সহায়ত ভাল কাম কৰাব নোৱাৰিনে?
মামা – মূল্যৱান প্ৰশ্ন সুধিছ দীপু৷ ভাল কাম কৰাব পৰা যাব৷ কিন্তু তাৰ বাবে উপযুক্ত
পৰিকল্পনা লাগিব৷ খৰচো কৰিব লাগিব৷
মাক – চৰকাৰীভাৱেহে পৰা যাব নেকি! কিন্তু কেনে কামৰ কথা ক’ব খুজিছ?
মামা – মই ভাবোঁ, ঠায়ে থায়ে মজলীয়া আকাৰৰ পকী পুখুৰী সাজি তেনে
পানীৰ সামান্য অংশ হ’লেও সেইবোৰত জমা কৰিব পাৰি৷ পাছত দৰকাৰ মতে
তাক কিছুমান কামত ব্যৱহাৰ কৰিব পৰা যায়৷
দীপু – খুউব সম্ভৱ খেতি পথাৰত জলসিঞ্চনৰ কামত লগাব পৰা যাব৷
ৰূপু – তেনেহ’লে এনেকুৱা পুখুৰীৰ কথা নুশুনো কিয়?
মামা – তেনে পুখুৰী সাজিবলৈ মাটি আৰু ধন দুয়োটাৰে অভাৱ৷
মাক – অসমত বৰ প্ৰয়োজনো নাই নেকি বিজু৷ কাৰণ ইয়াত বহুতো পুখুৰীত পানী থাকেই৷
মামা – বানপানী সংৰক্ষণৰ কথা সুকীয়াকৈ এৰা হওক৷ পানী সংৰক্ষণৰ প্ৰচেষ্টা আজিৰ কথা
নহয়৷ আজিৰ পৰা ৫০০০ মান বছৰ পূৰ্বেই মানুহে পানী সংৰক্ষণ আৰু পানীৰ সমুচিত ব্যৱহাৰৰ
বিষয়ে চিন্তা কৰিছিল৷ সিন্ধু সভ্যতাৰ কথা শুনিছনে?
দুয়ো – শুনিছোঁ৷ পাঠ্যপুথিতে পাইছোঁ৷
দীপু – হৰপ্পা আৰু মহেঞ্জোদাৰোৰ সভ্যতাৰ কথা নহয়নে?
মামা – হয়৷ দুয়োখন চহৰতে সিন্ধু সভ্যতাৰ অৱশেষ পোৱা গৈছে৷
ৰূপু – কিতাপত মাটিৰ তলেদি বনোৱা নৰ্দমাৰ ছবি দেখা পাওঁ মামা৷
মামা – তাহানিৰ মানুহবোৰে শিল কাটিও বহুতো ডাঙৰ ডাঙৰ আৰু মজলীয়া আকাৰৰ চৌবাচ্চা বা খালৰ নিচিনা পাত্ৰ নিৰ্মাণ কৰিছিল৷ আৰু সেইবোৰত বৰষুণৰ পানী জমা কৰি ৰাখিছিল৷ আৰু শুন – পুৰণিকালত ৰাজস্থানৰ মানুহে এনে ধৰণে ঘৰ সাজিছিল, যাতে চাদৰ ওপৰত বৰষুণৰ পানী জমা কৰি ৰাখিব পৰা যায়৷ তদুপৰি মাটিৰ তলত টেংকি সাজি চাদত জমা হোৱা পানী নলীৰে তালৈ বোৱাই নি জমা কৰিছিল৷
মাক – আজিওতো এনে ব্যৱস্থা থাকিব পাৰে ক’ৰবাত৷
মামা – আছে৷ অন্ততঃ মধ্যপ্ৰদেশ, কৰ্নাটক আৰু মহাৰাষ্ট্ৰত আছে৷
বৰং পানী বোৱাই নিয়া নলী আদিৰ ব্যৱস্থা বহু উন্নতহে৷
ৰূপু – সেই পানী পাছত কি কামত ব্যৱহাৰ কৰে মামা?
মামা – তাৰ পৰা নলীৰে উলিয়াই নি সেই পানী খেতি-বাতিত ব্যৱহাৰ
কৰে, মানে জলসিঞ্চন আদি কামত৷ চাফা হ’লে
তাক কাপোৰ ধোৱা, গাড়ী-মটৰ ধোৱা,
ঘৰ মচা আদি বিভিন্ন কামত লগায়৷
ৰূপু – মামা –
মামা – কচোন বাৰু –
ৰূপু – মায়ে পাচলি ধোৱা, চাউল ধোৱা, আধা
খাই গিলাচত এৰা, এনেবোৰ পানী এটা বাল্টিত থৈ দিয়ে৷ ইমান কৃপণ!
মামা – কৃপণ? অতি সুন্দৰ কাম। এয়া সংৰক্ষণৰ
জীয়া উদাহৰণ বুইছ
মাক – সেই পানী শাকনি বাৰীত, ফুলৰ গুৰিত, ফুলৰ তাবত দিওঁ৷ নতুবা তেনেকুৱা অইন কামত লগাওঁ৷
দীপু – মাৰ এইটো বহুদিনীয়া অভ্যাস৷
মামা – হুঁ৷ এটা কথা নহয় – বহুতৰে ঘৰৰ পানীৰ টেপ, নলী, পানীৰ অ’ভাৰ টেংকি আদিত লিক্
থাকে৷ দেখিছনে তহঁতে?
দুয়ো – দেখিছোঁ মামা৷
ৰূপু – পায়খানাৰ ফ্লাছ কৰা চিষ্টাৰ্ণতো বহুতৰে লিক্ থাকে৷
মামা – প্ৰত্যেক মানুহে এনেবোৰ কথাও নজৰ দিব লাগে৷ নহ’লে পানীবোৰ
একেবাৰে অবাবতে নষ্ট হৈ যায়৷
মামা – ঠিক লক্ষ্য কৰিছ৷ এনেকুৱা সকলো ধৰণৰ লিক্ সাৱধানে চাই
মেলি পানীৰ অপচয় কমাবই লাগিব৷ তেতিয়াহে পানী সংৰক্ষণ কৰাত সফলতা লাভ কৰিব পৰা যাব৷
মাক – কোনো কোনো ঠাইত দেখা পাওঁ, চৰকাৰীভাৱে পানী যোগান ধৰোঁতে ক’ৰবাত
পাইপ ফাটি বা পাইপৰ সংযোগ খুলি গৈ অতি দুখ লগাকৈ পানী গৈ থাকে!
মামা – বৰ উদ্বেগৰ বিষয়৷ তেনে দেখিলে তহঁতে ডাঙৰ কাৰোবাক কৈ দিবি৷ তেওঁলোকে কথাটো কৰ্তৃপক্ষৰ নজৰলৈ আনিব৷ (প্ৰসংগ সলাই) পিছে সংৰক্ষণৰ অজুহাত দেখুৱাই পানী নাখালেতো বাচি থাকিব নোৱাৰিব!
দুয়ো – হয়, হয় মামা৷
মামা – তেন্তে যা মোৰ কাৰণে খোৱা পানী
এগিলাচ আনগৈ৷ দীপু তয়ে যা৷
(যন্ত্ৰসংগীত)
মামা – ছিঃ কিহৰ এনে অসহ্য গোন্ধ অ’?
দীপু – নলাৰ গোন্ধ মামা৷ আমি অভ্যস্ত
হৈ পৰিছোঁ৷
মাক – সৌ যে কেঁকুৰিটো দেখিছ, কেঁকুৰিটো
ঘূৰিলেই এটা কিহবাৰ ফেক্টৰি আছে৷ তাৰ ওচৰেদি যাবই নোৱাৰি অ’!
মামা – সেয়া বায়ু প্ৰদূষণ ঘটোৱা ফেক্টৰি
–৷ বাতৰি কাকততো তহঁতে নিয়মীয়াকৈ পঢ়?
দুয়ো – হয় মামা৷
মামা – বাতৰি ওলাই থাকে, দিল্লী হেনো
প্ৰায় গেছ চেম্বাৰ হৈ পৰিছে৷
মাক – দিল্লীহে নে, দেশৰ কেবাখনো চহৰতে
প্ৰায় একেই অৱস্থা৷ গুৱাহাটীৰ অৱস্থা অৱশ্যে সিমান বেয়া নহয়৷
মামা – যি নহওক, বায়ু প্ৰদূষণে আমাৰ
ভয়ংকৰ ভৱিষ্যত ৰচনা কৰিছে৷ বাৰু কচোন দীপু আৰু ৰূপু, বায়ুমণ্ডলত কি গেছ বেছিকৈ বাঢ়ি
গৈ বিজ্ঞানী, সমাজবিজ্ঞানী সকলোকে চিন্তাত পেলাইছে?
ৰূপু – কাৰ্বন ডাই-অক্সাইড৷
মামা – এৰা, কাৰ্বন ডাই-অক্সাইড৷ পৃথিৱীৰ
বায়ুমণ্ডলত বায়ুৰ এক নিযুতভাগৰ ৩০০ ভাগহে এইবিধ গেছ থাকিব লাগে৷ তাতকৈ বেছি হ’লে বিপদ
হ’ব পাৰে৷
দীপু – সম্প্ৰতি কিমান আছে মামা?
মামা – এক নিযুত ভাগৰ ৪০০ ভাগ৷ হয়তো
তাতোকৈ বেছিহে৷
মাক – তাৰ মানে বিপদ অনিবাৰ্য৷
দীপু – কাৰ্বন ডাই-অক্সাইড বাঢ়ি যোৱা
বাবেইতো পৃথিৱীৰ সামগ্ৰিক উষ্ণতা বাঢ়ি গৈ আছে নহয়নে বাৰু?
মামা – সঁচা৷ আৰু সামগ্ৰিক উষ্ণতা
বঢ়া কাৰণে পৃথিৱীৰ জলবায়ুৰ পৰিৱৰ্তন ঘটিবৰ উপক্ৰম হৈছে৷ ইয়াৰ ফলত কি হৈছে – নহ’ব লগা
কালত প্ৰচুৰ বৰষুণ হৈছে, বানপানী হৈছে৷ একেদৰে অসময়ত অনাবৃষ্টিও হৈছে৷ নহ’ব লগা ঠাইত
মৰুভূমি হৈছে বা হ’বলৈ লৈছে৷
ৰূপু – জাৰৰ দিন, গৰমৰ দিনো আগৰ দৰে
নাই বুলি মানুহে কোৱা শুনো দেখোন?
মাক – ঠিকেই, আজিকালি কেতিয়াবা ফাগুন-চ’ততো
পুহৰ নিচিনা ঠাণ্ডা লাগিব পাৰে৷
ৰূপু – বিজ্ঞানীসকলে কিবা কৰিব নোৱাৰেনে?
দীপু – কাৰ্বন ডাই-অক্সাইডৰ পৰিমাণ
কমাবৰ ব্যৱস্থা কৰিব পাৰে৷
মামা – পাৰে৷ সেয়া কিন্তু মুখৰ কথা নহয়৷ সকলোৰে সহযোগ লাগিব৷ বিজ্ঞানীসকলে, আচলতে অকল বিজ্ঞানীসকলেই নহয়, তেওঁলোকৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ ৰাজনৈতিক নেতাসকলো মিলি বুজা-পৰাৰ মাজেদি এটা কাম কৰিবলৈ লৈছে: তেওঁলোকে বায়ুমণ্ডলত কাৰ্বন ডাই-অক্সাইড কমাই আনিবলৈ চুক্তি কৰিছে৷ আন্তৰ্জাতিক চুক্তি৷
মাক – কেনেকৈ কমাব পাৰিব?
মামা – বাৰু, দীপু কচোন – কাৰ্বন ডাই-অক্সাইড
গেছ বেছিকৈ ক’ৰপৰা ওলায়৷
দীপু – ঘাইকৈ বিভিন্ন কল-কাৰখানা আৰু
যান-বাহনৰ পৰা মামা৷
মামা – সঁচা৷ বেছি উন্নত দেশবোৰে এই গেছ বেছিকৈ
এৰে৷
ৰূপু – যেনে আমেৰিকা৷
দীপু – আৰু আছে – চীন, জাপান, ফ্ৰাঞ্চ ইত্যাদি৷
মামা – চুক্তিমতে কাম কৰিলে – মানে
সকলো দেশে উদ্যোগ, কাৰখানা, যান-বাহন আদিৰ পৰা কাৰ্বন ডাই-অক্সাইড কমকৈ এৰি দিলে সমস্যাটো
কিছু পৰিমাণে কমিব৷
দীপু – একেকোবেই কমাব নোৱাৰিব নেকি!
মামা – নোৱাৰে৷ পৰ্যায়ক্ৰমেহে কৰিব
লাগিব৷ তাৰ বাবে ২০ বছৰমান সময়ৰ দৰকাৰ হ’ব৷
মাক – তাৰ বাবে মানে?
মামা – পৃথিৱীৰ সামগ্ৰিক উষ্ণতা সামান্য
হ’লেও কমাবৰ বাবে৷
দীপু – আমিওতো কিবা অলপ কৰিব পাৰোঁ!
ৰূপু – গছ ৰুব পাৰোঁ৷ কিতাপত পঢ়িছোঁ
মামা, গছে খাদ্য তৈয়াৰ কৰোঁতে কাৰ্বন ডাই-অক্সাইড খৰচ কৰে৷ গতিকে গছ- গছনি বেছি থাকিলে
গেছটো বেছি পৰিমাণে খৰচ হ’ব৷
মামা – সুন্দৰ কথা কৈছ’ অ’৷ এনে প্ৰচেষ্টা
পৃথিৱীৰ বহু ঠাইত বিভিন্ন ধৰণে চলি আছে৷ আজি যে তহঁতে এটা প্ৰজেক্ট লৈছ, সিও আওপকীয়াকৈ
এইক্ষেত্ৰত সহায় কৰিব৷
ৰূপু – তাৰ মানে আমাৰ প্ৰজেক্টটোৰ
গুৰুত্ব আছে!
মামা – আছেতো!
(গাড়ীৰ হৰ্ন বাজে)
ৰূপু – এয়া, আমাৰ গাড়ী আহি গ’ল৷ ওলাওঁগৈ
ব’ল দাদা৷
দীপু – বলিয়া নহ’বিচোন৷ দেউতাই ব্ৰেকফাষ্ট
কৰি লওক৷ তাৰ পাছতহে৷ অ’ মামা, তুমিও আমাৰ লগত ওলাব লাগিব৷
মামা – হ’ব৷ যাম বাৰু৷ তাৰ আগতে –
দুয়ো – মা –
মাক – বুইছোঁ৷ কানীয়াটোক চাহ লাগে৷
দেউতাৰৰ লগতে একেলগে দিছোঁ ৰহ৷
(আকাশবাণী, গুৱাহাটীৰ পৰা সম্প্ৰচাৰিত
ৰূপকৰ (মোৰ) কিছু পৰিশোধিত ৰূপ)