প্রাঞ্জল বেজবৰা
আমি সকলোৱে জীৱনত সুখী হ’বলৈ বিচাৰোঁ। সকলোৱে সুখ কামনা কৰে । কিন্তু প্রায়বোৰ মানুহেই সুখী নহয়। সাধাৰণতে সফলতাই মানুহক সুখৰ সোৱাদ দিয়ে। জীৱনৰ বিভিন্ন ক্ষেত্ৰত লক্ষ্য সাধনৰ জৰিয়তে সফলতা লাভ কৰা যায়। বাঞ্ছিত সফলতাই মানুহক সুখী কৰে। কিন্তু প্ৰায় ক্ষেত্ৰতে মানুহে লক্ষ্য সাধনৰ বাবে কৰা কাৰ্য পৰিকল্পনা জটিলকৈ কৰে। পৰিকল্পনা সৰল আৰু স্পষ্ট হোৱা আৰু কাৰ্য পৰিকল্পনা ৰূপায়ণৰ বাবে সংকল্পৱদ্ধতা অনিবাৰ্য প্ৰয়োজনীয়তা।
এই লেখকে প্ৰায় চাৰি দশক আগতে শিক্ষকতা বৃত্তি আৰম্ভ কৰাৰ প্রথম সপ্তাহৰ কোনো এটা দিনত শ্ৰেণী কোঠালৈ যাবলৈ ওলাওঁতে এগৰাকী জ্যেষ্ঠ সহকৰ্মীয়ে কৈছিল, “ডেকাল'ৰা, ছাত্ৰ-ছাত্ৰীসকলক সকলো কথা সৰল আৰু স্পষ্টকৈ শিকাবা। তুমি শ্ৰেণীত কোৱা কথা সদায় কোনো খোকোজা নোহোৱাকৈ স্পষ্ট হোৱা উচিত। শিক্ষকৰ কথা স্পষ্ট ন’হলে ছাত্ৰ-ছাত্ৰীসকল বিবুদ্ধিত পৰে আৰু তেনে অৱস্থাত তেওঁলোকে কোনো শুদ্ধ সিদ্ধান্ত ল’ব নোৱাৰে।”
আমি লাভ কৰা এই পৰামৰ্শ জীৱনৰ সকলো কৰ্মক্ষেত্ৰতে প্ৰযোজ্য। উদাহৰণ স্বৰূপে, আজিকালি মাৰাথন দৌৰৰ প্ৰশিক্ষণ তথা অনুশীলনত ক্ৰীড়া-মনস্তত্ত্ব বিশেষজ্ঞৰ পৰামৰ্শ, কম্পিউটাৰ প্ৰযুক্তিযুক্ত প্ৰশিক্ষণ সজুলি আৰু দৌৰবিদৰ উপযোগী অত্যাধুনিক জোতা ব্যৱহাৰ কৰা হয়। বোধকৰোঁ দৌৰ প্ৰতিযোগিতাত জয়ী হ’বলৈ এই সকলোবোৰৰ প্ৰয়োজন আছে। এইবোৰ বস্তুৱে নিশ্চভভাৱে দৌৰবিদসকলক সহায় কৰে। কিন্তু জাপানৰ দৌৰবিদ ‘টছিহিকো চেকো’ক এইবিলাকৰ প্রয়োজন হোৱা নাছিল।
১৯৮১ আৰু ১৯৮৭ চনত আমেৰিকাৰ বষ্টনত অনুষ্ঠিত হোৱা মাৰাথন দৌৰ প্ৰতিযোগিতাত চেকোৱে প্ৰথম স্থান লাভ কৰিছিল। তেওঁৰ প্ৰশিক্ষণৰ আঁচনি একেবাৰে সৰল আছিল। চেকোৰ নিজৰ ভাষাত, “মই ৰাতিপুৱা ১০ কিলোমিটাৰ আৰু গধুলি ২০ কিলোমিটাৰকৈ দৌৰোঁ।” দেখাত পৰিকল্পনাটো একেবাৰেই সৰল। কিন্তু এই পৰিকল্পনাৰ সহায়তে চেকোৱে পৃথিৱীৰ দ্ৰুততম তথা মহান দৌৰবিদসকলক পৰাজিত কৰিবলৈ সক্ষম হৈছিল। যেতিয়া মানুহে চেকোক কৈছিল যে তেওঁৰ পৰিকল্পনা আন মাৰাথনবিদসকলৰ তুলনাত তেনেই সৰল আছিল, ইয়াৰ উত্তৰত চেকোৱে কৈছিল, “পৰিকল্পনাটো নিশ্চয় সৰল, কিন্তু মই পুৱা ১০ কিলোমিটাৰ আৰু গধুলি ২০ কিলোমিটাৰ দৈনিক দৌৰোঁ আৰু বছৰৰ ৩৬৫ দিনেই কোনো ব্যতিক্ৰম নোহোৱাকৈ অনুশীলন চলি থাকে।” এইটো কিন্তু ইমান সহজ নহয়।
আমাৰ দৃঢ় বিশ্বাস
যে বহুতো মানুহে লক্ষ্য সাধনত ব্যৰ্থ হয়, তেওঁলোকৰ পৰিকল্পনা বা আঁচনি অতি সৰল কিম্বা
অতি জটিল হোৱাৰ বাবে নহয়। তেওঁলোক ব্যৰ্থ হয়, তেওঁলোকৰ পৰিকল্পনা আখৰে আখৰে ৰূপায়ণ
কৰিবলৈ সংকল্পৱদ্ধ নোহোৱাৰ কাৰণেহে। আমাৰ প্ৰায়বোৰ লক্ষ্যৰ বাবে বিস্তৃত পৰিকল্পনাৰ
আৱশ্যক নহয়, কিন্তু সকলো লক্ষ্য সাধনৰ বাবেই পৰিকল্পনা নিশ্চিতভাৱে অনুসৰণ কৰিব লাগিব।
চেকোৱে তেওঁৰ পৰিকল্পনা প্ৰতিদিনেই অনুসৰণ কৰিছিল কাৰণেই সফল হ’ব পাৰিছিল। আমি জীৱনত
যিকোনো লক্ষ্য সাধনৰ বাবে সৰল পৰিকল্পনা প্ৰস্তুত কৰি তাক সংকল্পৱদ্ধ হৈ যত্নসহকাৰে
ৰূপায়ণ কৰি সফলতা অৰ্জন কৰিব পাৰোঁ।