ড০ প্রাঞ্জল বেজবৰা
আমি বিভিন্ন সময়ত আমাৰ ব্যৰ্থতা ঢাকিবলৈ অজুহাতৰ আশ্ৰয় লওঁ৷ না না অজুহাত দেখুৱাই আমি আমাৰ বিফলতাৰ যুক্তিযুক্ততা প্ৰমাণ কৰিবলৈ যাওঁ৷ অজুহাত সফলতাৰ অন্তৰায়৷ বিজ্ঞলোকে কয় যে ৯৯ শতাংশ বিফল ব্যক্তিৰে অজুহাত দেখুউৱাৰ অভ্যাস৷ যিসকল ব্যক্তিয়ে জীৱনত কোনো সফলতা অৰ্জন কৰিব পৰা নাই, তেওঁলোকে প্রতিটো বিফলতাৰ বাবেই একোটা অজুহাতৰ আশ্ৰয় লয়৷ বিফল ব্যক্তিৰ ওচৰত অসংখ্য অজুহাত থাকে, কিন্তু চাৰিবিধ প্ৰধান অজুহাত সাধাৰণতে প্ৰায়বোৰ সফল নোহোৱা ব্যক্তিয়ে ব্যৱহাৰ কৰে - ভাগ্যৰ অজুহাত, স্বাস্থ্যৰ অজুহাত, বয়সৰ অজুহাত আৰু বুদ্ধিমত্তাৰ অজুহাত৷
বহু লোকে তেওঁলোকৰ যিকোনো সমস্যাৰ বাবে নিজৰ ভাগ্যকে জগৰীয়া কৰে৷ কিবা সমস্যা হ’লে নিজৰ ভাগ্য বেয়া বুলি কয়৷ কোনো সফলতা অৰ্জন কৰিবলৈ অপাৰগ হ’লে নিজৰ ভাগ্য বেয়া বুলি কয়৷ সেইদৰে আনৰ সুখ-সমৃদ্ধি বা সফলতা প্ৰাপ্তিৰ ক্ষেত্ৰত আনজনৰ ‘ভাগ্য ভাল’ বাবে তেনে সমৃদ্ধি বা সফলতা লাভ কৰা বুলি কয়৷ কিন্তু যুগ যুগ ধৰি জ্ঞানীসকলে কয় যে সকলো কথাৰে একোটা কাৰণ থাকে৷ কোনো ঘটনাই কাৰণ নোহোৱাকৈ সংঘটিত নহয়৷ প্ৰকৃতিৰ প্ৰতিটো ঘটনাৰ আঁৰতো একোটা নিৰ্দিষ্ট কাৰণ থাকে৷ কোনো এটা দিনৰ বতৰটো কিয় ডাৱৰীয়া বা ফৰকাল হৈছে সেয়াও বিশেষ কাৰণৰহে পৰিণাম৷ গতিকে মানৱ জীৱনত ঘটা ঘটনাবোৰো ইয়াৰ ব্যতিক্ৰম নহয়৷ আমাৰ জীৱনত সংঘটিত হোৱা ঘটনাবোৰো কিছুমান কাৰণৰে ফল৷
আমি জীৱনত সুখী হ’বলৈ
হ’লে কাৰ্য আৰু কাৰণৰ নীতি মানি চলিব লাগিব৷ আনৰ জীৱনত ঘটা সমৃদ্ধি বা সফলতাক তেওঁৰ
“ভাগ্য ভাল” বুলি কোৱাৰ পৰিৱর্তে অলপ সূক্ষ্মভাৱে লক্ষ্য কৰিলে দেখা যাব যে তেওঁ সফলতা
অৰ্জন কৰাৰ আঁৰত ক্ৰিয়াশীল হৈ আছিল সফলতাৰ কাৰণে তেওঁ কৰা সুচিন্তিত পৰিকল্পনা, কঠোৰ পৰিশ্ৰম তথা অধ্যৱসায়৷ সেইদৰে কৰোবাৰ
বিফলতা তথা দুখ-দুৰ্দশাৰ আঁৰত থকা বিশেষ কাৰণো চকুত পৰিব৷
আমি কেতিয়াও আকাশত চাং পতা উচিত নহয়৷ আমি বিনাকষ্টে সফলতা লাভ কৰাৰ সপোন দেখি আমাৰ মানসিক শক্তি অপচয় কৰা অনুচিত৷ আমি কেৱল ভাগ্যৰ বলত সফলতা লাভ কৰিব নোৱাৰোঁ৷ জীৱনত বিজয়ী হ’বলৈ কিম্বা সুখ-সমৃদ্ধি আহৰণ কৰিবলৈ ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে৷ ইয়াৰ পৰিৱৰ্তে বিজয়ী হ’বৰ কাৰণে প্ৰয়োজন হোৱা গুণৰাজি আহৰণ কৰিবলৈহে আমি যত্ন কৰিব লাগে৷
***